গন বাৰ্তা,ডবকা,৫এপ্ৰিলঃ হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি মহিলাৰ সুৰক্ষা আৰু আইন সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হয়। সভাত সভাপতি হিচাপ উপস্হিত থাকি মহিলা আয়োগৰ সভানেত্ৰী ডঃ হেমপ্ৰভা বৰঠাকুৰে ভাষণত বৰ্তমান সমাজত নাৰীৰ সুৰক্ষাৰ দিশত ব্যাখ্যা দাঙি ধৰে। মহিলা সকলে ভুগি থকা বিভিন্ন সমস্যা সমুহৰ লগতে সমাজৰ পৰা অপৰাধ সমুহ আতৰাই কেনেদৰে মহিলা সকলক সুৰক্ষা প্ৰদান কৰিব পাৰি এই বিষয়ে আলোচনা কৰা হয়। মহিলা আয়োগৰ সদস্যা মামনী বৰাইয়ো উপস্হিত থাকি মহিলাৰ সমস্যা সমুহ দুৰ কৰি কেনেদৰে সুৰক্ষা প্ৰদান কৰিব পাৰি আৰু তৃণমূল পৰ্যায়লৈ সংযোগ স্থাপন কৰিব পৰা যায় , এইক্ষেত্ৰত পুলিচ তথা প্ৰশাসন ৰ লগত আলোচনা কৰে। সভাত উপস্হিত থাকে জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্হ, অতিৰিক্ত উপায়ুক্ত ,উন্নয়ন খণ্ড সমুহৰ খণ্ড উন্নয়ন বিষয়া সকল, আৰক্ষী থানা সমূহৰ ভাৰপ্ৰাপ্ত বিষয়া সকলো উপস্হিত থাকে। আনহাতে, অনুষ্ঠিত হোৱা আন এখন সভাত জিলা পৰিষদৰ সভাপতি, ৱাৰ্ড মেম্বাৰ, আৰু নিৰ্বাচিত সদস্য সকলকো লৈ মহিলাৰ সুৰক্ষা আৰু সজাগতা সম্পৰ্কীয় আলোচনা কৰা হয়।