Home গুৱাহাটী মেধাৱী ছাত্ৰ ৰুবুল হক চৌধুৰীৰ হত্যাকাণ্ড সন্দৰ্ভত তাৰাবাৰী আৰক্ষীৰ সংবাদ মেল :...

মেধাৱী ছাত্ৰ ৰুবুল হক চৌধুৰীৰ হত্যাকাণ্ড সন্দৰ্ভত তাৰাবাৰী আৰক্ষীৰ সংবাদ মেল : ৪৮ ঘন্টাৰ ভিতৰত ৬ অভিযুক্তক গ্ৰেপ্তাৰ

177
0

গণ বাৰ্তা, চেঙা, ২০এপ্ৰিলঃ  বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰিয়া চতলা গাঁৱৰ চৌকত আলীৰ পুত্ৰ ৰুবুল হক চৌধুৰীৰ(২২) হত্যাকাণ্ড সন্দৰ্ভত আজি তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীব নেওগে  সংবাদ মেল সম্বোধন কৰে। হত্যাকাণ্ডটোৰ লগত জড়িত থকাৰ অভিযোগত  ৪৮ ঘন্টাৰ ভিতৰত ৬ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তাৰাবাৰী আৰক্ষীয়ে । ধৃত যুৱক কেইজন তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বান্দালী ৰিজাৰ্ভ গাঁৱৰ প্ৰয়াত চুলতান খানৰ পুত্ৰ লাল মামুদ খান(৪১), লুকমান খানৰ পুত্ৰ ইনজামুল খান(২২), আনোৱাৰ হুছেইনৰ পুত্ৰ চাইফুল ইছলাম(২২), ফটিক আলীৰ পুত্ৰ দাৰক আলী ওৰফে জাকিৰ আলী(২৩), প্ৰয়াত হাইদৰ ফকিৰৰ পুত্ৰ বাদশ্বাহ ফকিৰ(৩৭) আৰু প্ৰয়াত আব্দুল আৱালৰ পুত্ৰ ফৰিদুল আলী(৩৭) বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া ৰাজীৱ নেওগে । প্ৰেম প্ৰত্যাখ্যান আৰু টকাৰ লালসাতে ৰুবুল হক চৌধুৰী হত্যাৰ বলি  হ’ল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।উল্লেখ্য যে যোৱা ১৬ এপ্ৰিলত ৰুবুল হক চৌধুৰীয়ে নিজৰ প্ৰেয়সীক সাক্ষাৎ কৰিবলৈ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বান্দালী গাঁৱত উপস্থিত হয় । প্ৰেয়সীৰ স’তে ৰুবুলে  বান্দালী ৰিজাৰ্ভ গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত কথা পাতি থকাৰ সময়ত পূৰ্বৰ পৰাই অনুসৰণ কৰি থকা তিনিজন যুৱকে ৰুবুল হক চৌধুৰী আৰু ছোৱালীজনীক আটক কৰি  উপৰ্যুপৰি মাৰপিট কৰে। স্থানীয় যুৱক ইনজামুল খানৰ প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে ইনজামুল খানে  ৰুবুল হক চৌধুৰীক দুই বন্ধু চাইফুল ইছলাম আৰু দাৰগ আলীৰ সহযোগত মাৰপিট কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। ইয়াৰ পিছতেই যুৱতীগৰাকীক ঘৰলৈ যাবলৈ দি আন তিনিগৰাকী যুৱক ঘটনাটোত জৰিত হৈ ৰুবুল হক চৌধুৰীক মাৰপিট কৰি তিনি লাখ টকা দাবী কৰে। পক্ষাঘাতগ্ৰস্ত পিতৃৰ সন্তান ৰুবুল হক চৌধুৰীৰ বাবে তিনি লাখ টকা আদায় দিয়াটো সম্ভৱ নহ’ব বুলি কোৱাৰ পিছতেই লাল মামুদ খানে মবাইল ফোনযোগে দিয়া নিৰ্দেশমৰ্মে ইনজামুল খান, দাৰগ আলী ওৰফে জাকিৰ আলী, বাদশ্বাহ ফকিৰ, ফৰিদুল আলী আৰু চাইফুল ইছলামে চৰ, ঘোচা, লাঠী, ইটাৰে উপৰ্যুপৰি আক্ৰমণ কৰি অণ্ডকোষত গুৰিয়াই ৰুবুল হক চৌধুৰীক নিৰ্মমভাবে হত্যা কৰি মৃতদেহটো ব্ৰহ্মপুত্ৰত পেলাই দি ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাই অভিযুক্তসকলে। আনহাতে ৰুবুলে ছোৱালীজনীৰ সৈতে অসামাজিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ তুলি ৰুবুলক আৱদ্ধ কৰি মাতব্বৰী কায়দাৰে অভিযুক্তসকলে  ধন ঘটাৰ পৰিকল্পনা কৰা বুলিও আৰক্ষীৰ জেৰাত প্ৰকাশ পাইছে বুলি আৰক্ষী বিষয়া ৰাজীৱ নেওগে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে। ঘটনা সংঘটিত হোৱাৰ দিনাই তাৰাবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে এচ ডি আৰ এফৰ সহযোগত ৰুবুল হক চৌধুৰীৰ সন্ধান বিচাৰি ব্ৰহ্মপুত্ৰত অভিযান চলাইছিল ।অভিযুক্তসকলে অনুসন্ধান আৰু তদন্ত প্ৰক্ৰিয়াত  আৰক্ষীকো বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলোৱা বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে। ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ হোৱা ৰুবুল হক চৌধুৰীৰ চেণ্ডেলযোৰ আৰু অভিযুক্তসকলৰ কথাৰ বিসংগতিৰ আঁত ধৰিয়েই হত্যাকাণ্ডৰ সন্দেহ কৰি তাৰাবাৰী আৰক্ষীয়ে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, অতিৰিক্ত  আৰক্ষী অধীক্ষক(সদৰ) ড৹  প্ৰদীপ শইকীয়া, উপ আৰক্ষী অধীক্ষক (সদৰ) সমীৰদপ্তৰ বৰুৱাৰ  তত্বাৱধানত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত  আৰক্ষী বিষয়া ৰাজীৱ নেওগে আৰম্ভ কৰিছিল তদন্ত । যোৱা ১৮ এপ্ৰিলত বহৰি পাৰঘাটৰ ওচৰত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হৈছিল বি. ফাৰ্ম পঢ়ি থকা  মেধাৱী ছাত্ৰ ৰুবুল হক চৌধুৰীৰ মৃতদেহ ।  হত্যাকাণ্ডটোৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন দুৰ্বৃত্তক কালি বৰপেটা আদালতত হাজিৰ কৰোৱাত মহামান্য আদালতে গোটেইকেইজনক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে। এগৰাকী নিৰীহ যুৱক তথা মেধাৱী ছাত্ৰক সূৰ্য্যৰ পোহৰতে নৃশংসভাৱে হত্যা কৰা নৰপিশাচ হত্যাকাৰীকেইটাই যাতে দৃষ্টান্তমূলক শাস্তি লাভ কৰে তাৰ বাবে প্ৰশাসনৰ ওচৰত সচেতন লোকে দাবী উত্থাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here