Home স্থানীয় চিলাপথাৰত আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ পথ অৱৰোধ, বিক্ষোভ কাৰ্যসূচীঃ

চিলাপথাৰত আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ পথ অৱৰোধ, বিক্ষোভ কাৰ্যসূচীঃ

83
0

বিকাশ শইকীয়া , চিলাপথাৰঃ ২২ জুলাইঃ

ৰাজ্যত অস্বাভাৱিক বাবে আৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত আৰু চিলাপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । দিনৰ ১১ বজাত সংগঠনটোৰ শতাধিক কৰ্মকৰ্তাই হাতে হাতে প্লে কাৰ্ড লৈ আৰু অৱশ্যেকীয় সামগ্ৰী সমূহ সন্মুখত থৈ চিলাপথাৰ নগৰৰ ৰেল গ্ৰেটৰ সমীপত ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্য্যসূচী । প্ৰতিবাদী সকলে হিমন্ত বিশ্ব শৰ্মা, ৰনজিৎ দাস মুৰ্দাবাদ, যোগান বিভাগ হায়ঃ হায়ঃ ছাত্ৰ মুক্তি জিন্দাবাদ, গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে চিলাপথাৰৰ আকাশ বতাহ । প্ৰতিবাদ স্থলীত ধেমাজি জিলা ছাত্ৰ মুক্তি ৰ সাধাৰন সম্পাদক ৰুদ্ৰ ভূঞাই অংশগ্ৰহণ কৰি কয় যে আজি ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৩ বছৰ অতিক্ৰম কৰিছে কিন্তু বিশকিত অসমৰ শ্লোগান দিয়া এইখন বিজেপি চৰকাৰ দিনত মূল্য বৃদ্ধিৰ নামত কোনো নিৰাপত্তা নোৱাহোৱা হৈছে এতিয়া সাধাৰণ ৰাইজৰ । লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰনজিৎ দাসক ক্ষুৰধাৰ সমালোচনা কৰি কয় তেওঁলোকে মূল্য বৃদ্ধি নিয়ন্ত্ৰনত নিজৰ ব্যৰ্থতা স্বীক্ষাৰ কৰি পদত্যাগ কৰা দাবী উত্থাপন কৰে । লগতে বাজেটত ৰং চঙীয়া কবিতা আবৃত্তিৰে ভাষন দি থাকিলে নহ’ব আপোনালোকে প্ৰকৃত দুখীয়াক মূল্য বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰো দাবী তোলে ছাত্ৰ নেতাজনে । মুঠতে ক্ষুৰধাৰ সমালোচনাৰে শাসকীয় বিজেপি চৰকাৰ খনক থকা সৰকা কৰা দেখা যায়। পথ অৱৰোধ ফলত চিলাপথাৰৰ নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শ শ যান বাহন বহু সময় ধৰি আবদ্ধ হোৱা পৰিলক্ষিত হয় । আজিৰ এই কাৰ্য্যসূচীত সংগঠনটোৰ জিলা সম্পাদক ৰুদ্ৰ ভূঞা, সাংগঠনিক সম্পাদক দ্বিপমজ্যোতি ফুকন, চিলাপথাৰৰ আঞ্চলিকৰ সভাপতি অভিজিৎ খনিকৰ, সম্পাদক হিতেশ ডেকা, আদি সংগঠনটোৰ শতাধিক কৰ্মকৰ্তা উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here