Home Main Stories ৭ দিনৰ বাবে ৰাজ্য চৰকাৰৰ নতুন এছঅ’পি ▪️ গুৱাহাটী মহানগৰত বিয়লি ৩...

৭ দিনৰ বাবে ৰাজ্য চৰকাৰৰ নতুন এছঅ’পি ▪️ গুৱাহাটী মহানগৰত বিয়লি ৩ বজালৈকে খোলা থাকিব দোকান-পোহাৰ

261
0

বিশ্বনাথ, গোৱালপাৰা, মৰিগাঁও, গোলাঘাট জিলা সম্পূৰ্ণ কন্টেইনমেণ্ট জ’ন ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ জুন : কোৰোনা মহামাৰীয়ে কিছু কিছু জিলাত এতিয়াও অব্যাহত ৰাখিছে তাণ্ডৱ। কেইখনমান জিলাত সংক্ৰমণ হ্ৰাস পাইছে যদিও আন কেইবাখনো জিলাত প্ৰতিমুহূৰ্তত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কোৰোনাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গৃহ বিভাগ, ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা, স্বাস্থ্য বিভাগৰ বিষয়াৰ লগতে মুখ্য সচিবৰ উপস্থিতিত প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে বিষয়টোক লৈ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকতেই কোৰোনা মহামাৰী সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হয়। কিছু কিছু জিলাত শিথিলতা প্ৰদান কৰা হয়। নতুন এছঅ’পি সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি কয় যে নতুন নীতি-নিৰ্দেশনা অহা সোমবাৰৰ পৰা এক সপ্তাহৰ বাবে প্ৰযোজ্য হ’ব। ৰাজ্যৰ ২৪৭টা অঞ্চলত সংক্ৰমণ বৃদ্ধি পাইছে। সেয়ে ২৪৭টা অঞ্চলক কোৰোনাৰ হটস্পট হিচাপে চিহ্নিত কৰা হৈছে। একেদৰে দহজনতকৈ কম আক্ৰান্ত হোৱা ৪,৫৮১টা অঞ্চলত প্ৰশাসনে চোকা দৃষ্টি ৰাখিব। ইপিনে সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ৪খন জিলা সম্পূৰ্ণৰূপে কেণ্টইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। বিশ্বনাথ, গোৱালপাৰা, মৰিগাঁও আৰু গোলাঘাট জিলাক সম্পূৰ্ণৰূপে কেণ্টইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। গোলাঘাটৰ বোকাখাত মহকুমাহে কেণ্টইনমেণ্ট জ’ন হৈ থাকিব। অহা সোমবাৰৰ পৰা এক সপ্তাহৰ পৰা এই চাৰিখন জিলা সম্পূৰ্ণৰূপে কেণ্টইনমেণ্ট জ’ন হৈ থাকিব। এই সময়ছোৱাত কেৱল অত্যাৱশ্যকীয় সেৱা মুকলি থাকিব। বিয়লি ৫ বজালৈকে কেণ্টইনমেণ্ট জ’ন অঞ্চলৰ দোকান-পোহাৰসমূহ খোলা থাকিব। কোনো ধৰণৰ শাক-পাচলিৰ দোকান সুকীয়াকৈ খোলা নাথাকিব। গেলামাল দোকানৰ সন্মুখত শাক-পাচলিৰ দোকান বহুৱাব পাৰিব। ইপিনে গুৱাহাটী মহানগৰীত কিছু শিথিলতা দিয়া হৈছে। দিনৰ ৩ বজালৈকে খোলা থাকিব সকলো দোকান-পোহাৰ। ৪ বজাৰ পৰা গুৱাহাটী মহানগৰীত সান্ধ্য আইন বলৱৎ হ’ব। একেদৰে হাইলাকান্দি জিলাত ৪ বজালৈকে খোলা থাকিব দোকান-পোহাৰ। ইপিনে আন্তঃজিলা বৰ্তমানলৈকে বন্ধ থাকিব। বাকী জিলাসমূহত ১২ বজালৈকে খোলা থাকিব দোকান-পোহাৰ। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত তিনিটা দিনত মেগা টিকাকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে অসমত তিনি দিনত ৯,৮৪,০০০ লোকক টিকাকৰণ কৰা হৈছে। দৈনিক কেন্দ্ৰৰ পৰা ৰাজ্যই লাভ কৰিছে ১.৫ লাখ ভেকচিন। অহা ১ জুলাইৰ পৰা আৰু অধিক ভেকচিন আহিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যিসকলে দুয়োপালি ভেকচিন লৈছে সেই লোকসকল এতিয়াৰে পৰা বিমানবন্দৰ কিম্বা ৰে’ল ষ্টেচনত ক’ভিড টেষ্টৰ সন্মুখীন হ’ব নালাগিব। একেদৰে ভেকচিন লোৱা সকলো কৰ্মচাৰীকে কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। অংগনৱাড়ী কৰ্মী, সমাজ কল্যাণ বিভাগ তথা প্ৰথম শাৰীৰ যোদ্ধাসকলক ভেকচিন লোৱাৰ আহবান জনায় মন্ত্ৰীগৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here