Home Main Stories নৰসংহাৰ, নাগালেণ্ডত বাতিল হৰ্নবিল মহোৎসৱ :আফস্পা বাতিলৰ দাবীৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিব...

নৰসংহাৰ, নাগালেণ্ডত বাতিল হৰ্নবিল মহোৎসৱ :আফস্পা বাতিলৰ দাবীৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে

363
0


কোহিমা, ৭ ডিচেম্বৰ ঃ নাগালেণ্ডত সংঘটিত নৰসংহাৰৰ পিছত ৰাজ্যখনৰ কেবিনেটে আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৰ্নবিল মহোৎসৱ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ নৰসংহাৰৰ পিছত নাগালেণ্ড চৰকাৰে হৰ্নবিল মহোৎসৱ এদিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও জনতাৰ ক্ষোভ আৰু আৱেগৰ প্ৰতি লক্ষ্য ৰাখি মহোৎসৱটো বাতিলৰ সিদ্ধান্ত লৈছে৷ হৰ্নবিল মহোৎসৱ ৰ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু এই মহোৎসৱ দহ ডিচেম্বৰলৈ চলিবলগীয়া আছিল যদিও সামৰিক বাহিনীয়ে সাধাৰণ নাগৰিকৰ ওপৰত যি বৰ্বৰতা দেখুৱালে তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ পাহাৰীয়া ৰাজ্যখনত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰি আছে৷ এই মহোৎসৱ উপভোগ কৰিবলৈবহু দেশী-বিদেশী পৰ্যটকে নাগালেণ্ডত ভিৰ কৰিছিল যদিও শেহতীয়া ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আজি নাগালেণ্ডৰ কবিনেটে এই মহোৎসৱটো এই বৰ্ষটোত বাতিল কৰাৰ সিদ্ধান্ত লৈছে৷ চৰকাৰৰ মুখপাত্ৰ নেইবা ক্ৰইনোৱে উল্লেখ কৰিছে যে ৫ ডিচেম্বৰত হৰ্নবিল মহোৎসৱ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল যদিও মন জিলাৰ অ’টিঙত সামৰিক বাহিনীৰ হাতত নিহত হোৱা পৰিয়ালৰ সমভাগী হৈ মহোৎসৱটো বাতিলৰ সিদ্ধান্ত লোৱা হৈছে৷ আনহাতে, নাগালেণ্ডৰ কেবিনেটে আফস্পা বাতিলৰ দাবীৰে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লৈছে৷ তাৎক্ষণিতভাৱে নাগালেণ্ডৰ পৰা এই আইনখন বাতিলৰ বাবে নাগালেণ্ডৰ কেবিনেটে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লৈছে৷ উল্লেখ্য যে ৪ আৰু ৫ ডিচেম্বৰত নাগালেণ্ডত যি নৰসংহাৰ সংঘটিত হ’ল তাক লৈ বৰ্তমানো পাহাৰীয়া ৰাজ্যখনত চেপা উত্তেজনাই বিৰাজ কৰি থকাৰ লগতে দল-সংগঠনসমূহে আন্দোলন অব্যাহত ৰাখিছে আৰু আফস্পা বাতিলৰ দাবী জোৰদাৰ কৰি তুলিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here