Home অসম মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ ধৰ্মঘট

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ ধৰ্মঘট

78
0


গণ বাৰ্তা, বঙাইগাঁও, ১২ মে’: নিত্য-ব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ লগতে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদিৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত তথা উক্ত সামগ্ৰীসমূহৰ মূল্য শীঘ্ৰে হ্ৰাস কৰাৰ দাবীত বৃহস্পতিবাৰে আমছুৰ বঙাইগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ বঙাইগাঁও চহৰৰ পাগালাস্থানত সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে ৰূপায়ণ কৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন প্লে-কাৰ্ড লৈ বজাৰত জ্বলিছে জুই, চৰকাৰ আছে শুই, মূল্যবৃদ্ধি হ্ৰাস কৰক, অসম চৰকাৰ হায় হায়, যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস পদত্যাগ কৰক, ঔষধৰ মূল্য হ্ৰাস কৰক আদি েাগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ লগতে পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়৷ উল্লেখ্য ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে দৈনিক নিত্য-ব্যৱহাৰ্য খাদ্য সা-সামগ্ৰীৰ লগতে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদিৰ মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব পাৰে যদিও এই ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি প্ৰতিবাদীথলীত আমছুৰ নেতাসকলে ব্যক্ত কৰে৷ লগতে যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক এজন অপদাৰ্থ মন্ত্ৰী বুলি অভিহিত কৰি যোগানমন্ত্ৰীৰ হৈ থকাৰ নৈতিক অধিকাৰ নাই বুলিও কয়৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে শালবাৰীত আমছুৰ প্ৰতিবাদ
গণ বাৰ্তা, গোৱৰ্ধনা ঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বাগ্‌সা জিলা সমিতিৰ উদ্যোগত নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে বাগ্‌সা জিলা আমছুৰ তৰফৰ পৰা শালবাৰী মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ৰ বজালৈ ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ জয় আই অসম, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, মূল্যবৃদ্ধি হ্ৰাস কৰক, ৰন্ধন গেছৰ দাম হ্ৰাস কৰক, ঔষধৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, অসম চৰকাৰ হায় হায়, ভাৰত চৰকাৰ হায় হায়, যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মুৰ্দাবাদ, যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পদত্যাগ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ শালবাৰী মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে জ্জদফীয়া দাবীসম্বলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ ইয়াৰ পিছতো যদি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে সমগ্ৰ অসমব্যাপি ধাৰাবাহিকভাৱে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খানে৷
চিৰাঙত প্ৰতিবাদ
সঞ্জয় সৰকাৰ, কাজলগাঁও ঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আজি ৰাজ্যখনত হৈ থকা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ চিৰাং জিলা সদৰ কাজলগাঁওস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখনত জিলা যোগ কেন্দ্ৰত দিনৰ ১১ বজাৰ পৰা ৰ বজালৈ ৰূপায়িত উক্ত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণকাৰী আমাছুৰ নেতা-কৰ্মীয়ে একমুখে দৈনন্দিন ব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, পেট্ৰ’ল আৰু ডিজেলৰ ৰাজ্য চৰকাৰৰ ভেট হ্ৰাস কৰি পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য ৰোধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰক, ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ [LPG] চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিৱলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰক, জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, গৃহনিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, কৃষি