Home ক্ৰীড়া তামুলপুৰ জিলা যুৱ ইউপিপিএলৰ উদ্যোগত হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা

তামুলপুৰ জিলা যুৱ ইউপিপিএলৰ উদ্যোগত হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা

331
0

গণবাৰ্তা ,তামুলপুৰ,৫ ছেপ্টেম্বৰঃ তামুলপুৰ জিলা যুৱ ইউপিপিএলৰ উদ্যোগত জ্যেষ্ঠ সমাজ কৰ্মী তথা ইউপিপিএলৰ  প্ৰয়াত উপদেষ্টা মদন মহন শৰ্মাৰ সোঁৱৰণত আজি পুৱা পুৰুষ আৰু মহিলাৰ মাজত এক হাফ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয়। নাগ্ৰীজুলি হাইলেণ্ডৰ পৰা তামুলপুৰ মটঙাপাৰলৈ অনুষ্ঠিত হোৱা হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা‌খনি আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োই। প্ৰতিযোগিতাখন উদ্বোধন কৰি তেওঁ কয় বিটিচিত অনুষ্ঠিত হোৱা এনে প্ৰতিযোগিতাই বিটিচিৰ লৰা-ছোৱালী বোৰক ক্ৰীড়াৰ প্ৰতি অনুপ্ৰাণিত কৰিব। অনাগত দিনত এই ধাৰা অব্যাহত ৰাখিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি বিপুল বসুমতাৰীয়ে সুস্থ সবল সমাজ গঢ়াৰ লগতে এচাম সুস্থ-সবল ডেকা এনে প্ৰতিযোগিতাৰ জৰিয়তে পাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰায় ১৭ কিলোমিটাৰ জোৰা আৰু পাঁচ শ পুৰুষ আৰু দুশ মহিলাই অংশগ্ৰহণ কৰা এই হাফ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ পুৰুষ শাখাত অৰবিন্দ বড়ো(বৰাজোল)ই প্ৰথম,সঞ্জয় দত্ত (খৈৰাণী)ই দ্বিতীয়  আৰু মণিৰাম বসুমতাৰী(সোণতলা)ই তৃতীয় স্থান দখল কৰে। আনহাতে  মহিলা শাখাত মেলানি কুজুৰে(ডুমুনী) প্ৰথম, ৰূপালী বড়ো(নিজ বেতনা )ই দ্বিতীয় আৰু  অজিতা তিৰ্কি(ডুমুনী )য়ে তৃতীয় স্থান দখল কৰে। প্ৰতিযোগিতাৰ অন্তত তামুলপুৰ জিলা যুৱ ইউপিপিএলৰ সভাপতি ৰোমিত স্বৰ্গীয়াৰীয়ে আঁঁতধৰা এক সভাত  তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি বিপুল বসুমতাৰী,তামুলপুৰ উন্নয়ন খণ্ডৰ টিচি এল চিচিৰ অধ্যক্ষ পৱিত্ৰ নাৰ্জাৰী,যুৱ সমাজ কৰ্মী সোনেশ্বৰ বড়ো ,তামুলপুৰ জিলা ইউপিপিএলৰ মহিলা শাখাৰ সভানেত্ৰী কুঞ্জ বসুমতাৰী আৰু সাধাৰণ সম্পাদিকা মাধৱী স্বৰ্গীয়াৰীয়ে বঁটাসমূহ বিতৰণ কৰে। বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীক সংগ দিয়ে এমচিএল এ পৱিত্ৰ বড়োই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here