Home ক্ৰীড়া আন্তঃজিলা এথলেটিকছত শুৱালকুছিৰ ডিম্পী মেধিৰ সাফল্য

আন্তঃজিলা এথলেটিকছত শুৱালকুছিৰ ডিম্পী মেধিৰ সাফল্য

411
0

গণ বাৰ্তা, ক্রীড়া, হাজো, ১৩ মাৰ্চ :– গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত আৰু অসম ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত ৪৩ সংখ্যক আন্তঃজিলা এথলেটিকচ্ প্ৰতিযোগিতাত ২ টাকৈ পদক লাভেৰে শুৱালকুছিৰ ডিম্পী মেধিয়ে গৌৰৱ কঢ়িয়াই আনে। শুৱালকুছি স্প’ৰ্টছ একাডেমীৰ ছাত্ৰী ডিম্পীয়ে শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে ২০ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাৰ ২০০ মিটাৰ দৌৰত ৰূপৰ পদক আৰু একে শাখাৰে ৪০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। শুৱালকুছি ৰাজগড় নিবাসী ডিম্বেশ্বৰ মেধি আৰু ৰেখা মেধিৰ কন্যা ডিম্পীৰ এই সাফল্যৰ পিছতে শুৱালকুছি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিষয়-ববীয়া বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে শুৱালকুছি ক্ৰীড়া সন্থাকে ধৰি শুৱালকুছিৰ ভিন্ন অনুষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে। বৰ্তমান স্প’ৰ্টছ একাডেমী অৱ শুৱালকুছিত ধিং এক্সপ্ৰেছ হিমা দাসৰ প্ৰশিক্ষক নৱজিত মালাকৰে প্ৰশিক্ষণ প্ৰদান কৰি আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here