Home অসম মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম জাতীয় পৰিষদৰ বিক্ষোভ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম জাতীয় পৰিষদৰ বিক্ষোভ

85
0

গুৱাহাটীত মহিলা আৰক্ষী নমাই প্ৰতিবাদ নিয়ন্ত্ৰণৰ কৌশল প্ৰশাসনৰ, ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ এপ্ৰিল ঃ ৰাজ্য চৰকাৰৰ দায়িত্বহীনতা, গা এৰা মনোভাব আৰু একাংশ অসাধু পুঁজিপতি ব্যৱসায়ীৰ মুনাফাখোৰ আৰু  লুণ্ঠনৰাজৰ ফলত সৰ্বত্ৰ সৃষ্টি হোৱা প্ৰতিবিধ সামগ্ৰীৰ পৰ্বতসম, অভাৱনীয়, অসহনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শনিবাৰে ৰাজ্য কঁপাই জাতীয় বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয় পৰিষদ দলে। ‘হয় মূল্য নিয়ন্ত্ৰণ কৰক, নহ’লে চৰকাৰে গাদী এৰক’— মূলতঃ এই শ্লে­াগানেৰে ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ সদৰত শত-সহস্ৰ লোকে মূল্যবৃদ্ধিৰ প্ৰতিবাদত চামিল হৈ চৰকাৰৰ বিৰুদ্ধে শ্লে­াগান দি সমগ্ৰ ৰাজ্যৰেই পৰিৱেশ উত্তাল কৰি তোলে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী মহানগৰীৰ গুৱাহাটীত দলৰ কামৰূপ (মহানগৰ) জিলাৰ উদ্যোগত ৰাজ্যৰ আৰ্থিক ৰাজধানীস্বৰূপ ফাঁচীবজাৰৰ মাজমজিয়াত জাতীয় পৰিষদৰ কেইবাশ প্ৰতিবাদকাৰীয়ে চৰকাৰৰ আৰু মুনাফাখোৰ বণিয়া গোষ্ঠীৰ বিৰুদ্ধে শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মূল্যবৃদ্ধিত চৰকাৰে আওপকীয়াকৈ অৰিহণা যোগাই অহাৰ প্ৰতিবাদত তথা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত জাতীয় পৰিষদে আৰম্ভ কৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ দ্বিতীয়লানি কাৰ্যসূচী হিচাপে শনিবাৰে দলে ৰূপায়ণ কৰা এই জাতীয় বিক্ষোভ কাৰ্যসূচীত দলৰ সদস্য নোহোৱা বহুসংখ্যক সাধাৰণ নাগৰিকেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ভাল দিনৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ দিনত সকলোধৰণৰ সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ ওপৰত অসনীয় বোজা জাপি দিছে। সাধাৰণ জনতাই পাকঘৰ চম্ভালিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে। দৰিদ্ৰতাৰ পীড়া সহিব নোৱাৰি ইতিপূৰ্বে ৰাজ্যত বহুকেইগৰাকী লোকে আত্মহত্যাপৰ্যন্ত কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত ৰাইজক সকাহ দিয়াৰ সলনি কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে এফালে ধাৰাবাহিক ঋণ গ্ৰহণেৰে জনসাধাৰণৰ ওপৰত থকা বোজাৰ পৰিমাণ বঢ়াইছে আৰু আনফালে মূলতঃ শাসকীয় দলৰ ৰাজনৈতিক স্বাৰ্থত অপ্ৰয়োজনীয় কামত চৰকাৰী ধন খৰচ কৰি স্পষ্টভাৱে জনবিৰোধী স্থিতি গ্ৰহণ কৰিছে। চৰকাৰৰ এনে স্বৈৰাচাৰী কাম-কাজৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰায় আটাইকেইটা বিৰোধী দলে বিগত কিছুদিন ধৰি বিভিন্নধৰণৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

