গণ বাৰ্তা ,ফুলনি, ৩১ আগষ্ট:অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, ভাষা-সাহিত্যৰ অক্লান্ত সাধক, সমন্বয়ৰ সেতু গঢ়োঁতা, মাজুলী মহাবিদ্যালয়ৰ প্ৰথম দলৰ ছাত্ৰ তৰুণ চন্দ্ৰ পামেগামৰ ৩৭ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে আজি মাজুলী মহাবিদ্যালয় প্ৰাংগণত অৱস্থিত ‘পঞ্চৰত্ন ক্ষেত্ৰ’ত সম্পূৰ্ণ ক’ভিড নীতি মানি এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে ‘পঞ্চৰত্ন ক্ষেত্ৰ’ত প্ৰতিস্থাপিত তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্তিকে ধৰি ‘মাজুলীৰ পঞ্চৰত্ন’ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক দীনেশ পেগুৱে আঁত ধৰা সভাত বিশিষ্ট সাহিত্যিক তথা সমাজ সংগঠকগৰাকীৰ স্মৃতিচাৰণ কৰি অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়,’কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিৰ সেৱা আৰু উৎকৰ্ষ সাধনৰ বাবেই জীৱন উছৰ্গিত কৰা তৰুণ চন্দ্ৰ পামেগাম প্ৰকৃততেই ত্যাগ, সাহস আৰু সমন্বয়ৰ মূৰ্তিমান প্ৰতীক। ভিতৰুৱা পৰিবেশৰ মাজত থাকিও অক্লান্ত ত্যাগ আৰু নিঃস্বাৰ্থ সেৱামূলক মনোভাবেৰে পামেগামদেৱে আমাক যিমানখিনি দিলে, অসমীয়া জাতি জীয়াই থকালৈকে তাক কোনেও পাহৰিব নোৱাৰে।’ স্মৃতিচাৰণ অনুষ্ঠানত মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক প্ৰণৱজ্যোতি বৰা, ডঃ মহম্মদ আমিনুল ইছলাম, মিছিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম, টি এম পি কে, মাজুলী জিলা সমিতিৰ প্ৰাক্তন সভাপতি নৃপেন কামান, বৰ্তমানৰ সভাপতি ৰাজু চিন্তে, শিক্ষা সম্পাদক লিয়াৰ্ড প্ৰতিম ৰেগন, কার্যকৰী সদস্য জয়ন্ত পায়েং, নবীন পায়েং, পবিত্ৰ পায়েং, বুদ্ধ পায়েং, গবেষিকা ছাত্ৰী দুলুমণি শইকীয়া, মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়া প্ৰমুখ্যে বিশিষ্ট লোকসকল উপস্থিত থাকে।