Home Main Stories চাৰিদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিব ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সদস্যা ছৈয়দ ছাহেজাদী

চাৰিদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিব ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সদস্যা ছৈয়দ ছাহেজাদী

156
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ আগষ্ট
ঃ সংখ্যালঘু সম্প্ৰদায়ৰ সামাজিক, আৰ্থিক আৰু শৈক্ষিক অৱস্থাৰ পৰ্যালোচনা কৰিবলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সদস্যা ছৈয়দ ছাহেজাদী৷ ২৮ আগষ্টৰ পৰা ৩১ আগষ্টলৈ অসম ভ্ৰমণলৈ আহিবলগীয়া ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সদস্যগৰাকীয়ে অসমৰ সংখ্যালঘু সম্প্ৰদায়ে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰাজিৰ বুজ লোৱাৰ লগতে প্ৰধানমন্ত্ৰীৰ ১৫দফীয়া কাৰ্যসূচী, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা সমৰ্থিত বিভিন্ন যোজনাৰ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰিব৷ অসমৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে জানিবলৈ দিয়া মতে ২৮ আগষ্টৰ সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব সদস্য ছৈয়দ ছাহেজাদী৷ ৰাজ্যিক অতিথিশালাত নিশা কটোৱাৰ পিছত ২৯ আগষ্টৰ ১১ বজাত ৰাজ্যিক সংখ্যালঘু আয়োগ, ৱাকফ ব’ৰ্ড, হজ কমিটী, সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ যসদস্যয সচিবয মুখ্য কাৰ্যবাহী বিষয়া আৰু বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব৷ বিয়লি চাৰি বজাত অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত সংখ্যালঘু সম্প্ৰদায়ৰ বিশেষকৈ জৈন, পাৰ্চী, বৌদ্ধ, খ্ৰীষ্টিয়ান, মুছলিম আৰু শিখ ধৰ্মগুৰুসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰিব৷ পিছদিনা অৰ্থাৎ ৩০ আগষ্টত ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সদস্যগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ নতুন ১৫দফীয়া কাৰ্যসূচী আৰু সংখ্যালঘু কল্যাণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা সমৰ্থিত বিভিন্ন আঁচনি সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিব, সংখ্যালঘু কল্যাণ বিভাগৰ প্ৰধান সচিব, সংশ্লিষ্ট বিভাগৰ সচিবসকল, অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান আৰু অন্যান্য চৰকাৰী বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব৷ বিয়লি চাৰি বজাত দিছপুৰত প্ৰধানমন্ত্ৰীৰ জনবিকাশ কাৰ্যক্ৰম প্ৰকল্প পৰিদৰ্শন কৰিব সদস্যগৰাকীয়ে৷ ৩১ আগষ্টৰ ১১.৩০ বজাত সংখ্যালঘুসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সন্দৰ্ভত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিৰ সৈতে এক আলোচনাত মিলিত হ’ব৷ এক বজাত ৰাজ্যিক অতিথিশালাত অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত সংবাদ সন্মিলন সম্বোধন কৰিব ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সদস্য ছৈয়দ ছাহেজাদীয়ে৷ বিয়লি পাঁচ বজাৰ লগে লগে চাৰিদিনীয়া ভ্ৰমণসূচী সামৰি দিল্লীলৈ উৰা মাৰিব বুলি জানিবলৈ দিয়ে সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here