Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় নতুন ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ

নতুন ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ

95
0


নতুন দিল্লী, ২০ জানুৱাৰী: ভাৰতে বৃহস্পতিবাৰে ব্ৰহ্মোচ ছুপাৰ ছ’নিক ক্ষেপণাস্ত্ৰৰ এক নতুন সংস্কৰণৰ সফল পৰীক্ষণ সম্পূৰ্ণ কৰে৷ ওড়িশাৰ বালাচোৰৰ উপকূলৰ পাৰত কৰা হৈছিল এই পৰীক্ষা৷ প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই এই বিষয়ে সদৰী কৰা অনুসৰি, ব্ৰহ্মোচ মিছাইলৰ এই নতুন সংস্কৰণত যথেষ্ট প্ৰযুক্তিগত উন্নয়ন কৰা হৈছে৷ যাৰ গুণগত মান আৰু কাৰ্যকাৰিতা এই শেহতীয়া পৰীক্ষণৰ দ্বাৰা সফলভাৱে প্ৰমাণ কৰিব পৰা গৈছে৷ যোৱা সপ্তাহত ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজ আই এন এছ বিশাখাপট্টনমৰ পৰা এই ব্ৰহ্মোচ ছুপাৰ ছ’নিক মিছাইলৰ সফল সম্পৰীক্ষণ কৰা হৈছিল৷ উন্নত মানৰ এই ব্ৰহ্মোচ ছুপাৰ ছ’নিক মিছাইলৰ চি টু চি ভেৰিয়েণ্টৰ পৰীক্ষণ সম্পূৰ্ণ হ’ল৷ এই মিছাইলে সঠিকভাৱে নিজৰ লক্ষ্যত আঘাত হানিব পাৰিছে৷ ডিআৰডিঅ’ৰ এক বিশেষজ্ঞই এই বুলি জনায়৷ মন কৰিবলগীয়া যে এই ব্ৰহ্মোচ ক্ষেপণাস্ত্ৰসমূহ হ’ল ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজসমূহৰ প্ৰধান অস্ত্ৰ আৰু এই ক্ষেপণাস্ত্ৰসমূহ নৌ সেনাৰ সকলো ঘাটিতেই ইতিমধ্যেই স্থাপন কৰা হৈছে৷ এই ক্ষেপণাস্ত্ৰৰ পানীৰ তলত ব্যৱহাৰ কৰিব পৰা এক সংস্কৰণৰ ওপৰতো কাম চলি আছে৷ ইয়াৰ সফল সম্পৰীক্ষণৰ পাছত ভাৰতৰ বাহিৰেও দেশৰ বন্ধু ৰাষ্ট্ৰসমূহলৈও বিক্ৰী তথা ১৫ানিৰ পৰিকল্পনাৰ কথা ভবা হৈছে বুলি প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here