Home Main Stories ছাত্ৰীলৈ শিক্ষকৰ অশ্লীল মেছেজ : বোকাখাতৰ চি এন বি কলেজত উত্তপ্ত ...

ছাত্ৰীলৈ শিক্ষকৰ অশ্লীল মেছেজ : বোকাখাতৰ চি এন বি কলেজত উত্তপ্ত পৰিস্থিতি

615
0

 গণ বাৰ্তা বিশেষ, বোকাখাত, ২২ নৱেম্বৰঃ শিক্ষকতাৰ দৰে পবিত্ৰ সেৱাক কলংকিত কৰাৰ অভিযোগ উঠিছে বোকাখাতৰ এখন মহাবিদ্যালয়ৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে৷ বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা বিজ্ঞান মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীলৈ মবাইলত অশ্লীল মেছেজ দিয়াৰ অভিযোগত অভিযুক্ত ইংৰাজী বিভাগৰ শিক্ষক আফতাফিজুৰ ৰহমান ৷ মহাবিদ্যালয়ৰ এগৰাকী দ্বিতীয় বৰ্ষৰ ছাত্ৰীক শিক্ষক গৰাকীয়ে অশ্লীল মেছেজ দিয়াৰ অভিযোগ আনি একাংশ শিক্ষাৰ্থীয়ে আজি মহাবিদ্যালয়ত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ তেওঁলোকৰ অভিযোগ মতে আউতাফিজুৰ ৰহমানে  একাংশ ছাত্ৰীক দীৰ্ঘদিন ধৰি অশ্লীল মেছেজ দি গৈছিল ৷ নিজৰ বদনাম হ’ব বুলি ভাৱিয়েই ছাত্ৰী সকলে আউতাফিজুৰ ৰহমানৰ অশ্লীল মেছেজৰ কথা লুকুৱাই ৰাখিছিল ৷ তাৰ মাজতে দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ পাছতে ছাত্ৰীগৰাকীয়ে লিখিতভাৱে মহাবিদ্যালয়ৰ অধ্যক্ষক শিক্ষক আউতাফিজুৰ ৰহমানৰ বিৰুদ্ধে অভিযোগ দিয়াৰ লগতে সহপাঠী ছাত্ৰীসকলকো বিষয়টো অৱগত কৰে ৷ কথাটো জনাজাত হোৱাৰ পাছতে লগে লগে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল একগোট হৈ শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় ৷ কিন্তু অধ্যক্ষই একো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ ছাত্ৰ-ছাত্ৰীসকলে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ কিন্তু পূৰ্বৰ একাংশ প্ৰাক্তন ছাত্ৰীয়ে নিজৰ কথা ভাৱিয়েই শিক্ষক আউতাফিজুৰ ৰহমানৰ বিৰুদ্ধে অভিযোগ দিয়া নাছিল ৷ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে নিজে সাহস কৰি অভিযোগ দিয়াৰ পাছত সকলো একত্ৰিত হৈ শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে একগোট হৈ প্ৰতিবাদ কৰে ৷ ইফালে শিক্ষক আউতাফিজুৰ ৰহমানৰ বিৰুদ্ধে ছাত্ৰীসকলে অনা অভিযোগ খণ্ডণ কৰিছে অভিযুক্ত শিক্ষক আউতাফিজুৰ ৰহমানে ৷ বিষয়টি বৰ্তমানেও  আৰক্ষীৰ ওচৰ পোৱা নাই ৷ ইফালে অহা কালিলৈ অভিযোগকাৰী ছাত্ৰী গৰাকী, অভিযুক্ত শিক্ষকজন, মহাবিদ্যালয় কতৃপক্ষ, ছাত্ৰী গৰাকীৰ অভিভাৱক, ছাত্ৰ একতা সভা আৰু পৰিচালনা সমিতিৰ মাজত এখন সভা অনুস্থিত হ’ব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here