উৎপাদনৰ সৈতে জড়িত সকলো সাৰৰ মূল্য হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰক, পশুখাদ্যৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি পশুপালক সকলক সকাহ প্ৰদান কৰক আদিকে ধৰি মূল্য বৃদ্ধিৰ বিৰুদ্ধে চৰকাৰবিৰোধী বিভিন্ন েাগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ধৰ্নাৰ অন্তত আমছুৰ জিলা সভাপতি নাজিৰ ৰহমান আৰু সাধাৰণ সম্পাদকদ্বয় ক্ৰমে মুবাৰক আলী আৰু ফৰিদুৰ ৰহমান স্বাক্ষৰিত এক স্মাৰকপত্ৰ চিৰাং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ এই সন্দৰ্ভত আমছুৰ নেতাই সংবাদ মাধ্যমৰ আগত কয় যে শেহতীয়াকৈ অসমত নিত্য-ব্যৱহাৰ্য সামগ্ৰী, পেট্ৰ’লজাত সামগ্ৰী, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধ, গৃহ নিৰ্মাণৰ সামগ্ৰী, কৃষি উৎপাদনৰ সৈতে জড়িত সাৰ, পশুখাদ্যকে ধৰি প্ৰায়বোৰ সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিষহ হৈ পৰিছে৷ বিজেপি মিত্ৰজোঁট শাসনাধীন অসম চৰকাৰ তথা খাদ্য আৰু অসামৰিক যোগান বিভাগে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ ভূমিকা গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই৷ কৃষকৰ পৰা আৰম্ভ কৰি নিম্ন মধ্যবৃত্ত শ্ৰেণী, ক্ষুদ্ৰ ব্যৱসায়ীসকলে এনে অস্বাভাৱিক মূল্যবৃদ্ধিত হতাশাগ্ৰস্ত হৈ পৰিছে৷ যাৰ ফলত আজি দিনক দিনে আত্মহত্যাৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে৷ আনকি টকাৰ অভাৱৰ বাবে কিছুদিন আগতে কোক্‌ৰাঝাৰৰ এটি পৰিয়ালে নিজৰ সন্তানক বজাৰত বিক্ৰী কৰিৱলৈ অনাটোৱে এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে বুলিও উল্লেখ কৰে৷ বৰ্তমান সময়ত চৰকাৰে পুঁজিপুতিৰ হাতত সমগ্ৰ বজাৰ ব্যৱস্থাটো এৰি দি বস্তুৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি কৰি সৰ্বসাধাৰণৰ মূৰত ৰামটাঙোন শোধাইছে৷ জীৱনদায়িনী ঔষধ আজি কিছুদিনৰ পৰা দুগুণ-তিনিগুণলৈ বৃদ্ধি পাইছে ৷ আনকি চৰকাৰী চিকিৎসালয়তো প্ৰয়োজনীয় ঔষধৰ যোগান নাই ৷ যাৰ ফলত দৰিদ্ৰ বেমাৰীয়ে এতিয়া ঔষধ ক্ৰয় অবিহনে মৃত্যুক সাবটি ল’বলগা হৈছে৷ আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত ১২০ ডলাৰৰ পৰা হ্ৰাস পাই ৯৫.৬৭ ডলাৰ হৈছে যদিও ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ভেট হ্ৰাস নকৰাৰ বাবে অতিৰিক্ত দৰদ কিনিব লগা হৈছে৷ ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো অসম চৰকাৰে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই৷ কিছুদিনৰ পৰা গৃহ নিৰ্মাণৰ সামগ্ৰী যেনে– ৰড, চিমেণ্ট, শিল, বালি , ইটা আদিৰ মূল্য আকাশলংঘী হৈ পৰিছে ৷ পশুখাদ্য, কৃষিজাত সামগ্ৰী উৎপাদনত ব্যৱহাৰ হোৱা সাৰৰ মূল্যবৃদ্ধিয়ে কৃষকক বাৰুকৈ জলা-কলা খুৱাইছে৷ ব্যাপক হাৰত হোৱা মূল্যবৃদ্ধিয়ে অসম তথা ভাৰতবৰ্ষখনক অৰ্থনৈতিকভাৱে যে এদিন শ্ৰীলংকা ৰাষ্ট্ৰৰ দৰে জৰুলা নহ’ব তাক আমি নুই কৰিব নোৱাৰোঁ৷ ইমানৰ পিছতো চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা ৰহস্যজনক ভূমিকাই সৰ্বসাধাৰণ ৰাইজক ক্ষোভিত কৰি তুলিছে৷ যাৰ পৰিপ্ৰেক্ষিতত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিৱলৈ দাবী জনায়৷
বিশ্বনাথ জিলা উপায়ক্ত কৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান আমছুৰ
গণ বাৰ্তা বিশেষ, বিশ্বনাথ চাৰিআলি ঃ বৰ্তমান সময়ত সমগ্ৰ দেশৰ লগতে অসমতো নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এক ব্যাপক ৰূপধাৰণ কৰিছে৷ বিগত সময়ত কোৰোনা মহামাৰীয়ে ৰাজ্যৰ প্ৰায়ভাগ মানুহক সংস্থাপনহীন কৰাৰ লগতে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৰাইজ৷ ঠিক সেই সময়তে মানুহৰ নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম আকাশ চুইছেগৈ৷ অসাধু ব্যৱসায়ী, মধ্যভোগী আৰু চৰকাৰে মিলি জনসাধাৰণক যি মাধমাৰ সোধাই আছে সেয়া অতি সোনকালে বন্ধ হব লাগে৷ যিটো সময়ত সাধাৰণ খেতিয়কে উৎপাদন কৰা সামগ্ৰীৰ উচিত মূল্য পোৱা নাই সেই সামগ্ৰীৰ বজাৰত জুই-ছাই দাম কেনেকৈ হয়? আমাৰ দেশৰ পৰা পেট্ৰ’ল, ডিজেল ক্ৰয় কৰা দেশে আমাৰ দেশতকৈ কম দামত তেওঁলোকৰ দেশৰ জনসাধাৰণক কেনেকৈ পেট্ৰ’ল, ডিজেলৰ যোগান ধৰিব পাৰে? আমাৰ দেশে কিয় নোৱাৰে/আদি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু হ্ৰাস কৰাৰ দাবীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি আমছুৰ এটা দলে বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷
