Home Main Stories জব্দকৃত চাউলক কেন্দ্ৰ কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া-চিপাহীৰ মাজত সংঘাত

জব্দকৃত চাউলক কেন্দ্ৰ কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া-চিপাহীৰ মাজত সংঘাত

181
0

গণ বার্তা, তামাৰহাট ৫ জানুৱাৰী : চোৰাং চাউল জব্দ কৰাক কেন্দ্ৰ কৰি কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অধিনস্থ গ্ৰাহামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু এগৰাকী চিপাহীৰ মাজত তীব্ৰ  সংঘাতৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে, যোৱা নিশা পশ্চিমবঙ্গৰ অবৈধ চাউল ব্যাৱসায়ী চক্ৰ এটাই ডব্লিউ বি ৬৯ এ ৬১৩৭ নম্বৰৰ মিনি ট্ৰাক এখনত কোকৰাঝাৰ জিলাৰ বাঁশবাৰীৰ পৰা ১৬ কুইন্টল অবৈধ চাউল বোজাই কৰি তামাৰহাট-হাৰাফুটা গড়কাপ্তানী পথেৰে  শ্ৰীৰামপুৰ হৈ পশ্চিমবঙ্গৰ ফালে তীব্ৰ গতিত গৈ আছিল। ইফালে অন্যান্য দিনাৰ দৰে যোৱা নিশাও গ্ৰাহামপুৰ আৰক্ষী চকীত কৰ্মৰত ৰঞ্জিত সৰকাৰ নামৰ চিপাহী এজনৰ নেতৃত্বত পহৰাৰত আৰক্ষীৰ এটা দলে উক্ত তীব্ৰবেগী গাড়ী খন প্ৰত্যক্ষ কৰি ৰখাবলৈ সংকেত দিয়ে। কিন্তু চালকে গাড়ী নৰখাই তীব্ৰ বেগেৰে গুচি যায় । তৎক্ষণাত আৰক্ষীৰ দলটোৱ গাড়ী খনৰ পিচে পিচে খেদীগৈ জাকবপুৰত গাড়ী খনৰ লগতে গাড়ীৰ চালক বাপ্পী বাচুক আৰু গাড়ীৰ গৰাকী শ্ৰীদাম পালক আটক কৰিবলৈ সক্ষম হয়। উক্ত খবৰ পাই চোৰাং চাউল ব্যাৱসায়ীৰ লগত গোপন বুজা বুজি থকা গ্ৰাহামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্বেশ্বৰ দাসে জব্দকৃত চাউল ভৰ্তি গাড়ী খন এৰি দিবলৈ চিপাহী ৰঞ্জিত সৰকাৰক তীব্ৰ হেঁচা প্ৰয়োগ কৰে। কিন্তু সৎ তথা নিকা স্বভাৱৰ চিপাহী জনে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ কথাত গুৰুত্ব নিদি গাড়ী খন আৰক্ষী চকীলৈ নিয়ে আৰু বিষয়া গৰাকীক সাঙুৰি এখন ইজাহাৰ লিখি ভাৰপ্ৰাপ্ত বিষয়া জনক দিবলৈ যায়। কিন্তু চিপাহী জনৰ তেনে ব্যাৱহাৰত অসন্তুষ্ট হৈ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে চিপাহী জনৰ হাতৰ পৰা ইজাহাৰ খন কাঢ়ি নি চিপাহী ৰঞ্জিত সৰকাৰক নানা ধৰণৰ ভয় ভাবুকি প্ৰদান কৰে। ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ ধমকিক কেৰেপ নকৰি চিপাহী জনে ওলোটাই ভাৰপ্ৰাপ্ত বিষয়া জনকহে গ্ৰেপ্তাৰ কৰিবলৈ পহৰাৰ দায়িত্বত থকা চিপাহী জনক নিৰ্দেশ দিয়ে। ইয়াৰ ফলত চিপাহী আৰু ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ মাজত তীব্ৰ বাক্ বিতণ্ডাৰ সৃষ্টি হয়। পিছত উপায়ন্তৰ হৈ চিপাহী জনে উৰ্দ্ধতন আৰক্ষী বিষয়াক ঘটনা সন্দৰ্ভত অবগত কৰে । ইপিনে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জব্দকৃত গাড়ী খনৰ চালকৰ গলত বুজা বুজি থকা বুলি  চিপাহীক গাড়ী খন এৰি দিয়াৰ ধমকি দিয়াৰ  লগতে সমস্ত ঘটনা মোবাইলত ৰেকোৰ্ডিং কৰি ৰাখিছে চিপাহী জনে। সম্প্ৰতি নিৰাপত্তাহীনতাত ভোগী থকা চিপাহী গৰাকীয়ে উৰ্ধতন কৰ্তৃপক্ষ তথা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। উক্ত ঘটনাৰ ফলত আৰক্ষী চকী খনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here