
ভাৰতীয় ক্ৰিকেট দলৰ তিনিগৰাকী সহকাৰী প্ৰশিক্ষকক গৌতম গম্ভীৰৰ অধীনত দলৰ ভিতৰুৱা তথ্য ফাদিল হোৱাৰ অভিযোগত বৰ্খাস্ত কৰা হৈছে.।
IPLৰ উন্মাদনাত বিলীন ক্ৰিকেট বিশ্ব। কিন্তু ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেট দললৈ আহিছে ডাঙৰ খবৰ। টীম ইণ্ডিয়াৰ একে সময়তে ব্ৰিটিছ দলৰ তিনিগৰাকী সহকাৰী প্ৰশিক্ষকক দায়িত্বৰ পৰা বৰ্খাস্ত কৰা হৈছে। সূত্ৰ অনুসৰি অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত ভাৰতীয় ড্ৰেছিং ৰুমৰ পৰা তথ্য ফাদিল হোৱাৰ অভিযোগত এই সিদ্ধান্ত লোৱা হৈছে।উল্লেখ্য যে ভাৰতীয় দলৰ প্ৰশিক্ষক হোৱাৰ পিছৰে পৰা গৌতম গম্ভীয়ে সহায়ক নিৰ্বাচনৰ ক্ষেত্ৰত নিজৰ পছন্দৰ খেলুৱৈক গুৰুত্ব দি আহিছে। সেই সময়ত ব’ৰ্ডে গম্ভীৰৰ দাবী মানি লৈছিল। অৱশ্যে চেম্পিয়নছ ট্ৰফীৰ বাহিৰে গম্ভীৰ এতিয়াও কোনো ডাঙৰ সফলতা লাভ কৰা নাই।গৌতম গম্ভীৰ নেতৃত্বত ৰেডবল ক্ৰিকেটত ভাৰতীয় দলৰ প্ৰদৰ্শন অতি পুতৌজনক। ভাৰতীয় দলৰ ড্ৰেছিং ৰূমৰ ভিতৰুৱা তথ্য ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ গম্ভীৰৰ সহায়কসকলৰ বিৰুদ্ধে।ভাৰতীয় দলৰ সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰৰ চুক্তি কৰ্তন কৰা হৈছে। ভাৰতীয় জাতীয় দলৰ সহকাৰী প্ৰশিক্ষকৰূপে মাত্ৰ ৮ মাহ পূৰ্বে যোগদান কৰিছিল অভিষেক নায়াৰে।কেৱল অভিষেক নায়াৰে নহয়, ভাৰতীয় দলৰ ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু প্ৰশিক্ষক সোহাম দেশাইকো দলৰ পৰা বাহিৰ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ব’ৰ্ডে।উল্লেখ্য যে ভাৰতীয় দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত MCG টেষ্টৰ পাছত ড্ৰেছিং ৰূমত গৌতম গম্ভীৰে ক্ৰিকেটাৰসকলক কটু বাক্য কৈছিল। আৰু পৰৱৰ্তী সময়ত এই খবৰ ফাদিল হৈছিল। সেই সময়ত ছৰফৰাজ খানে ভিতৰুৱা তথ্য ফাদিল কৰা বুলি ধাৰণা কৰা হৈছিল। কিন্তু সেই ঘটনাৰ বাবে এতিয়া ভাৰতীয় দলৰ ৩ প্ৰশিক্ষকক দলৰ পৰা বাহিৰ কৰা হৈছে।ইতিমধ্যে অভিষেক নায়াৰৰ ঠাইত বেটিং প্ৰশিক্ষক হিচাপে ভাৰতীয় দলত যোগদান কৰিছে সীতাংশু কোটাকে। আনহাতে, সহকাৰী প্ৰশিক্ষক ৰিয়ান টেন দেছকাটে টী দিলীপৰ কাম-কাজ চোৱাচিতা কৰিব বুলি জানিব পৰা গৈছে।আনফালে প্ৰশিক্ষক সোহাম দেশাইৰ ঠাইত ভাৰতীয় দলত যোগদান কৰিব এড্ৰিয়ান লে ৰৌছে।