আলোপতিচৰ আৰক্ষী থানাৰ সমূখত মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমছুৰ তীব্ৰ প্ৰতিবাদ
গণ বাৰ্তা, নগৰবেৰা ঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নিৰ্দেশমৰ্মে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি মাজৰচৰ বজাৰতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত আলোপতি চৰ আৰক্ষী থানাৰ সন্মুখত পেট্ৰ’ল, ডিজেল, চিলিণ্ডাৰকে ধৰি মিঠাতেল, ঔষধ আদি দৈনন্দিন ব্যৱহাৰ্য নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমছুৰ কে’বাশ কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ পৰিৱৰ্তনকামী চৰকাৰে নামতহে ঢোল-ডগৰ বজাইছে কিন্তু বাস্তৱত মূল্যবৃদ্ধিৰ বাহিৰে একোৱেই হোৱা নাই৷ মূল্যবৃদ্ধি ৰোধ কৰাত ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি মত প্ৰকাশ কৰে আমছুৰ নেতা-কৰ্মীসকলে৷ মানুহৰ নিত্যপ্ৰয়োজনীয় খাদ্য-সামগ্ৰীৰ অত্যাৱশ্যকীয় মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক অৰ্থনৈতিকভাৱে পংগু কৰিছে৷ শাসনাধিষ্ঠিত চৰকাৰখনে চৰকাৰী আঁচনি কম কৰি দি নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম কমাই দিব লাগে বুলিও দক্ষিণ বৰপেটা জিলা আমছুৱে চৰকাৰক দাবী জনায়৷ কিয়নো আঁচনিয়ে কমসংখ্যক মানুহক লাভান্বিত কৰাৰ বিপৰীতে মূল্যবৃদ্ধি হ্ৰাসে সৰ্বসাধাৰণ ৰাইজৰ সহায়ক হ’ব বুলিও মন্তব্য কৰে আমছুৰ বিষয়ববীয়াসকলে৷ আনহাতে, অহংকাৰী বিজেপি চাৰকাৰ তথা যোগান বিভাগে যদি নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰে, তেন্তে ভৱিষ্যতে শ্ৰীলংকাৰ দৰে হ’ব বুলিও হুংকাৰ দিয়ে৷ অৱশেষত আলোপতি চৰ আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়াৰ জৰিয়তে বাঘবৰ ৰাজহ চক্ৰ বিষয়ালৈ কে’বাটাও দাবীসম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷
মূল্যবৃদ্ধিৰ প্ৰতিবাদত গোসাঁইগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট
গণ বাৰ্তা, গোসাঁইগাঁও ঃ ৰাজ্যত নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পশ্চিম কোক্‌ৰাঝাৰ জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে দুপৰীয়া এঘাৰ বজাৰ পৰা দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ শেহতীয়াকৈ অসমত নিত্যব্যৱহাৰ্য সামগ্ৰী, পেট্ৰ’লজাত সামগ্ৰী, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধ, গৃহ নিৰ্মাণ সামগ্ৰী, কৃষি সাৰ, পশুখাদ্য আদিকে ধৰি বিভিন্ন অত্যাৱ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত বৃহস্পতিবাৰে গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত উক্ত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়৷ গোসাঁইগাঁও মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখভাগত আয়োজিত কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, ভাৰত চৰকাৰ হায় হায়, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, ৰন্ধন গেছৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, যোগানমন্ত্ৰী মুৰ্দাবাদ, যোগানমন্ত্ৰী হায় হায় আদি বিভিন্ন ধবনিৰে ধৰ্ণাথলী মুখৰিত কৰি তোলে৷ এনেকি আমছুৰ শতাধিক কৰ্মকৰ্তাই হাতে হাতে প্লে-কাৰ্ড প্ৰদৰ্শন আৰু ডিঙিত তেল-দাইল আৰু অন্যান্য সামগ্ৰী আদিও ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰেই জীৱনদায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে মধ্যবিত্ত শ্ৰেণীৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক ৰামটাঙোন মাৰিবলৈ আৰম্ভ কৰাত সাধাৰণ নাগৰিকে বিনাচিকিৎসাতেই মৃত্যু হোৱা ঘটনাত কিন্তু চৰকাৰৰ কোনো ভ্ৰূক্ষেপ নাই৷ কেৱল গাদী দখলৰ স্বাৰ্থত ব্যতিব্যস্ত হৈ থকা চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসক এক অকৰ্মণ্য মন্ত্ৰী বুলি কটূক্তি কৰি