Home গুৱাহাটী ৰাজপথত আন্দোলন কৰা সকল সাৱধান : উত্তৰ গুৱাহাটীত ,আন্দোলন কাৰিকৰীক বাধা দিয়াৰ...

ৰাজপথত আন্দোলন কৰা সকল সাৱধান : উত্তৰ গুৱাহাটীত ,আন্দোলন কাৰিকৰীক বাধা দিয়াৰ কাৰণে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ বিশেষ প্ৰশিক্ষণ

135
0

গণ বাৰ্তা, চাংসাৰি, ২৫ ফেব্ৰুৱাৰী:- ৰাজপথত আন্দোলন কৰা সকল সাবধান হবৰ হল। ৰাজ পথত আন্দোলন কৰা সকলক সৰ্বতো প্ৰকাৰে নাকি লগোৱাৰ বাবে ৰাজ্যৰ গৃহ বিভাগ সাজু হৈছে। ৰাজপথত প্ৰতিবাদী আন্দোলনকাৰীৰ বিৰুদ্ধে আইন প্ৰনয়ণৰ পিছত কেবল আৰক্ষীয়েই নহয়, অৰ্ধসামৰিক বাহিনীকো দিয়া হৈছে বিশেষ প্ৰশিক্ষণ। উত্তৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ১৭৫ বেটালিয়ন কেম্পত এই উদ্দেশ্যে বেটালিয়ন সকলক এঘাৰ দিনীয়াকৈ দিয়া হয় এক বিশেষ প্ৰশিক্ষণ । ১২৫ বেটালিয়নৰ ৫০ গৰাকী বেটালিয়নক ১২০ বেটালিয়ন টিমে প্ৰশিক্ষণেৰে আন্দোলনকাৰীক শান্তভাবে নিয়ন্ত্ৰণ কৰাৰ কৌশল শিকাই ৰাজ্যৰ গৃহ বিভাগে। প্ৰতিবাদকাৰী সকলক যিকোনো উপায়ে ছত্ৰভংগ দিবলৈ আৰু প্ৰতিবাদকাৰীৰ কোনো ক্ষতি নোহোৱাকৈ নিয়ন্ত্ৰণৰ বাবে , RIOT CONTROL REFRESHER TRAINING শীৰ্ষক  এই প্ৰশিক্ষণ দিয়া হয় প্ৰায় পঞ্চাশজন ১২৫ বেটালিয়নক। এই প্ৰশিক্ষণৰ বাবে মেঘালয়ৰ টুৰাত নিয়োজিত ১২০ বিশেষ বেটাৰিয়ন টিমে প্ৰশিক্ষণ দিয়ে । কালি প্ৰশিক্ষণৰ  সামৰণি অনুষ্ঠানত কেম্পৰ চৌহদত চুড়ান্ত ড্ৰীলৰ প্ৰদৰ্শন হয় । পিছত, বেটালিয়ন সকলক উদ্দেশ্যি D I G অনিল কুমাৰে পৰামৰ্শমুলক ভাষণ দিয়ে। বেটালিয়ন সকলৰ সুখ দুখৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে সেৱাৰ মনোবৃত্তিৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনালে আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে। আদৰণি অনুষ্ঠানত কমাণ্ডাৰ সৌৰভ শৰ্মাই ভাষণত কয় যে, এতিয়া আইন কানুনৰ সমস্যা জটিল হৈ পৰিছে আৰু এই সমস্যা শান্তিপূৰ্ণভাবে সমাধানৰ বাবে চেষ্টা কৰিব লাগিব। আমি প্ৰতিজনেই দায়িত্বশীল হৈ দেশৰ জনতাৰ শান্তি বিঘ্নিত নোহোৱাকৈ কাম কৰিব লাগিব ।উল্লেখ্য যে, প্ৰশিক্ষিত বেটালিয়ন সকলক কামৰূপ জিলাত প্ৰয়োজন অনুযায়ী ভিন্ন স্থানত  নিযুক্ত কৰা হব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here