Home স্থানীয় যোৰহাটত যুৱক নিৰুদ্দেশ , আলফালৈ যোৱাৰ সন্দেহ

যোৰহাটত যুৱক নিৰুদ্দেশ , আলফালৈ যোৱাৰ সন্দেহ

253
0


ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট, ২৩ মাৰ্চ ঃ যোৰহাটৰ নিমাটীঘাটৰ সমীপৱৰ্তী ভিতৰককিলা গাঁৱৰ কুশল দাসৰ পুত্ৰ তথা বাহনা কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অংকুৰ দাস [১৭] যোৱা ২০ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে৷ উক্ত দিনা পুৱা জিমলৈ ওলাই যোৱাৰ পাছৰে পৰা ঘৰলৈ ঘূৰি অহা নাই৷ দুপৰীয়ালৈকে ঘৰৰ লগত যোগাযোগ আছিল যদিও বিয়লিৰ পৰা ফোনৰ ছুইছ অফ হৈ যায়৷ তাৰ পাছৰে পৰা যুৱকজনৰে যোগাযোগ সম্ভৱ হৈ উঠা নাই৷ এই সন্দৰ্ভত নিশায়েই আৰক্ষী থানাত এজাহাৰ দিয়া হয় যদিও এই পৰ্যন্ত অংকুৰৰ কোনো সন্ধান ওলোৱা নাই৷ ইপিনে, স্থানীয়ভাৱে যুৱকজন নিষিদ্ধ ঘোষিত আলফা [স্বাধীন]ত যোগ দিয়াৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যোৱা বুলি এক খবৰ ওলাইছে৷ আৰক্ষীয়ে এই পৰ্যন্ত সেই সম্পৰ্কত কোনো তথ্য লাভ কৰা নাই৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকেও কোনো খবৰ লাভ কৰা নাই যদিও স্থানীয় খবৰৰ ভিত্তিত পিতৃ আৰু মাতৃয়ে নিজ পুত্ৰক ঘৰলৈ ঘূৰি আহিবলৈ আহ৩ান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here