Home নগাঁও নগাঁও আৰক্ষীৰ জালত বিশেষ কাৰাগাৰৰ ফাৰ্মাচিষ্ট

নগাঁও আৰক্ষীৰ জালত বিশেষ কাৰাগাৰৰ ফাৰ্মাচিষ্ট

84
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৮ ছেপ্টেম্বৰ ঃ
অসম আৰক্ষীয়ে দালালৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ ইতিমধ্যে আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মাটি-বাৰী ক্ৰয়-বিক্ৰয় কাৰ্যত জড়িত থকাৰ অভিযোগত কে’বাশতাধিক দালালক গ্ৰেপ্তাৰ কৰিছে৷ ইয়াৰ মাজতে আজি নগাঁৱত এগৰাকী দালালৰূপী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে, নগাঁও জিলাৰ বিশেষ কাৰাগাৰত কৰ্মৰত দালালৰূপী এইগৰাকী কৰ্মচাৰী হ’ল ফাৰ্মাচিষ্ট৷ মনাই দেউৰী নামৰ ফাৰ্মাচিষ্টজন বিশেষ কাৰাগাৰত বিগত প্ৰায় সাত বছৰ ধৰি কৰ্মৰত৷ তেওঁ দীৰ্ঘদিন ধৰি বিশেষ কাৰাগাৰৰ কয়দীক চিকিৎসাৰ নামত বিশেষ সুবিধা প্ৰদান কৰি ধন বিচাৰি দালালী কাৰ্যত লিপ্ত হৈ আছিল৷ বিশেষকৈ নগাঁও বিশেষ কাৰাগাৰৰ কয়দী আৰু হাজোতীসকলক জামিন পোৱাত অসুস্থতাৰ দোহাই দি জে’লৰ পৰা হাস্পতাললৈ প্ৰেৰণৰ সুবিধা কৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা উৎকোচ সংগ্ৰহ কৰি আহিছিল৷ ধন দাবী কৰা এটা ফোন ৰেকৰ্ডিঙৰ ওপৰত তদন্ত কৰি নগাঁও আৰক্ষীযে আজি এই ফাৰ্মাচিষ্টজনক গ্ৰেপ্তাৰ কৰে৷ প্ৰায় সাত বছৰ ধৰি কাৰাগাৰখনত কৰ্মৰত ফাৰ্মাচিষ্টগৰাকীয়ে দালালী কৰাৰ অভিযোগ উত্থাপন হৈ আহিল দীৰ্ঘদিন ধৰি৷ ধৃত মনাই দেউৰীৰ ঘৰ মাজুলীত বুলি জানিব পৰা গৈছে৷ আজি সন্ধ্যা এক সংবাদমেলযোগে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ধৃত ফাৰ্মাচিষ্টজনৰ সন্দৰ্ভত কয় যে মনাই দেউৰীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰমাণ-পত্ৰ দিয়াৰ নামত উৎকোচ সংগ্ৰহ কৰি অহাৰ খবৰ আৰক্ষীয়ে লাভ কৰি অতি কৌশলেৰে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ তেওঁৰ সৈতে বহুকেইজন চৰকাৰী কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ সেয়ে ধৃত ফাৰ্মাচিষ্টজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here