Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় এসপ্তাহৰ ভিতৰত শ্ৰীলংকাত নতুন প্ৰধানমন্ত্ৰী নিয়োগ কৰা হ’ব– ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে

এসপ্তাহৰ ভিতৰত শ্ৰীলংকাত নতুন প্ৰধানমন্ত্ৰী নিয়োগ কৰা হ’ব– ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে

70
0


কলম্বো, ১২ মে’: শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ সৈতে হিংসাত্মক আন্দোলনৰ সন্মুখীন হোৱা দেশখনত শান্তি বজাই ৰাখিবলৈ চৰকাৰে সৈন্য বাহিনী নিয়োগ কৰিছে৷ সেনাই দেশখনত শান্তি ঘূৰাই অনাৰ বাবে চৌদিশে টহল দি আহিছে বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ৷ ইফালে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে ঘোষণা কৰিছে যে তেওঁ এসপ্তাহৰ ভিতৰত নতুন প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰিব৷ ৰাষ্ট্ৰপতি গোটাবায়াই কয়, অহা এসপ্তাহৰ ভিতৰত মই এনে এজন প্ৰধানমন্ত্ৰী নিযুক্ত কৰিম যাৰ সংখ্যাগৰিষ্ঠতা আছে আৰু যাক ৰাইজে বিশ্বাস কৰে৷ মই মন্ত্ৰীসকলৰ এটা নতুন কেবিনেটও নিয়োগ কৰিম৷ একে সময়তে তেওঁ জনসাধাৰণক ঘৃণা বিয়পা কাম পৰিহাৰ কৰিবলৈ আহ৩ান জনায়৷ উল্লেখ্য যে শ্ৰীলংকাত কে’বা মাহ ধৰি খাদ্যকে ধৰি আন সামগ্ৰীৰ তীব্ৰ নাটনি হৈ আহিছে৷ সামগ্ৰীৰ চ’ৰা দামৰ লগতে ঔষধ ক্ৰয়তো জটিলতাৰ সন্মুখীন হৈ আহিছিল শ্ৰীলংকাৰ জনসাধাৰণ৷ চৰকাৰী ভূল নীতিৰ বাবে উন্নয়নটো বাদেই ভোকাতুৰ অৱস্থালৈ যাব লগা হয় শ্ৰীলংকাবাসী৷ আনহাতে মন্ত্ৰীসকলৰ লগতে আন একাংশ ঘনিষ্ঠই দিনক দিনে ধন ঘটে৷ দেশত দেখা দিয়া তীব্ৰ নাটনিৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি চৰকাৰৰ আন মন্ত্ৰীসকলক পদত্যাগ কৰিবলৈ দাবী জনাই বিৰোধিৰ লগতে জনসাধাৰণে৷ পাছে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ অনিহা প্ৰকাশ কৰে৷ শেষত ভোকাতুৰ ৰাইজৰ ৰোষৰ বলি হ’বলগা হয় শ্ৰীলংকাৰ একাধিক মন্ত্ৰী৷ প্ৰধানমন্ত্ৰীয়ে পলাই প্ৰাণ ৰক্ষা কৰি পদত্যাগ কৰিবলৈ বাধ্য হয়৷ ভোকাতুৰ ৰাইজৰ ৰোষত পৰি আনকি সাংসদৰ মৃত্যু হোৱা বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ৷ কে’বাজনো মন্ত্ৰীৰ ঘৰ জ্বলাই দি ৰাইজে তেওঁলোকৰ অস্তিত্ব দেখুৱাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here