গণ বাৰ্তা, গোলাঘাট ,৩ ছেপ্টেম্বৰ : টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি গোলাঘাটতো গোলাঘাট জিলা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত সমিতিৰ সদস্য সকলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে । টাই আহোম সকলক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু টাই আহোমক স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত সংগঠনটোৱে এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে । গোলাঘাট উপায়ুক্ত কাৰ্যালয় সমিপত ৰূপায়িত এই কাৰ্যসূচীত সংগঠনটোৰ নেতা সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰে। সদস্য সকলে প্ৰধানমন্তী নৰেন্দ্ৰ মোডী মূৰ্দাবাদ ,অসম চৰকাৰ হায় হায় , টাই আহোমক জনজাতি মৰ্যাদা প্ৰদান কৰক আদি শ্লগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । সংগঠনটোৰ নেতা সকলে অতি শীঘ্ৰে এই দাবী সমূহ মানি লবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে ইয়ি অন্যথা গণতান্ত্ৰিক আন্দোলন হুংকাৰো দিয়ে নেতা সকলে । অৱস্থান ধৰ্মঘটত টাই আহোম যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি শোভন কোৱৰ ,কাৰ্যকৰী সভাপতি বিকাশ কোৱৰ ,সাধাৰণ সম্পাদক বিবেক জ্যোতি গগৈ আদি নেতা সকল উপস্থিত আছিল ।