Home স্থানীয় দেশৰ ভিতৰতে ব্যতিক্ৰমী বিষয়া হিচাপে প্ৰশংসিত বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূষাল

দেশৰ ভিতৰতে ব্যতিক্ৰমী বিষয়া হিচাপে প্ৰশংসিত বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূষাল

398
0


এম মহিবৰ ৰহমান, নলবাৰী, ২৭ ফেব্ৰুৱাৰী:
একো একোগৰাকী ব্যক্তিৰ কিছুমান সাধাৰণ সাধাৰণ লগা অসাধাৰণ কাম আৰু চিন্তাই তেওঁক কৰি তোলে মহান ৷ সৰ্বত্ৰে হয় উচ্ছ প্ৰশংসিত৷ আনৰ বাবেও হৈ পৰে আদৰ্শ আৰু অনুকৰণীয়৷ সততে এক অভিযোগ উত্থাপিত হয় চৰকাৰী বিষয়াসকলে অবাবত চৰকাৰী ৰাজকোষৰ ধন খৰচ কৰে৷ কোৱা হয় জিলাৰ মুৰব্বী উপায়ুক্তসকলৰ জীৱনশৈলী সুকীয়া৷ উপায়ুক্ত হৈ থকা কালছোৱাত পৰ্যাপ্ত সা-সুবিধা লাভ কৰে৷ তেওঁৰ চৰকাৰী কাম সম্পাদনৰ বাবে যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰাৰ সুবিধা পায়৷ কিন্তু সুবিধা লাভ কৰাৰ পিছতো ব্যতিক্ৰম এগৰাকী উপায়ুক্ত৷ চৰকাৰী ধন ব্যয় নকৰি প্ৰতিদিনে পুৱাই নিজে চাইকেল চলাই চৰকাৰী আঁচনি পৰিদৰ্শন কৰি ফুৰে৷ প্ৰতিদিনে দহ-বাৰ কিলোমিটাৰ চাইকেল চলাই চৰকাৰী কাম-কাজ পৰিদৰ্শন কৰা দেশৰ ভিতৰতে সম্ভৱতঃ একমাত্ৰ উপায়ুক্ত বৰপেটা জিলাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূষাল৷ বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূষালে উপায়ুক্ত হিচাপে যোগদান কৰিয়েই পূৰ্বৰ উপায়ুক্তৰ প্ৰতি থকা ৰাইজৰ ধাৰণা সলনি কৰিবলৈ সক্ষম হৈছে৷ ক’বলৈ গ’লে জিলা প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে বৰপেটাৰ এইগৰাকী উদ্যমী উপায়ুক্তই৷ উপায়ুক্তগৰাকীৰ অন্যান্য কামবোৰৰ সমানে ৰাইজৰ দ্বাৰা উচ্ছ প্ৰশংসিত হৈছে, তেওঁ প্ৰতিদিনে জিলাখনৰ চৰকাৰী কাম-কাজ পৰিদৰ্শন কৰে৷ পুৱা বহুতে বিছনা এৰিবলৈ নৌহওঁতেই উপায়ুক্ত ভূষালৰ দিনটোৰ চৰকাৰী সৰহখিনি কাম কৰা হৈ উঠে৷ উপায়ুক্তৰ এই গতি আৰু স্পৃহা দেখি অন্যান্য চৰকাৰী বিষয়াসকলৰো কাম-কাজত তৎপৰতা বৃদ্ধি পাবলৈ বাধ্য হৈছে৷ শনিবাৰে পুৱা ছয় বজাতে উপায়ুক্তগৰাকী চাইকেল চলাই গৈ উপস্থিত হ’ল ৰূপসী উন্নয়ন খণ্ডৰ চাহপুৰ গাঁও পঞ্চায়তত৷ মহাত্মা গান্ধী এন্‌ৰেগা, প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, অংগনবাড়ী কেন্দ্ৰ, বজাৰৰ চাফ-চিকুণতা, বৰপেটা অভয়াপুৰী গড়কাপ্টানী ৰাস্তা আদি কাম পৰিদৰ্শন কৰে৷ উপায়ুক্তগৰাকীক সহযোগ কৰে ৰূপসী উন্নয়ন খণ্ডৰ বিডিঅ’ নৱৰত্ন পাটোৱাৰীয়ে৷ উপায়ুক্তৰ এনে কৰ্মস্পৃহাত তবধ মনা বুলি উল্লেখ কৰি তেজপ্ৰসাদ ভূষালৰ দৰে উপায়ুক্ত দেশৰ ভিতৰতে পাবলৈ নাই বুলি মন্তব্য কৰে বিডিঅ’ পাটোৱাৰীয়ে৷ উপায়ুক্তৰ পুৱাই আৰম্ভ কৰা কাম পৰিদৰ্শনকালত উপস্থিত থাকে চহপুৰ গাঁও পঞ্চায়তৰ সভাপতিকে ধৰি বিডিঅ’ কাৰ্যালয়ৰ অন্যান্য কৰ্মচাৰী আৰু পঞ্চায়তৰ সদস্যসকল৷ আৰু বিষয়াবৰ্গ লগতে শহপুৰ গাঁও পঞ্চায়তৰ সভাপতি-সদস্যসকলে কাম চাই সন্তুষ্ট হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here