Home Main Stories জামুগুৰিহাটৰ উচ্ছেদৰ তীব্ৰ বিৰোধিতা এবিএমছুৰঃ বৈধ ভূমিহীন নাগৰিকক পুনঃসংস্থাপন অবিহনে উচ্ছেদ চলোৱাটো...

জামুগুৰিহাটৰ উচ্ছেদৰ তীব্ৰ বিৰোধিতা এবিএমছুৰঃ বৈধ ভূমিহীন নাগৰিকক পুনঃসংস্থাপন অবিহনে উচ্ছেদ চলোৱাটো গণতান্ত্ৰিক দেশৰ চৰিত্ৰ নহয়

112
0
A family whose house was demolished in Sootea in Assam’s Sonitpur district on 5-6 December 2019 .( Photo Courtesy: Afroz Alam Sahil )

শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ জামুগুৰিহাটৰ দীঘলী চাপৰি আৰু লালেটাপুত কালি কেবাটাও পৰিয়ালক পুনঃসংস্থাপন অবিহনে উচ্ছেদ চলোৱা কাৰ্যক এবিএমছুৱে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে আৰু শীঘ্ৰেই প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণসহ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে। এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা উল্লেখ কৰি সমগ্ৰ বিশ্ব‌ই কভিড মহামাৰীৰ সৈতে যুজি থকাৰ সময়তে একমাত্ৰ ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীৰ ভূমিহীন মানুহক বাংলাদেশী বুলি অপবাদ দি অসমৰ নৱনিৰ্বাচিত চৰকাৰখনে অমানৱীয়ভাৱে উচ্ছেদ কৰি চৰকাৰে নিজৰ পক্ষপাতমূলক ফেচিষ্ট চৰিত্ৰ উদঙাই দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ কৰা পৰিয়ালসমূহ যদি বাংলাদেশী হয় তেন্তে আৰক্ষীয়ে সেইসকলক গ্ৰেপ্তাৰ কৰি আইন অনুসৰি বাংলাদেশলৈ কিয় বিতাড়ন কৰিব পৰা নাই বুলিও হুছেইনে তাৎপৰ্যপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সময়ে সময়ে শোণিতপুৰ জিলাৰে উক্ত গৰাখহনীয়া পীড়িত পৰিয়ালখিনিক বাংলাদেশী বুলি অপবাদ দি ভোটবেংক ৰাজনীতিৰ স্বাৰ্থত ষড়যন্ত্ৰমূলকভাৱে চৰকাৰী যন্ত্ৰৰ দ্বাৰা এনেকৈ অন‌্যায়-অত্যাচাৰ চলাই অহা বুলি অভিযোগ উত্থাপন কৰি
বিশ্বৰ সৰ্ববৃহৎ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশত নিজৰেই ভূমিহীন নাগৰিকক বিদেশী বুলি অপবাদ দি পুনঃসংস্থাপন অবিহনে ৰাষ্ট্ৰযন্ত্ৰ‌ই এনেকৈ উচ্ছেদ কৰা এইসমূহ ঘটনা এবিএমছুৱে কেতিয়াও মানি নলয় বুলি টাইছন হুছেইনে স্পষ্ট কৰি দিয়ে। অসমত বিশেষকৈ বানপানী আৰু গৰাখহনীয়াৰ ফলত লাখ লাখ পৰিয়ালে মাটি-ভেটি হেৰুৱাই এনেকৈ যুগ যুগ ধৰি অঘৰী জীৱন যাপন কৰিবলগীয়া হৈছে আৰু চৰকাৰে সেইসমূহ পৰিয়ালক ভূমি প্ৰদান কৰি পুনঃসংস্থাপন কৰাৰ পৰিৱৰ্তে সময়ে সময়ে ৰাজনৈতিক স্বাৰ্থত সাম্প্ৰদায়িক মেৰুবিভাজনৰ উদ্দেশ্য এনেকৈ অমানৱীয়ভাৱে উচ্ছেদ চলাই আহিছে। পুনঃসংস্থাপন অবিহনে কোনো উচ্ছেদেই মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দি কভিদ পৰিৱেশৰ পিছতেই চৰকাৰৰ এনেকুৱা দমনমূলক উৎপীড়নৰ বিৰুদ্ধে আৰু ভূমিৰ অধিকাৰৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি টাইছন হুছেইনে প্ৰেছ বিবৃতিটোত উল্লেখ কৰে। একাংশ সংবাদমাধ্যমে উক্ত উচ্ছেদিতপৰিয়ালসমূহক সন্দেহজনক নাগৰিক বুলি অপবাদ দি উক্ত অঞ্চলটোক ‘মিনি বাংলাদেশ’ আখ্যা দিয়াটো এবিএমছুৰ দৃষ্টিগোচৰ হৈছে বুলি উল্লেখ কৰি হুছেইনে সংশ্লিষ্ট সংবাদ মাধ্যমসমূহক উক্ত উচ্ছেদিত পৰিয়ালসমূহৰ ভিতৰত যিকোনো এটা পৰিয়ালক তথ্যসহ বাংলাদেশী নাইবা বিদেশী নাইবা সন্দেহজনক বুলি প্ৰমাণ কৰি দেখুওৱাৰ প্ৰত্যাহ্বান জনাই অন্যথাই জনগণক উদ্দেশ্যেপ্ৰণোদিতভাৱে বিভ্ৰান্ত নকৰিবলৈও বিবৃতিটোৰ জৰিয়তে আহ্বান জনাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here