গণবাৰ্তা দেৰগাঁও, ২ ফেব্ৰুৱাৰীঃ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ কিক্ বক্সিং ক্ৰীড়াৰ অগ্ৰনী সংস্থা ‘বাঁহগুৰী এমেচাৰ কে -১ এছচিয়েছন’ৰ খেলুৱৈ সকলে সদৌ অসম ভিত্তিত আন্তঃজিলা কুম্ফু প্ৰতিযোগিতাত বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। সংস্থাৰ চৈধ্য গৰাকী খেলুৱৈয়ে কাৰ্বিআলং জিলাৰ বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত ২৮, ২৯ আৰু ৩০ জানুৱাৰীত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা নৱম সংখ্যক কুম্ফু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৬ গৰাকী খেলুৱৈ ক্ৰমে জুবিন টায়ে, মিচ্ লক্ষী দলে, মনজিৎ পাচুং, দেৱ কুমাৰ পাচুং, ক্ৰিছ পাচুং আৰু অনুল টায়ে সোনৰ পদক, দীপ পাচুং, জান দলে বিশ্বজিৎ দলে, ৰাহুল পাচুং, কুশল পাচুং আৰু মিচ্ কৰিস্মিতা দলেই ৰূপৰ পদক লাভ কৰাৰ লগতে দিৱ্যজ্যোতি পাচুং আৰু পাপলু পাচুঙে ব্ৰঞ্জৰ পদক সহ মুঠ চৈধ্যটা পদক অৰ্জনেৰে গোলাঘাট জিলাৰ ভিতৰতে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰশিক্ষক সৌৰভ পাচুংৰ নেতৃত্বত যোৱা এই দলটিয়ে বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লগতে দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই সাফল্য লাভ কৰা খেলুৱৈ সকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে বাঁহগুৰি ৰংগমঞ্চৰ প্ৰাংগণত বাঁহগুৰি এমেচাৰ কে-১ এছচিয়েছনৰ উদ্যোগত অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি গোপিকান্ত পাছুঙৰ পৌৰহিত্যত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত আঁত ধৰে সাংবাদিক কুমুদ বৰাই। অনুষ্ঠানটিত পদক অৰ্জন কৰা সকলক অভিনন্দন জনোৱাৰ লগতে বাঁহগুৰি এমেচাৰ কে-১ এছচিয়েছনৰ পাঁচ গৰাকী প্ৰশিক্ষাৰ্থীক এই অনুষ্ঠানতে গ্ৰেণ্ড মাষ্টাৰ তথা অসম আৰক্ষীত কৰ্মৰত কালামন দলেই ‘ব্লেক বেল্ট ফাষ্ট ডান’ ডিপ্লমা প্ৰদান কৰে।এই অভিনন্দন অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে এছচিয়েছনৰ সভাপতি প্ৰমানন্দ পাছুঙে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।