Home Main Stories কাজিৰঙাত শিক্ষা মন্ত্ৰীৰ প্ৰতিক্ৰিয়া : পৰিস্থিতি উন্নত হলেই মেট্ৰিক, বিশেষ টেট অনুষ্ঠিত...

কাজিৰঙাত শিক্ষা মন্ত্ৰীৰ প্ৰতিক্ৰিয়া : পৰিস্থিতি উন্নত হলেই মেট্ৰিক, বিশেষ টেট অনুষ্ঠিত হব

92
0

গণ বাৰ্তা, বোকাখাত ,৩১ মে’ : ক’ভিড পৰিস্থিতি শাম কাটিলেই অনুষ্ঠিত হব হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষা। পৰীক্ষাত পাঠ্যক্ৰম সালসলনি হোৱাৰ সম্ভাৱনা কম বুলি আজি কাজিৰঙাত এইদৰে উল্লেখ কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে। ৰাজ্যখনৰ শিক্ষা বিভাগ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সষ্টম হৈ আছে । পৰীক্ষা জুলাই বা আগষ্ট মাহত অনুষ্ঠিত হ’বই । কেৱল স্বাস্থ্য বিভাগৰ অনুমতিৰ বাবে অপেক্ষা কৰি থকা হৈছে বুলি ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সোমবাৰে কাজিৰঙাত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইফালে ৰাজ্যত টেট উত্তীৰ্ণ শিক্ষক সকলৰ বাবে অতি শীঘ্ৰে আহি আছে ভাল খৱৰ l শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

জানিব দিয়া মতে ৰাজ্যখনৰ বিজেপি চৰকাৰে টেট উত্তীৰ্ণ শিক্ষকসকলৰ বাবে অতি সোনকালে ভাল খবৰ প্ৰকাশ কৰিব ।

টেট উত্তীৰ্ণ যোগ্য শিক্ষক সকলে অতি শীঘ্ৰে নিযুক্তি পোৱাৰ কথা প্ৰকাশ কৰে । মন্ত্ৰী গৰাকীয়ে কয় যে, ইতিমধ্যে নিযুক্তিৰ আনুসংগিক কাম কাজ আৰম্ভ হৈছে। অন্যহাতে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ সকলো প্ৰস্তুতি হৈ আছে । ক’ভিডৰ পৰিস্থিতি যিদিনাই ভাল হব তেতিয়াই বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিব । বিজেপি চৰকাৰে ঘোষণা কৰা এক লাখ নিবনুৱাক নিযুক্তি প্ৰক্ৰিয়াত অধিকাংশই শিক্ষা বিভাগত হব বুলি মন্তব্য কৰে মন্ত্ৰীগিৰাকীয়ে। এই সম্পৰ্কে ইতিমধ্যে কেবিনেট উপ সমিতি গঠন কৰা হৈছে । এই সমিতিয়ে সকলো বিভাগৰ পৰা কিমান খালী পদ আছে আৰু কিমান প্ৰয়োজনীয় নতুন পদ সৃষ্টি কৰিব পাৰি তাৰ তালিকা প্ৰস্তুত কৰি আছে । কি মাধ্যম বা প্ৰক্ৰিয়াৰে নতুন নিযুক্তি দিয়া হব এইটোও কেবিনেট উপ সমিতিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰা হব বুলিও শিক্ষা মন্ত্ৰীয়ে জানিব দিয়ে । উল্লেখ্য ছাত্ৰ – ছাত্ৰীৰ পাঠ দানত যাতে কোনো বাধাৰ সৃষ্টি তাৰ প্ৰতি লক্ষ ৰাখি এইবাৰ গৰমৰ বন্ধ আগুৱাই দিয়া হৈছে । গৰমৰ বন্ধৰ পিছত ক’ভিড পৰিস্থিতি উন্নত নহলে শিক্ষকে ছাত্ৰ-ছাত্ৰীক ১৫ দিনৰ মুৰে মুৰে ঘৰৰ কাম দিব । ছাত্ৰ – ছাত্ৰীক ঘৰতে কৰিবলগীয়া কৰা কামখিনি পুনৰ ওভতাই আনি পৰ্যালোচনা কৰিব । ছাত্ৰ ছাত্ৰীয়ে যাতে ঘৰতে থাকি শিক্ষা মন্ত্ৰী কৰিব পাৰে তাৰ পদক্ষেপ চৰকাৰে লব ।

