Home ৰাজনীতি পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ যাব সুস্মিতা দেৱ

পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ যাব সুস্মিতা দেৱ

129
0

কলকাতা, ১৪ ছেপ্টেম্বৰ : সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সুস্মিতা দেৱে শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ কিছু দিনৰ পিছতেই মমতা বেনাৰ্জীয়ে এইগৰাকী নেত্ৰীক ৰাজ্যসভালৈ পঠিওৱাৰ যো-জা চলাইছে৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ প্ৰমুখ মমতা বেনাজ¹য়ে কংগ্ৰেছ ত্যাগ কৰি টিএমচিত যোগদান কৰা সুস্মিতা দেৱক ৰাজ্যসভাৰ প্ৰাথ¹ কৰাৰ আজি আনুষ্ঠানিক ঘোষণা কৰে৷ টিএমচিয়ে টুইটাৰৰ জৰিয়তে এই কথা অৱগত কৰিছে৷ টুইটাৰত লিখিছে যে সুস্মিতা দেৱক সংসদৰ উচ্ছ সদনৰ প্ৰাথ¹ কৰিবলৈ পাই অতিকে আনন্দিত৷ মহিলা সবলীকৰণ আৰু ৰাজনীতিত মহিলাৰ অধিক অংশগ্ৰহণৰ যি লক্ষ্য মমতা বেনাজ¹য়ে নিৰ্ধাৰণ কৰিছে সেই লক্ষ্য সু-নিশ্চিত কৰাৰ বাবে সুস্মিতা দেৱক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ পশ্চিমবংগৰ এখন আসনৰ পৰা সুস্মিতা দেৱে ৰাজ্যসভালৈ যাব বুলি জানিব পৰা গৈছে৷ পশ্চিম বংগত এখন ৰাজ্যসভাৰ আসন খালী আছে৷ সাংসদ ড॰ মানস ৰঞ্জন ভনীয়ন বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ মমতা বেনাজ¹ৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পিছতেই উক্ত সাংসদ পদটো খালী হৈ আছে৷ পশ্চিমবংগত খালী হৈ থকা ৰাজ্যসভাৰ সাংসদ পদটোত সুস্মিতা দেৱক স্থান দি দিল্লীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছে৷ এই ঘোষণাৰ পিছত সুস্মিতা দেৱে টুইটাৰৰ জৰিয়তে মমতা বেনাজ¹ৰ প্ৰতি গভীৰ আস্থা প্ৰকাশ কৰে৷ তেওঁ কয়, অন্তৰৰ পৰা মমতা বেনাজ¹ক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ মই নিজৰ তৰফৰ পৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি যাম বুলি উল্লেখ কৰে৷ উল্লেখ্য যে সুস্মিতা দেৱে ১৬ আগষ্টত কংগ্ৰেছ ত্যাগ কৰি টিএমচিত যোগদান কৰিছিল৷ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছতেই ত্ৰিপুৰাত টিএমচিৰ ভেটি শক্তিশালী কৰাৰ বাবে সুস্মিতা দেৱে কাম কৰি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here