Home Main Stories ৭ জিলাত সম্পূৰ্ণ লকডাউন ; ক’ভিড নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি

৭ জিলাত সম্পূৰ্ণ লকডাউন ; ক’ভিড নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি

127
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ জুলাই ঃ ৰাজ্যত ক’ভিড পৰিস্থিতি এতিয়াও শাম কটা নাই। ৰাজ্যৰ বিভিন্ন অঞ্চলত এতিয়াও কোৰোনা মহামাৰীৰ সংক্ৰমণ অব্যাহত আছে। বিশেষকৈ ৭খন জিলাত সংক্ৰমণৰ হাৰ এতিয়ালৈকে হ্ৰাস পোৱা নাই। লক্ষণীয় যে ৭খন জিলাত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি ল’বলৈ নিৰ্দেশ প্ৰদান কৰাৰ পিছতে ৰাজ্যৰ ৭খন জিলাক কেণ্টইনমেন্ট জ’ন হিচাপে ঘোষণা কৰি সম্পূৰ্ণ লকডাউন প্ৰদান কৰা হৈছে। বিগত সপ্তাহত গোলাঘাট জিলাত সৰ্বাধিক ২৭,১১জন ক’ভিড ৰোগী চিনাক্ত হৈছে। আনহাতে শোণিতপুৰত ১,৭৯৫জন, যোৰহাটত ১,৫৮৩জন, মৰিগাঁৱত ৯১৫জন, গোৱালপাৰাত ৬৪৫জন ক’ভিড ৰোগী চিনাক্ত হৈছে। এই জিলাসমূহত সংক্ৰমণৰ হাৰ ক্ৰমে গোলাঘাটত ৫.৬৪ শতাংশ, শোণিতপুৰত ৩.০১ শতাংশ, যোৰহাটত ৪.৩৬ শতাংশ, মৰিগাঁৱত ৩.২৬ শতাংশ, গোৱালপাৰাত ১.৭৯ শতাংশ, বিশ্বনাথত ২.৯২ শতাংশ আৰু লখিমপুৰত ২.৬৮ শতাংশ। সংক্ৰমণ বৃদ্ধি পোৱা গোলাঘাট, গোৱালপাৰা, যোৰহাট, শোণিতপুৰ, মৰিগাঁও, উত্তৰ লখিমপুৰ আৰু বিশ্বনাথ জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। এই সময়ছোৱাত এই জিলাসমূহত কেৱল অত্যাৱশ্যকীয় সামগ্ৰী আৰু গেলামালৰ দোকান খোলা থাকিব। ইয়াৰ বাদে সমগ্ৰ জিলাত সান্ধ্য আইন বলৱৎ থাকিব। আনহাতে কম সংক্ৰমণ ঘটা জিলাত দুপৰীয়া ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ কৰিছে ৰাজ্য চৰকাৰে। শিৱসাগৰ, ডিব্ৰুগড়, বৰপেটা, বাক্সা, দৰং, হোজাই, ধেমাজি, কাচাৰ, কৰিমগঞ্জ, কোকৰাঝাৰ, নলবাৰী, বজালী, কামৰূপ (গ্ৰাম্য), নগাঁও, তিনিচুকীয়া আৰু কাৰ্বি আংলঙত দুপৰীয়া ১ বজালৈ দোকান-পোহাৰ খোলা থাকিব আৰু ২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ হ’ব। অৱশ্যে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত আইন অমান্য কৰাৰ অভিযোগ পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে চোকা নজৰ ৰাখিব বুলি আজি সংবাদমেলত স্পষ্ট কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইপিনে বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ আন জিলাসমূহত সান্ধ্য আইন বলৱৎ থাকিব। ধুবুৰী, কামৰূপ (মহানগৰ), দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দিত ৪ বজালৈ দোকান-পোহাৰ খোলা থাকিব আৰু বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন বলৱৎ হ’ব। উল্লেখ্য যে যিসমূহ অঞ্চলত সংক্ৰমণৰ হাৰ বৃদ্ধি ঘটিব সেই অঞ্চলসমূহক জিলা উপায়ুক্তসকলক কেণ্টইনমেন্ট জ’ন অথবা মাইক্ৰ’ কেণ্টইনমেণ্ট জ’ন হিচাপে চিহ্নিত কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। কেণ্টইনমেণ্ট জ’নত থকা আৱাসীসকলক এসপ্তাহৰ বাবে ২ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী যোগান ধৰা হ’ব। এই খাদ্য-সামগ্ৰীৰ ভিতৰত থাকিব ১৫ কিলোগ্ৰাম চাউল, ২ লিটাৰ মিঠাতেল, ৫ কিলোগ্ৰাম আলুকে ধৰি বিভিন্ন নিত্য ব্যৱহাৰযোগ্য সামগ্ৰী থাকিব। এই নিৰ্দেশনা আগন্তুক ৭ দিনলৈ বলৱৎ থাকিব। অৱশ্যে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত ব্যৱস্থা এতিয়ালৈকে মুকলি কৰি দিয়া নাই ৰাজ্য চৰকাৰে। তদুপৰি বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ থাকিব। প্ৰসূতি চৰকাৰী চাকৰিয়ালে ঘৰৰ পৰা কাম-কাজ কৰিব পাৰিব। তদুপৰি যিসকল চাকৰিয়াল মহিলাৰ ঘৰত শিশু থাকিব তেওঁলোকক ঘৰৰ পৰাই কাম কৰাৰ আহবান জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here