Home অসম জি এম চি এইচত ৪৬২ গৰাকী কোৰোনা ৰোগী: সকলোকে ক’ভিড বিধি মানি...

জি এম চি এইচত ৪৬২ গৰাকী কোৰোনা ৰোগী: সকলোকে ক’ভিড বিধি মানি চলাৰ আহ্বান অধীক্ষক অভিজিৎ শৰ্মাৰ

90
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ জানুৱাৰী: দেশত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰাৰ সময়তে ৰাজ্যতো ক্ৰমশঃ ক’ভিডৰ ঢৌ আৰম্ভ হৈছে৷ কালিৰ দিনটোত ৰাজ্যত প’জিটিভিটিৰ হাৰ ৪.৪৯ শতাংশলৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে কালি ৰাজ্যত ২,১৯৮ জন কোৰোনা ৰোগী ধৰা পৰিছে৷ ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতে ৭৬০জন কোৰোনা ৰোগী ধৰা পৰিছে৷ গুৱাহাটীৰ কে’বাটাও স্থান কোৰোনাৰ হটস্পট হিচাপে পৰিগণিত হৈছে৷ আনহাতে, গুৱাহাটীৰ ৰে’ল ষ্টেচনত এশৰ অধিক কোৰোনা ৰোগী বিগত দহটা দিনত ধৰা পৰিছে৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ মাজত অধিক হাৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে৷ ইপিনে, আজিৰ দিনটোলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৪৬২জন কোৰোনা ৰোগী চিকিৎসাধীন হৈ থকা বুলি অধীক্ষক অভিজিৎ শৰ্মাই জানিবলৈ দিছে৷ ইয়াৰে জ্ঝজন ৰোগী আইচিইউত চিকিৎসাধীন হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে৷ কালিৰ দিনটোত দহজন ৰোগী আইচিইউতভৰ্তি হৈ আছিল যদিও আজি এগৰাকী আৰোগ্য হৈ জেনেৰেল বেডলৈ আহিছে বুলি তেওঁ উল্লেখ কৰে৷ সম্প্ৰতি চিকিৎসা মহাবিদ্যালয়খনত ১,৫০০খন ক’ভিড বিছনা আছে আৰু ইয়াৰে মাত্ৰ ৪৬২খনহে ব্যৱহাৰ হৈ আছে বুলি জানিবলৈ দি সকলোকে ক’ভিড বিধি মানি চলিবলৈ আহ্বান জনায় জিএমচি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here