Home অসম চলিত বৰ্ষৰ পৰাই পাঠদান আৰম্ভ হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত : এবিবিএছ...

চলিত বৰ্ষৰ পৰাই পাঠদান আৰম্ভ হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত : এবিবিএছ পাঠ্যক্ৰম মুকলিত অনুমোদন এন এম চিৰ

105
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ আগষ্ট ঃ ৰাজ্যবাসীৰ বাবে সুখবৰ৷ অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয়ত চলিত বৰ্ষৰ পৰাই আৰম্ভ হ’ব চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰম৷ নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ পাঠ্যক্ৰম মুকলিৰ বাবে অনুমোদন জনাইছে ৰাষ্ট্ৰীয় আয়ুৰ্বিজ্ঞ ান আয়োগ [এনএমচি]-এ৷ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞ ান বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক পৰ্যায়ৰ চিকিৎসা শিক্ষা [এমবিবিএছ]ৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি দি এনএমচিয়ে প্ৰেৰণ আনুষ্ঠানিক পত্ৰ আজি লাভ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে৷ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ‘মেডিকেল এছেছমেণ্ট এণ্ড ৰেটিং বোৰ্ডৰ এটা দলে শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰাৰ পাছতে আয়োগে ৰাজ্যৰ এই নৱতম চিকিৎসা মহাবিদ্যালয়খনলৈ চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে বিধিগত অনুমোদন আগবঢ়ায়৷ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত পাঠ্যক্ৰম মুকলিৰ বাবে এনএমচিৰ অনুমোদন লাভ কৰাত আনন্দ প্ৰকাশ কৰি ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীৰ বাবে এয়া এক গৌৰৱৰ বিষয় বুলি অভিহিত কৰে৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়– ‘ৰাজ্যত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰখনৰ পৰিসৰ ক্ৰমশঃ বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দূৰদৰ্শী চিন্তা আৰু সুনিৰ্দিষ্ট পৰিকল্পনাৰে বিশেষ উদ্যোগ লৈ আহিছে৷ অসমৰ সকলো অংশৰে জনসাধাৰণৰ বাবে ঘৰৰ পৰা কম দূৰত্বৰ ভিতৰতে উন্নত আৰু গুণগত মানৰ চিকিৎসাসেৱা উপলব্ধ কৰোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে৷ মুখ্যমন্ত্ৰীৰ এই প্ৰয়াসৰ অংশ হিচাপেই ধুবুৰী চিকিৎসা মহাবিদ্যালয়েও এনএমচিৰ অনুমতি লাভ কৰিবলৈ সক্ষম হ’ল৷ নতুন চিকিৎসা মহাবিদ্যালয়খনে এই অতি মহত্ত্বপূৰ্ণ অনুমতি লাভ কৰাৰ বাবে ধুবুৰী আৰু পশ্চিম অসমবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীক অভিনন্দন জনাইছোঁ৷ পশ্চিম অসমত নিৰ্মিত এই নতুন চিকিৎসা মহাবিদ্যালয়খনত চলিত শৈক্ষিক বৰ্ষৰ পৰাই ১০০খন আসনেৰে এমবিবিএছৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব৷’ ইয়াৰ বাবে ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ তত্ত্বাৱধানত ইতিমধ্যে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি চিকিৎসা মহাবিদ্যালয়খনক পাঠদানৰ বাবে সাজু কৰি তোলা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷ উল্লেখ্য যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়, বৰপেটা চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পাছত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হ’ব ৰাজ্যৰ নৱমখন চিকিৎসা মহাবিদ্যালয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here