Home যোৰহাট ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি জে বি কলেজত দুই ছাত্ৰ গোটৰ...

ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি জে বি কলেজত দুই ছাত্ৰ গোটৰ মাজত প্ৰচণ্ড মাৰপিত : এজাহাৰ দাখিল

85
0

গণ বাৰ্তা বিশেষ, যোৰহাট, ৩০ এপ্ৰিল ঃ যোৰহাট তথা উজনি অসমৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আজি অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আছু আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত পুৱতি নিশা সৃষ্টি প্ৰচণ্ড মাৰপিটৰ ঘটনা। যাৰ চৰম পৰিণতিত কেইবাজনো ছাত্ৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। প্ৰাপ্ত অভিযোগ অনুসৰি আজি পুৱতি নিশা মহাবিদ্যালয় ছাত্ৰাৱাসৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ফাৰহিনা আহমেদৰ  সমৰ্থনত একাংশ ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয় চৌহদত পোষ্টাৰ লগাবৰ বাবে আহে। কিন্তু ইয়াৰ পূৰ্বেই আছুৰ  প্ৰাৰ্থীজনৰ সমৰ্থনত ছাত্ৰ-ছাত্ৰী মহাবিদ্যালয়ৰ গেটৰ সন্মুখত ৰৈ আছিল আৰু দুয়ো ফৈদ মুখামুখি হোৱাৰ পিছতে তৰ্কযুদ্ধত লিপ্ত হয়। নিৰ্দলীয় প্ৰাৰ্থীজনৰ সমৰ্থকসকলে অভিযোগ কৰি কয় যে মহাবিদ্যালয়খনৰ গৌৰৱলৈ লক্ষ্য কৰিয়েই তেওঁলোক বাক্‌-বিতণ্ডাৰ পৰা আঁতৰত আছিল যদিও আছুৰ প্ৰাৰ্থীজনৰ সমৰ্থকসকলে কেৱল তৰ্কযুদ্ধতে ক্ষান্ত নাথাকি নিৰ্দলীয় প্ৰাৰ্থীজনৰ সমৰ্থকসকলক লাঠি, ৰড আদি লৈ উপৰ্যুপৰি প্ৰহাৰ কৰে। যাৰ ফলত এজন সমৰ্থক ছাত্ৰ আহত হয়।

পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকসকলক পথত বগৰাই চৰ, ঘোচা দিয়াৰ লগতে পোষ্টাৰসমূহো লগাবলৈ নিদিলে আছুৰ সমৰ্থকসকলে। ইয়াৰে অধিকাংশ অচিনাকি বুলি দাবী কৰিছে নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকসকলে। ইফালে, যোৰহাট আৰক্ষীৰ পেট্ৰ’লিং দলৰ গাড়ী ঘটনাস্থলীৰ ওচৰলৈ আহিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ আঁতৰি যায় বুলি অভিযোগ কৰিছে নিৰ্দলীয় সমৰ্থকসকলে। পৰৱৰ্তী সময়ত যোৰহাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয় যদিও বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। নিৰ্দলীয় সমৰ্থকৰ এই অভিযোগৰ বিপৰীতে আছুৰ সমৰ্থকসকলে এই ঘটনা সম্পূৰ্ণ এখন নাটক আখ্যা দি কয়— এয়া জে এন ইউৰ লেতেৰা ৰাজনীতিৰ অংশ মাথোঁ। এনে নাটকৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে নিৰ্দলীয় প্ৰাৰ্থীজনে। আছুৰ সমৰ্থকসকলে অভিযোগ কৰি কয় যে ইয়াত হিন্দু-মুছলমানৰ ৰাজনীতি কৰা হৈছে, জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ লগতে ছাত্ৰীৰ নিৰাপত্তা নাই বুলি অপপ্ৰচাৰ চলাই লেতেৰা ৰাজনীতি কৰিছে।  ইফালে, আজি এই ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীৰ নিৰাপত্তাৰ মাজত সুকলমে সম্পন্ন হয় নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। বাতৰি লিখা পৰলৈকে ভোটগণনা প্ৰক্ৰিয়া চলি আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here