Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় তেজো মহালয়া: এইবাৰ সলনি হ’ব তাজমহলৰ নাম

তেজো মহালয়া: এইবাৰ সলনি হ’ব তাজমহলৰ নাম

267
0


গুৱাহাটী, ৩১ আগষ্ট ঃ বিশ্বৰ আ(ৰ্যসমূহৰ ভিতৰত ভাৰতৰ আগ্ৰাৰ তাজমহল অন্যতম৷ এইবাৰ সলনি হ’ব তাজমহলৰ নাম৷ তাজমহলৰ নাম সলনি কৰিবলৈ পুনৰবাৰ দাবী উত্থাপন হৈছে৷ আগ্ৰাৰ বিজেপিৰ কাউন্সিলৰে এই দাবী উত্থাপন কৰিছে৷ এই সন্দৰ্ভত আজি আগ্ৰা পৌৰ নিগমত উত্থাপন কৰা হয় এই প্ৰস্তাৱ৷ বিজেপিৰ কাউন্সিলৰ শোভাৰাম ৰাথোড়ে তাজমহলৰ নাম সলনি কৰি ‘তেজো মহালয়া’ কৰাৰ কথা ব্যক্ত কৰিছে৷ কাউন্সিলৰজনে কয় যে তেওঁৰ এই প্ৰস্তাৱ সন্দৰ্ভত বহু তথ্য সংগ্ৰহ কৰিছে, যাৰ ওপৰত ভিত্তি কৰি সদনত প্ৰস্তাৱ দাখিল কৰা হ’ব৷ বিজেপিৰ কাউন্সিলৰ শোভৰাম ৰাথোড়ে যুক্তি আগবঢ়াইছে যে যোৱা চাৰে চাৰি বছৰত প্ৰায় ৮০টা পথ আৰু ছেক্সনৰ নাম সলনি কৰা হৈছে৷ এনে অৱস্থাত দীৰ্ঘদিন ধৰি তাজমহলৰ নাম সলনি কৰাৰ দাবী উত্থাপন হৈ আহিছে৷ কেৱল এয়াই নহয়, শোভাৰাম ৰাথোড় তাজগঞ্জৰ এজন কাউন্সিলৰে তাজমহল পূৰ্বতে হিন্দু মন্দিৰ আছিল আৰু সেইবাবেই ইয়াৰ নাম সলনি কৰা উচিত৷ তেওঁ কয় যে তাজমহলৰ দেৱালত পদুম আকৃতিৰ দৰে হিন্দু সভ্যতাৰ বহু লেখ পোৱা গৈছে৷ এনে অৱস্থাত তাজমহলৰ নাম সলনি কৰিবই লাগে৷ বিগত সময়তো তাজমহলৰ নাম সলনি কৰাৰ দাবী উত্থাপন হৈ আহিছে৷ এই সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন মহলত এই দাবী উত্থাপন হৈ আহিছে৷ একাংশ লোকে দাবী কৰে যে তাজমহলৰ স্থানত পূৰ্বতে শিৱমন্দিৰ আছিল৷ ১২১২ খ্ৰীষ্টাব্দত পৰমদেৱে তেজো মহালয়া নিৰ্মাণ কৰিছিল৷ তাজমহলৰ ২২টা কোঠাৰ ভিতৰত মন্দিৰৰ প্ৰমাণ পোৱা গৈছে৷ কিন্তু এই কোঠাবোৰ এতিয়াও খুলিবলৈ অনুমতি দিয়া হোৱা নাই৷ ইয়াৰ বাহিৰেও তাজমহলৰ আশে-পাশে বিভিন্ন হিন্দু স্থাপত্য আছে বুলি দাবী কৰা হৈছে৷ ‘তাজ’ আৰু ‘মহল’ দুয়োটা সংস্কৃত শব্দ৷ মাৰ্বলৰ জালিত ১০৮টা কলহৰ আকৃতিও আছে বুলি বিভিন্নজনে কৰা দাবীৰ বিষয়েও কোৱা হৈছে৷ তাজমহলৰ নাম সলনিৰ প্ৰস্তাৱ আজি পৌৰ নিগমৰ বৈঠকত দাখিল কৰা হয় আৰু এই প্ৰস্তাৱৰ ওপৰত বিতৰ্ক হয়৷ আজি সদনত এই প্ৰস্তাৱ পাঠ কৰা হয় আৰু সকলো দিশ বিবেচনা কৰি পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হয়৷ আগ্ৰা পৌৰ নিগমৰ এনে প্ৰস্তাৱ সম্পৰ্কত উত্তৰ প্ৰদেশ চৰকাৰে আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা নাই৷ কিন্তু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ চৰকাৰে যে উক্ত প্ৰস্তাৱ গ্ৰহণ কৰিব তাত কোনো সন্দেহ নাই৷ অনাগত সময়ত এনে বিতৰ্কিত বিষয় সম্পৰ্কত কাৰ কি প্ৰতিক্ৰিয়া হয় সেয়া হ’ব তাৎপৰ্যপূৰ্ণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here