Home যোৰহাট ক’ভিড কালত যোৰহাটৰ দহ হাজাটা পৰিয়ালক খাদ্য সামগ্ৰী যোগান অক্ষয়...

ক’ভিড কালত যোৰহাটৰ দহ হাজাটা পৰিয়ালক খাদ্য সামগ্ৰী যোগান অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ, ষ্টাফ ৰিপৰ্টাৰ

353
0

যোৰহাটৰ ৩০ চেপ্তেম্বৰ : ৰাষ্ট্ৰীয় প্ৰক্ষাপটত ‘ অক্ষয় পাত্ৰ ফাউণ্ডেচন ‘এটা আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ( N G O) । এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে জন্মলগ্নৰে পৰা সমগ্ৰ ভাৰতবৰ্ষৰ জনগনৰ বিভিন্ন দুয্যোগৰ সময়ত বিভিন্ন প্ৰকাৰৰ জনসেৱা আগবঢ়াই আহিছে । দেশত হোৱা বানপানী , ভূমিকম্প , অন্য প্ৰাকৃতিক দুয্যোগৰ সময়ত গাৱঁৰ বা নগৰৰ জনগনক খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন প্ৰকাৰৰ সহায় আগবঢ়াই আহিছে । বৰ্তমানে কভিড ১৯য়ে  সমগ্ৰ দেশৰ শ্রমিকসকল  তথা দিনহাজীৰা কৰা দৰিদ্ৰ পৰিয়াল সমুহৰ জীৱন আৰু জীবিকা পানীত হাহ নচৰা অৱস্থাৰ সৃষ্টি কৰিলে  ।  তেনে পৰি স্থিতিত অক্ষয় ফাউণ্ডেচনে সমগ্ৰ ভাৰতত প্ৰায় এক লাখৰো অধিক পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি অহাৰ কথা সদৰী কৰে অক্ষয় ফাউণ্ডেচনৰ যোৰহাটৰ সভাপতি সন্তোষ ৰঞ্জন তামুলীয়ে ।আজি যোৰহাটৰ কৰঙাৰ বণমালী  সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰা  খাদ্যসামগ্ৰী প্ৰদান অনুষ্ঠানত  সভাপতিত্ব আসন গ্ৰহণ কৰি তেখতে ‘ৰ ‘তাৰী ইণ্টাৰনেছনেল  ক্নাৱৰ ‘ যোৰহাটৰ  চেয়াৰমেনৰ দায়িত্বত থাকী সামাজিক দিশত কৰি থকা  ৰ’টাৰী ক্নাৱৰ কৰ্ম আঁচনিৰ সম্পৰ্কতো বহলাই কয় । যোৰহাটৰ সমাজকৰ্মী জগন্নাথ অগ্নি বৰা উপস্থিত থকা সাহায্য প্ৰদান অনুষ্ঠানত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ সম্বন্বয়ক ডিম্বেশ্বৰ ডেকাই অক্ষয় পাত্ৰ ফাউণ্ডেচনে যোৰহাট জিলাতে ১০ হাজাৰৰ অধিক পৰিয়ালক প্ৰায় ১১ শ টকাৰো অধিক  মূল্যৰ খাদ্য সামগ্ৰী কভিড কালত বিতৰণ কৰাৰ কথা উল্লেখ কৰে । বণমালী সাংস্কৃতিক কেন্দ্ৰৰ বিষয়ববীয়া তথা সমাজকৰ্মী মুনিন্দ্ৰ  নাথ দত্তৰ প্ৰচেষ্টাত পৰিচালিত সামগ্ৰী প্ৰদান কায্যসুচীত সম্যক প্ৰিতম প্ৰয়াসৰ উপস্থিতিত ১৫০ টা পৰিয়ালক খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰদান কৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here