বৰ্তমান চৰ্চিত হৈ থকা অনলাইন শিক্ষা ব্যৱস্থা সম্পৰ্কে শিক্ষা মন্ত্ৰীয়ে মন্তব্য কৰি কয় -এক অতিৰিক্ত শিক্ষা । ছাত্ৰ ছাত্ৰীৰ সৈতে শিক্ষকে পাঠ দানৰ জৰিয়তে যোগাযোগ ৰক্ষা কৰি থকা এক ব্যৱস্থাহে । ই কেতিয়াও শ্ৰেণীকোঠাত দিয়া শিক্ষাৰ দৰে হব নোৱাৰে । নতুন চৰকাৰে শিক্ষা ব্যৱস্থা তথা পাঠদান প্ৰক্ৰিয়াক আধুনিকীকৰণ অৰ্থাৎ ডিজিটাইজেশ্যন কৰিব । মন্ত্ৰীজনে এইটোও স্পষ্ট কৰি দিয়ে যে শ্ৰেণীকোঠা বিলুপ্ত হৈ যাব । শ্ৰেণীকোঠাৰ শিক্ষা পূৰ্বৰ দৰেই অব্যাহত থাকিব কেৱল শিক্ষা দানৰ পদ্ধতিক উন্নতি কৰা হব । ইফালে চৰকাৰৰ সপ্তধাৰা আচঁনিৰ অধীনত সংগীত, কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে । এই শ্ৰেণীসমূহ বৃত্তিগত শিক্ষকক আমন্ত্ৰণ কৰি দৈনিক মজুৰি দি পাঠদান কৰোৱা হব । উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পৰামৰ্শ মতে ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে আজি নৱস্বীকৃত কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত উপস্থিত হৈ বৰ্তমান মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বুজ লয় । প্ৰতিষ্ঠা কালৰ পৰা মহাবিদ্যালয়খনৰ সৈতে জড়িত থকা ডম্বৰুধৰ গগৈ, দেৱপ্ৰদীপ বৰা , অনিমেষ শইকীয়া, বিপন গগৈ, অভিভাৱক মঞ্চৰ মুখ্য আহ্বায়ক স্বপন নাথ আদিৰ উপস্থিতি সহকাৰী অধ্যাপক ৰেবত মহন্তই আত ধৰা অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ হৰি প্ৰসন্ন ডেকা বৰুৱাই বৰ্তমান মহাবিদ্যালয়খনৰ প্ৰধান সমস্যা পৰ্যাপ্ত মাটি, আন্তঃগাঁথনি আদি সম্পৰ্কে অবগত কৰোৱাৰ লগতে প্ৰস্তুত কৰা ভবিষ্যত পৰিকল্পনাৰ প্ৰাককলন মন্ত্ৰীক প্ৰদান কৰে । মুখ্যমন্ত্ৰীক কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ পিছত এক প্ৰতিবেদন দাখিল কৰাৰ লগতে সকলো ধৰণৰ সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে । উল্লেখ্য বোকাখতৰ সন্তান তথা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কালি কাজিৰঙাৰ কহঁৰাত অৱস্থিত গ্ৰামোন্নয়ণ বিভাগৰ অতিথি গৃহত ৰাত্ৰি যাপন কৰি আজি কহঁৰাত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ভাগ লয় । বোকাখত মহকুমাৰ বহু সংখ্যক অনুষ্ঠান – প্ৰতিষ্ঠানৰ উপৰিও প্ৰায় শতাধিক লোকে আদৰণি আৰু সম্বৰ্দ্ধনা জনোৱাত শিক্ষা মন্ত্ৰীজন আবেগিক হৈ পৰা পৰিলক্ষিত হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here