ষ্টাফ ৰিপ’ৰ্টাৰ, ধুবুৰী, ৩০ এপ্ৰিল ঃ আজি ৩০ এপ্ৰিল তাৰিখ। ২০১২ চনৰ আজিৰ দিনটো অৰ্থাৎ ৩০ এপ্ৰিলৰ মৰ্মান্তিক অভিশপ্ত, ক’লা দিনৰ কথা কোনেও পাহৰিব নোৱাৰিব। কিয়নো, ২০১২ চনৰ আজিৰ দিনটোতেই নামনি অসমৰ ধুবুৰী জিলাবাসীৰ বাবে এক হৃদয়বিদাৰক তথা অভিশপ্ত দিন। ধুবুৰী জিলাৰ মেদেৰটাৰীত সংঘটিত হৈছিল নাও দুৰ্ঘটনাৰ আজি দহ বছৰ। এই দিনটোত সমগ্ৰ দেশ জোকাৰি গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত এক লঞ্চ দুৰ্ঘটনাই। যি দৃশ্য মনলৈ আহিলে এতিয়াও বুকু কঁপি যায় সকলোৰে। প্ৰাণ হেৰুৱাইছিল দুই শতাধিক দুৰ্ভগীয়া যাত্ৰীয়ে। ৩০ এপ্ৰিল, ২০১২ চন। ধুবুৰী চহৰৰ পৰা মেদেৰটাৰী ঘাটৰ পৰা যাত্ৰা কৰিছিল এখন যাত্ৰীভৰ্তি লঞ্চ। আবেলি পাঁচ মান বজাত উত্তৰ-পশ্চিম প্ৰান্তৰ পৰা অহা কালধুমুহাৰ তাণ্ডৱত মেদেৰটাৰী পাৰঘাটৰ কাষতেই বৰলুইতৰ বুকুত বুৰ গৈছিল লঞ্চখন। সৌভাগ্যৱান ৮০গৰাকী যাত্ৰীয়ে সাঁতুৰি প্ৰাণৰক্ষা কৰাৰ বিপৰীতে বহু যাত্ৰীৰ ঘটিছিল সলিল সমাধি। সেই সময়ত বহু নেতা-পালিনেতা আহিছিল, বহু প্ৰতিশ্ৰুতি দিছিল কিন্তু কিমানদূৰ প্ৰতিশ্ৰুতি পালন কৰিছিল সেয়া ৰাইজ তথা মেদেৰটাৰীবাসীৰ মনত আজিও অৱগত। সেইটো স্থানত আজিও নহ’ল শ্বহিদ বেদী, সেই স্থানত নহ’ল প্ৰতিবছৰেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, নহ’ল উন্নতধৰণৰ পাৰঘাট, আজিলৈকে দিয়া নহ’ল জাহাজ। শেষত, প্ৰাণ আহুতি দিয়া প্ৰতিজনৰ বেদেহ আত্মাৰ চিৰশান্তি কামনা কৰে স্থানীয় ৰাইজে।