

দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মায়ো ল’লে এক ডাঙৰ সিদ্ধান্ত
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানত স্কুল-কলেজ বন্ধ. IPL মেচ স্থগিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি বাতিল কৰিছে।শনিবাৰৰ ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি বাতিল। ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিত নাথাকে কোনো অনুষ্ঠান ।ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে দেশজুৰি প্ৰায় প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱ পৰিছে।
সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানত স্কুল, কলেজ, বিশ্ববিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যকেইখনত বাতিল কৰা হৈছে বিষয়া-কৰ্মচাৰীৰ ছুটীও।দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ইতিমধ্যে স্থগিত ৰখা হৈছে IPLৰ বাকী থকা মেচসমূহ।