গণ বাৰ্তা, কলগাছিয়া ,১৭ মাৰ্চ: কৰোনা মহামাৰীত প্ৰাণ হেৰুৱা বৰপেটা জিলাৰ ১০ গৰাকী ব্যক্তিৰ নিকটতম আত্মীয়ৰ মাজত আজি অসম চৰকাৰৰ অৰ্থ-সাহায্য বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীৰ কোভিড বিধৱা সাহায্য আচনিৰ অধীনত ৮ গৰাকী মহিলাৰ মাজত গাইপতি ২.৫ লাখ টকাৰ আৰু প্ৰাৰ্থনা আঁচনিৰ অধীনত দুগৰাকী ব্যক্তিক এক লাখ টকাকৈ চেক প্ৰদান কৰা হয়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে তেওঁলোকক আনুষ্ঠানিকভাৱে চেক সমূহ প্ৰদান কৰে। এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত চমু ভাষণ দি উপায়ুক্ত গৰাকীয়ে কয় যে, কোভিড ৰোগে সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশৰো বহু ধন-জনৰ হানি কৰিলে। বহুতকে আকালতে হেৰুৱাব লগীয়া হ’ল। তেনে ক্ষতি অপূৰণীয় বুলি উল্লেখ কৰি তেওঁ কয় যে, অসম চৰকাৰে সেই দুৰ্ভগীয়া পৰিয়াল সমূহক এনে বিপদৰ সময়ত সামান্য সকাহ দিয়াৰ বাবে এনেদৰে কিছু অৰ্থ-সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। অনুষ্ঠানৰ আঁতধৰি অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই কয় যে, ইয়াকে লৈ এতিয়ালৈকে বৰপেটা জিলাৰ ৫৭ গৰাকী অৰ্থনৈতিকভাবে দুৰ্বল কোভিড বিধৱা মহালাই আঢ়ৈ লাখকৈ টকা মুখ্যমন্ত্ৰীৰ কোভিড বিধৱা সাহায্য আচনিৰ অধীনত লাভ কৰিলে। আনহাতে প্ৰাৰ্থনা আঁচনিৰ অধীনত কৰোনা মহামাৰীত প্ৰাণ হেৰুৱা ১৮ জন লোকৰ অৰ্থনৈতিক ভাবে দুৰ্বল নিকট আত্মীয়ৰ হাতত এক লাখকৈ টকাৰ চেক প্ৰদান কৰা হ’ল। উভয় আঁচনিৰ হিতাধিকাৰীয়ে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ৫০ হাজাৰ টকাৰ সাহায্যও লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাও উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে কৰোনা মহামাৰীত মৃত্যু মুখত পৰা লোক সকলৰ স্মৃতিত এক মিনিট সময় মৌণতা অৱলম্বন কৰা হয়। সভাত চেক গ্ৰহণৰ সময়ত কেবাগৰাকী মহিলা অতি আবেগিক হৈ পৰা দেখা যায়।