Home অসম ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শংকৰদেৱৰ তিৰোভাৱ তিথি, হৰিনাম ধ্বনিৰে মুখৰিত বটদ্ৰৱা

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শংকৰদেৱৰ তিৰোভাৱ তিথি, হৰিনাম ধ্বনিৰে মুখৰিত বটদ্ৰৱা

205
0


বটদ্ৰৱা থানৰ পৰা নিতুমণি গোস্বামী, ২৯ আগষ্ট: ‘শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে, আমাৰে বৰদোৱা থান, শান্তিজান পাৰে হৈ কীৰ্তন ঘৰ পাবাগৈ, তাতে ল’বা বৈকুণ্ঠৰ নাম৷’– জাতীয় জীৱনক নতুন ৰঙেৰে সজাই-পৰাই সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠা কৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বাটদ্ৰৱাত তেৰাৰ ৪৫৪তম তিৰোভাৱ তিথি উপলক্ষে ‘গুৰু কীৰ্তন’ উৎসৱত আজি অৰ্ধ-লক্ষাধিক ভক্ত-বৈষ্ণৱৰ সমাগমেৰে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়৷ গুৰু কীৰ্তন উপলক্ষে আজি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নামৰ পিছতেই আইসকলৰ পুৱা নাম-প্ৰসংগ কৰা হয়৷ গায়ন-বয়নে পুৱা গীতত ‘পৰভাতে শ্যাম কানু ধেনু লৈয়া সংগে’ শীৰ্ষক গীত পৰিবেশন কৰে৷ দুপৰীয়া কীৰ্তন ঘৰত নাম-প্ৰসংগ কৰা হয়৷ পুৱাৰে পৰা বিয়লিলৈকে নাম-কীৰ্তন কৰাৰ বাবে সহস্ৰাধিক ভক্তৰ সমাগম হয়৷ পুৱাৰ ভাগত খোজকাঢ়ি, চাইকেল নাইবা গাড়ীৰে বহুলোকে বটদ্ৰৱা থানত ভিৰ কৰা পৰিলক্ষিত হয়৷ উল্লেখ থাকে যে প্ৰতিগৰাকী ভক্তপ্ৰাণ লোকে তেল, ধূপ নৈবেদ্য আগবঢ়ায়৷ প্ৰভুৰ সেৱা পাবলৈ পুৱাৰে পৰা দুপৰীয়ালৈ ভিৰ কৰেহি৷ অসমৰ আন আন বৈষ্ণৱ সত্ৰসমূহৰ লগতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত গায়নৰ গীত ৰাগ, বায়নৰ খোলৰ চাপৰ, আইসকলৰ নামৰ মাজেৰে সৰ্বমুঠ ওঠৰতা বিশেষ প্ৰসংগৰে পূৰ্ব পৰম্পৰাগতভাৱে চলি অহা ভাদ মাহত নাম গোৱা হয়৷ প্ৰতিদিনে পুৱা চ্ছ্ৰ বজাত তাল কোবোৱা প্ৰসংগৰ পৰা আৰম্ভ কৰি নিশা জ্জ্ব বজাত শেষপাল গাই সামৰণি মাৰে৷ শাওণ আৰু ভাদ মাহৰ দোমাহিৰ দিনা দুপৰীয়া ভাদ মাহৰ নাম ৰখা উৎসৱ আৰম্ভ হয়৷ গোটেই বছৰটো শ্ৰীশ্ৰী বটদ্ৰৱা থানত ১৪ প্ৰসংগ নাম-কীৰ্তন হয় যদিও ভাদ মাহটোত আৰু চাৰি প্ৰসংগ কৰি মুঠতে ১৮ প্ৰসংগ নাম-কীৰ্তন কৰা হয়৷ এই বৰদোৱা আলিপুখুৰীতে ১৩৭১ শকৰ আহিন [১৪৪৯ খ্ৰীঃত] মহাধৰ্মৰ সেতু বান্ধি ভৱ সংসাৰৰ পৰা জীৱক জীৱ তৰণৰ পৰা উপায় দেখুৱাবলৈ জন্মগ্ৰহণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে৷ আজিৰ পৰা প্ৰায় পাঁচ শতাব্দীৰ পূৰ্বেই নামধৰ পাতি অসমীয়া সংস্কৃতিৰ বৰভেটি স্থাপন কৰা মহাপুৰুষজনাই ৬৮ বছৰ বয়সত বৰদোৱা এৰি থৈ যোৱাৰ প্ৰায় এশ বছৰ অধিক পাছত তেওঁৰ নাতি-বোৱাৰী কনকলতা আয়ে পুনৰ তীৰ্থস্থানখন উদ্ধাৰ কৰা পাছৰে পৰা বিৰতি নোহোৱালৈকৈ এইদৰে ভাদ মাহৰ তিথিভাগ পালন কৰি অহা বুলি ক’ব পাৰি৷ সমগ্ৰ বটদ্ৰৱাবাসীৰ এই পৱিত্ৰ ভাদ মাহতেই প্ৰতিজন ভক্ত প্ৰাণৰ মনত সঞ্চাৰিত হয় অফুৰন্ত ভক্তিৰসৰ অনুপম তৃপ্তি৷ মাহটোৰ প্ৰতিটো দিনেই দুই সত্ৰৰ আইসকলৰ, ভক্তসকল, পৰম্পৰাগত আচাৰ-ৰীতিৰে হৰিনাম, কীৰ্তন কৰি