যোগানমন্ত্ৰী ব্যৰ্থ মন্ত্ৰী, যোগানমন্ত্ৰী পদত্যাগ কৰক আদি শ্লোগান দিয়ে৷ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে ক্ষোভ উজাৰি কয় যে চৰকাৰে ৰাইজৰ দাবী পূৰণ নকৰিলে দিছপুৰৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰলৈ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব৷ বৰ্তমান দেশত অত্যধিক হাৰত মূল্যবৃদ্ধি ঘটনাই পুঁজিপতিৰ বাহিৰে সাধাৰণ নাগৰিকৰ ওপৰত চলোৱা এই মাধমাৰে দেশৰ ভৱিষ্যৎ পৰিস্থিতি অতি ভয়াৱহ হ’ব বুলি আমছুয়ে আশংকা প্ৰকাশ কৰে৷ এনেকি চৰকাৰে পুঁজিপতিসকলক সন্তুষ্ট কৰিবলৈ মূল্যবৃদ্ধি ৰোধত হাত উজান দিয়া বুলি গুৰুতৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি শ্ৰীলংকাৰ দৰে এখন ক্ষুদ্ৰ ৰাষ্ট্ৰত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ দৰেই একেই পৰিস্থিতি ভাৰতৰ দৰে এখন বিশাল আৰু জনবহুল দেশত তেনে অভাৱনীয় আৰু অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰবাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সময় থাকোঁতে সজাগ হ’বলৈ আহ৩ান জনায়৷ অন্যথা দেশৰ এশ কোটি জনতাই জাগ্ৰত হ’লে প্ৰশাসন যন্ত্ৰ, পুলিচ, মিলিটেৰী আদিয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহ’ব বুলিও মন্তব্য কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰফিকুল ইছলামে৷ কাৰ্যসূচীত আমছুৰ উপ-সভাপতি ৰফিকুল ইছলাম, জিলা সভাপতি মাজাহাৰুল ইছলাম, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে মোস্তাফিজুৰ ৰহমান আৰু ৰেজোৱান আহমেদসহ আমছুৰ আঞ্চলিক সমিতিৰ প্ৰতিনিধিসহ শতাধিক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে৷ ধৰ্ণা কাৰ্যসূচীৰ শেষত মহকুমাধিপতিৰ জৰিয়তে সাতদফীয়া দাবী পূৰণৰ এখন স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷
কলগাছিয়া ৰাজহ চক্ৰ চৌহদত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমছুৰ দুঘণ্টিয়া অৱস্থান ধৰ্মঘট
গণ বাৰ্তা, কলগাছিয়া ঃ নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ চৌহদত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে বৰ্তমান সময়ত পেট্ৰ’ল-ডিজেল, ঔষধ, মিঠাতেল, ৰন্ধন গেছকে আদি কৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজ একপ্ৰকাৰ জুৰুলা হৈ পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আমছুয়ে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী ছাত্ৰনেতাসকলে অসম চৰকাৰ হায় হায়, অসম চৰকাৰ মুৰ্দাবাদ, যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস হায় হায়, যোগানমন্ত্ৰীয়ে পদত্যাগ কৰক আদি চৰকাৰবিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ ইফালে, কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে চৰকাৰলৈ জ্জটা দাবীসম্বলিত এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে৷ প্ৰতিবাদকাৰীসকলে অতি সোনকালে মূল্যবৃদ্ধি ৰোধ নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে অসম চৰকাৰৰ যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পদত্যাগ কৰিব লাগে বুলি মন্তব্য কৰে৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমছুৰ অৱস্‌হান ধৰ্মঘট
গণ বাৰ্তা, বেছিমাৰী ঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি দৰং জিলাতো আমছুৰ দৰং জিলা সমিতিয়ে দলগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ প্ৰাংগণত ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ উক্ত কাৰ্যসূচীতে দৰং জিলা আমছুৰ কৰ্মীসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে দলগাঁৱৰ আকাশ-বতাহ কঁপাই তোলে৷ ৰাজ্যত বৰ্তমানে মূল্যবৃদ্ধি হোৱা পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীৰে উক্ত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ আজিৰ এই কাৰ্যসূচীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমছুৰ নেতা-কৰ্মীসকলে বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ গ’ বেক আদি বিভিন্ন শ্লোগানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here