অসম জাতীয় পৰিষদে দুদিন পূৰ্বে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত শনিবাৰে ৰাজ্যজুৰি জাতীয় বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীৰ ফাঁচীবজাৰত দলৰ কামৰূপ (মহানগৰ) সমিতিৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত দলৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে। প্ৰতিবাদী নেতা-কৰ্মীসকলে প্ৰথমে ফাঁচীবজাৰৰ জেইল ৰোড পাৰ্কিং এৰিয়াত সমৱেত হয় আৰু তাৰ পৰা সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ দিশে অগ্ৰসৰ হয়। হাতে হাতে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত লিখা বিভিন্ন প্লে-­কাৰ্ড-বেনাৰ আৰু দলীয় পতাকা লৈ প্ৰতিবাদকাৰীসকল অগ্ৰসৰ হওঁতে জে’ল ৰোড পুলিচ পইণ্ট আৰু গোৱেংকা চাৰিআলিত আৰক্ষীয়ে বেৰিকেড স্থাপন কৰি বাধা দিয়ে যদিও বেৰিকেড অতিক্ৰম কৰি প্ৰতিবাদকাৰীসকল আগবাঢ়ি যায়। এনেদৰে কিছুদূৰ যোৱাৰ পিছত গিৰ্জা চাৰিআলিত এইবাৰ সমদলকাৰীসকলক মহিলা আৰক্ষী আৰু মহিলা চি আৰ পি এফৰ বৃহৎ দল এটাই আগচি ধৰে। প্ৰথম অৱস্থাত আৰক্ষীৰ সৈতে কিছু ঠেলা-হেঁচা হয় যদিও মহিলা আৰক্ষীৰ সৈতে পুৰুষ প্ৰতিবাদকাৰীসকলে ঠেলা-হেঁচা কৰিব নিবিচৰাৰ ফলত সেই ঠাইতে প্ৰতিবাদকাৰীসকল ৰৈ দিয়ে আৰু তাতেই চৰকাৰৰ বিৰুদ্ধে শ্লে­াগান দিয়ে। প্ৰতিবাদকাৰীসকলে ‘মূল্যবৃদ্ধি ৰোধ কৰক’, ‘অসহায় জনসাধাৰণৰ মুখলৈ চাওক’, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে চৰকাৰে গাদী এৰক’, ‘ভাল দিনৰ সপোন ভংগ কৰা বিজেপি প্ৰতাৰকৰ দল’, ‘গণবিৰোধী বিজেপি চৰকাৰ হুচিয়াৰ’, ‘ হিমন্ত বিশ্বৰ কাম নাই’ আদি শ্লে­াগান দিয়ে। প্ৰতিবাদস্থলীত জাতীয় পৰিষদৰ সম্পাদক ৰাজীৱ ভট্টাচাৰ্যই কয় যে উক্ত প্ৰতিবাদেৰে দলে চৰকাৰক জনসাধাৰণৰ মনৰ অৱস্থা উপলব্ধি কৰিবলৈ সকীয়াই দিছে। চৰকাৰে যদি জনসাধাৰণৰ অৱস্থা উপলব্ধি কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰে, তেনেহ’লে আগন্তুক দিনত অধিক প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব বুলিও হুংকাৰ দিয়ে। ইফালে, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত শনিবাৰে কৰা মূল্যবৃদ্ধিৰ প্ৰতিবাদত জাতীয় প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটীৰ উপৰি ক্ৰমে ৰাজ্যৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেও, লখিমপুৰ, ধেমাজি, যোৰহাট, গোলাঘাট, নগাঁও, মৰিগাঁও, দৰং, হোজাই, নলবাৰী, বৰপেটা, বজালী, ধুবুৰী আদি জিলাৰ সদৰতো জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিবাদত জাতীয় বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত অচিৰেই চৰকাৰভাৱে কোনো পদক্ষেপ নকৰিলে ইয়াতকৈ অধিক জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here