মুখৰিত কৰে বটদ্ৰৱা থানৰ চৌদিশে৷ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত শংকৰদেৱৰ তিৰোভাৱ তিথি৷ ইয়াক গুৰু কীৰ্তন বুলিও কোৱা হয়৷ গুৰু কীৰ্তনৰ আগদিনা আগদিনা গোন্ধ৷ গুৰু কীৰ্তনত বটদ্ৰৱা থানত বাহাৰ গোৱা হয় আৰু ৰামধেমালি পৰিৱেশন কৰা হয়৷ দুপৰীয়া ‘ৰামনিৰঞ্জন’ আৰু ‘জয় জগন্নাথ’ আৰু ‘কৃষ্ণসূৰ্য ভৈলন্ত উদিত’ আদি তিনি কীৰ্তন গোৱা হয়৷ বিয়লি ‘ভোজন বেহাৰ’ ভাওনা অনুষ্ঠিত হয়৷ উল্লেখ কৰিব পাৰি যে আজিৰ এই পৱিত্ৰ দিনটোতে নগাঁও জিলাৰ ধিং, বালিসত্ৰ, ৰাইদঙীয়া, কুঁজীসত্ৰ, জাজিৰ, হাতীচোং, নসত্ৰ, জুৰীয়া আদিৰ লগতে তেজপুৰ, মৰিগাঁও, গুৱাহাটী আদিৰ পৰাও ভক্তিপ্ৰাণ ৰাইজ বটদ্ৰৱা থানলৈ আহি তেল, ধূপ, শৰাই আগবঢ়াই সেৱা লয়হি৷ ভাদ মাহৰ বাবে বটদ্ৰৱা থান চৌহদ সজাই-পৰাই তুলিছে থান পৰিচালনা সমিতিয়ে৷ এই ভাদ মাহত বটদ্ৰৱাৰ দুয়োখন সত্ৰৰ ভকত-বৈষ্ণৱসকলে এপোৱা তেল, পাঁচ কিলোগ্ৰাম চাউল আৰু দহ টকা নাইবা এশ ত্ৰিশ টকা বৰঙণি গুৰুকৰ আদায় দিয়াটো এক পৰম্পৰা মাথোন৷ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়, বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্ছতৰ মাধ্যমিক বিদ্যালয়, সতী ৰাধিকা ছোৱালী উচ্ছ মাধ্যমিক বিদ্যালয়ৰ লগতে বহুকেইখন বিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানত শংকৰদেৱৰ তিৰোভাৱ তিথিভাগ পালন কৰাৰ বাতৰি পোৱা গৈছে৷ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী ঃ কৃষ্টি-সংস্কৃতি, সাহিত্য আৰু আধ্যাত্মিক জ্ঞান চৰ্চাৰে অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি পৱিত্ৰ তিৰোভাৱ তিথি৷ সেই উপলক্ষে সোমবাৰে ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত উলহ-মালহৰে পালন কৰা হয়৷ এই উপলক্ষে অনুষ্ঠিত হোৱা নাম-কীৰ্তনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰি গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনোৱাৰ লগতে ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰি সেৱা আগবঢ়ায়৷ উল্লেখ্য যে গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষে দলৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্য মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাছা, কেবিনেট মন্ত্ৰীদ্বয় যোগেন মোহন আৰু জয়ন্ত মল্ল বৰুৱা, সাংসদ পল্লৱ লোচন দাস আৰু পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি দলৰ শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে৷ উল্লেখ্য যে সংস্কৃতিৰ বাহক, একশৰণ নামধৰ্ম দৰ্শনৰ বাটকটীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথি৷ নামধৰ্মৰ অমৃত ৰসেৰে বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰেৰে একত্ৰিত সমাজ গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হোৱা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি আজি সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here