Home Main Stories সাংবাদিকৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগ , সাংবাদিক পেঞ্চন ১০ হাজাৰ টকালৈ...

সাংবাদিকৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগ , সাংবাদিক পেঞ্চন ১০ হাজাৰ টকালৈ বৃদ্ধি

31
0

অকলাত মৃত্যুবৰণ কৰিলে পৰিয়ালে লাভ কৰিব আৰ্থিক সাহায্য

গুৱাহাটী, ২০ মে’ : ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই ৰাজ্যখনত কৰ্মৰত সাংবাদিকসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথা আজি উল্লেখ কৰে। আজি সাংবাদিক পীয়ূষ¸ হাজৰিকাই সাংবাদিকৰ সংগঠন আপকু, আছাম ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট এছ’চিয়েচন, ইলেকট্ৰ’নিক মিডিয়া ফ’ৰাম আৰু ফটো জাৰ্নেলিষ্টৰ সৈতে আলোচনাত মিলিত হয়। ৰাজ্যৰ সাংবাদিকসকলে বিভিন্ন ক্ষেত্ৰত সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে সাংবাদিকৰ সংগঠনসমূহে মন্ত্ৰীগৰাকীক অৱগত কৰে। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰিছে বুলি উল্লেখ কৰি অসম চৰকাৰৰ সাংবাদিক পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰিব বুলি জানিবলৈ দিয়ে। আনহাতে এহ× বৈঠকত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ বিয়োগৰ পাছত পৰিয়াললৈ এককালীন সাহায্য, সাংবাদিক পেঞ্চন আদি কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আলোচনাৰ মাধ্যমেৰে গ্ৰহণ কৰা হয়। আজিৰ বৈঠকৰ অন্তত অসম চৰকাৰৰ সাংবাদিক পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণৰ লগতে সাংবাদিকৰ মৃত্যু ঘটিলেও পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়াৰ পৰা অকালতে মৃত্যুবৰণ কৰা সাংবাদিকৰ পৰিয়ালে স্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰতো এককালীন সাহায্য লাভ কৰিব। এহ× এককালীন সাহায্য এক লাখৰ পৰা তিনি লাখ টকালৈ বৃদ্ধি কৰা হ’ব বুলি আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here