গণ বাৰ্তা, মৰিয়নি ২ জানুৱাৰী : মৰিয়নিৰ সমীপৰ দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নকছাৰী খেজুৰিগুৰিত কালি ৰাতি সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয় । মৃত যুৱকজন লুখুৰাখন গাঁৱৰ দুৰ্লভ ফুকন ( সঞ্জু ) (২২ বছৰ) বুলি জানিব পৰা গৈছে। মৰিয়নি-আমগুৰি ধোদৰ আলিত কালি ৰাতি প্ৰায় ৭-৪৫ মান বজাত এই দুৰ্ঘটনা সংঘটিত হয় ।ঘটনাৰ সম্পৰ্কত দেবেৰাপাৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কালি ৰাতি দেবেৰাপাৰ চাৰিআলিৰ পৰা ধোদৰ আলিয়েদি এ এছ – ০৩ – এক্স- ১৯৬৭ নম্বৰৰ স্কুটিৰে লুখুৰাখনৰ ঘৰলৈ গৈ থকা অৱস্থাত খেজুৰিগুৰিত পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে। ফলত গুৰুতৰভাৱে আহত হয় দুৰ্লভ। দেবেৰাপাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও যোৰহাটলৈ নি থকা অৱস্থাত ৰাস্তাতে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে, লুখুৰাখন গাঁৱৰ মৃনাল ফুকনৰ পুত্ৰ প্ৰয়াত দুৰ্লভ ফুকন ( সঞ্জু ) ছাত্ৰ সন্থাৰ কৰ্মী আছিল। নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নকছাৰী শাখা ছাত্ৰ সন্থাৰ এজন নিষ্ঠাবান নেতা আছিল প্ৰয়াত দুৰ্লভ। নতুন বছৰৰ প্ৰথম দিনটোতে সংঘটিত দুৰ্ঘটনাত হোৱা দুৰ্লভৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। তেওঁৰ আকস্মিক মৃত্যুত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, তিতাবৰ মহকুমা ছাত্ৰ সন্থা, নকছাৰী আঞ্চলিক ছাত্ৰ সন্থা আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকাকুল পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। আজি এক শোকাকুল পৰিবেশত দুৰ্লভৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।