Home অসম ইংৰাজী ভাষা প্ৰৱৰ্তনৰ সলনি শৈক্ষিক মান উন্নত কৰকঃ ৰিপুণ বৰা

ইংৰাজী ভাষা প্ৰৱৰ্তনৰ সলনি শৈক্ষিক মান উন্নত কৰকঃ ৰিপুণ বৰা

207
0

গুৱহাটী, ০৭ নৱেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত অসমৰ বিদ্যালয় আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ গুণ গাই থাকে যদিও বাস্তৱত ইয়াৰ এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদনত ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ নগ্ন স্বৰূপ ওলাই পৰিছে৷ ৰাষ্ট্ৰীয় প্ৰতিবেদনত ৰাজ্য শিক্ষাখণ্ডৰ পয়ালগা ছবি প্ৰকাশ পোৱা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে- অসমৰ বিজেপি চৰকাৰে ৰাজহুৱা শিক্ষাখণ্ডক উন্নত কৰাৰ বিপৰীতে অন্য দিশতহে মনোনিৱেশ কৰি আছে৷ এক প্ৰেছ বিজ্ঞপ্তিত ৰিপুণ বৰাই কয় যে- চৰকাৰে শৈক্ষিক মান উন্নত কৰাৰ সলনি মাতৃভাষাক একাষৰীয়া কৰি দশম শ্ৰেণীলৈ দুটা বিষয় ইংৰাজী মাধ্যমত বাধ্যতামুলক কৰা কাৰ্যতেহ ব্ৰতী হৈ আছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা শিক্ষাৰ মান সূচাংকত অসমৰ শিক্ষানুষ্ঠানক চতুৰ্থ তথা অন্তিম স্থানত ৰাখিছে৷ আনহাতে UDSE+য়ে চলোৱা সমীক্ষা অনুসৰি চলিত বৰ্ষত ৰাজ্যত ৰ,২৯,৫৪৩ টি শিশুৱে বিদ্যালয় এৰিছে৷ বৃহৎসংখ্যকে এনেদৰে বিদ্যালয় এৰি দিয়াটো শিক্ষা বিভাগৰ বাবে লজ্জাজনক৷ চৰকাৰে ৰাজহুৱা শিক্ষাখণ্ডক ৰক্ষা কৰাৰ বিপৰীতে মৃত্যুৰ মুখলৈ ঠেলি দিছে আৰু বৃহৎ ব্যৱসায়ীয়ে চলোৱা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানক ৰঙা দলিচা পাৰি দিছে৷ চৰকাৰে বিদ্যলয়ৰ আন্তঃগাঁঠনি উন্নত কৰা, শিক্ষণ প্ৰণালী আধুনিকীকৰণ কৰা, শিক্ষকক উচিত প্ৰশিক্ষণ দিয়া আদিত গুৰুত্ব দিব লাগে৷ চৰকাৰে ইয়াক নকৰি অকল গুণ উৎসৱ পাতিয়ে দায়িত্ব সমৰিছে৷ উল্লেখ্য যে- ইউদাইচৰ শেহতীয়া সমীক্ষাত অসমে ড্ৰপ আউটৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে৷ প্ৰাথমিক শিক্ষাত ড্ৰপ-আউটৰ ৰাষ্ট্ৰীয় হাৰ ০.৭৫% হোৱাৰ বিপৰীতে অসমৰ হাৰ ৩.৩০% , মাধ্যমিক পৰ্যায়ত ৰাষ্ট্ৰীয় হাৰ ১৭.৬% হোৱাৰ বিপৰীতে অসমত এই হাৰ ৩১ শতাংশ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here