Home Main Stories বিধায়ক বলীন চেতিয়াৰ পিতৃ সোমেশ্বৰ চেতিয়াৰ মৃত্যু

বিধায়ক বলীন চেতিয়াৰ পিতৃ সোমেশ্বৰ চেতিয়াৰ মৃত্যু

36
0

গণ বাৰ্তা, ডুমডুমা, ২১ মে: মাকুমৰ নিবাসী, সৰবৰহী ব্যক্তি তথা শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ পিতৃ সোমেশ্বৰ চেতিয়াই ৮৬বছৰত  মৃত্যুক সাৱটি লয়। মাকুমৰ চীনাপট্টিৰ সৰু পুত্ৰ সমৰজিৎ চেতিয়াৰ ঘৰত আজি তেওঁ মৃত্যুক সাৱটি লয়। তেঁওৰ জ্যেষ্ঠ পুত্ৰ প্ৰণৱ চেতিয়া মাকুম পৌৰসভাৰ প্ৰাক্তন পৌৰপতি আছিল। অমায়িক, ধৰ্মপ্ৰাণ ব্যক্তি সোমেশ্বৰ চেতিয়াৰ বিয়োগত সদৌ মৰাণ ছাত্ৰ সন্হা, মাকুম সাহিত্য সভা, সূৰ্যোদয়, তিনিচুকীয়া জিলা সাহিত্য সভা, মাকুম প্ৰেছ ক্লাৱ, মৰাণ সাহিত্য সভা, অসম মৰাণ সভা, তিনিচুকীয়া প্ৰেছ ক্লাব আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে, দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে । প্ৰয়াত চেতিয়া হাপজান স্বাস্থ্য কেন্দ্ৰৰ মেলেৰীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল । চেতিয়া বিগত দীর্ঘদিন ধৰি কিডনী ৰোগত চিকিৎসাধীন হৈ আছিল।  আনহাতে  মৃত্যুৰ সময়ত কোভিড টেষ্টত  কোভিড পজিটিভ হয়। পৰিপ্ৰেক্ষিতত বিধায়ক বলীন চেতিয়াৰ পিতৃৰ মৃতদেহ কাইলৈ কভিড প্ৰ’টকল অনুযায়ী হে শেষ কৃত্য সম্পন্ন হব বুলি জানিব পৰা গৈছে । ইপিনে, বিধায়ক বলীন চেতিয়াই শপত গ্ৰহন কৰিয়েই আজি বিধান সভাৰ মজিয়াৰ পৰা মাকুমৰ গৃহলৈ ৰাওনা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here