গণবাৰ্তা বিশেষ শিৱসাগৰ ৫ জানুৱাৰী: চৰকাৰী চাকৰিয়াললৈ ৰাজ্য চৰকাৰৰ বিশেষ ছুটি। পৰিয়ালক সময় দিবৰ বাবে চাৰিদিনৰ বিশেষ ছুটি মঞ্জুৰ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পিছতেই চৰকাৰী চাকৰিয়াল সকলৰ পৰিয়ালৰ মাজত আনন্দৰ লহৰ। ৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ চাৰিদিনৰ বিশেষ ছুটি পাব ঘৰৰ পৰা আঁতৰত থকা চৰকাৰী চাকৰিয়ালে। উল্লেখ্য যে, বৰ্তমান বিশ্বায়নৰ যুগত দিনক দিনে বৃদ্ধি পাব ধৰা কৰ্মব্যস্ততাৰ বাবে বহু চৰকাৰী কৰ্মচাৰীয়ে পৰিয়ালৰ সান্নিধ্যৰ পৰা বহুদিন ধৰি আতৰি থাকিব লগা হোৱাৰ উপৰিও বিভিন্ন ধৰ্মীয় আৰু জাতীয় উৎসৱ আদিতো পৰিয়ালক সময় দিব নোৱাৰাত কৰ্মচাৰী গৰাকীৰ লগতে পৰিয়ালৰ বাবেও এক মানসিক দণ্ড হিচাপে পৰিগণিত হৈছিল। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই প্ৰতিটো পৰিয়ালত যেন এটিয়া আনন্দৰ লহৰ। এনে এক শিৱসাগৰৰ পৰিয়াল! সন্তান চৰকাৰী চাকৰিয়াল থাকে ধেমাজিত। মাতৃৰ মৰমৰ সন্তানটোৰ মুখ চাবলৈ অপেক্ষা কৰিব লাগে বহু দিন! পত্নীৰো একেই অপেক্ষা স্বামীৰ আগমনলৈ ।এটিয়া আৰু অপেক্ষা কৰিব নালাগে পুত্ৰ আহিব মাতৃৰ ওচৰলৈ ! স্বামী আহিব পত্নীৰ কাষলৈ চাৰিদিনৰ বাবে। এই সমস্যাৰ পৰা মুক্তি দি পৰিয়ালটোৰ লগতে কৰ্মচাৰী গৰাকীৰ মানসিক শক্তি বৃদ্ধি কৰি তেওঁক সতেজ কৰি তোলাৰ প্ৰয়াসেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ তৎপৰতাত লোৱা এই সিদ্ধান্তক কৰ্মচাৰী সকলৰ পৰিয়ালবৰ্গই আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ।
Home Main Stories পৰিয়ালক সময় দিবৰ বাবে চৰকাৰী চাকৰিয়ালৈ বিশেষ ছুটি : মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত আনন্দৰ...