Home নগাঁও চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুৰ অভিযোগত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তেজনা

চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যুৰ অভিযোগত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তেজনা

223
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৪ মাৰ্চ ঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কালি এগৰাকী মহিলা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ জানিব পৰা মতে, মঙ্গলবাৰে নিশা মালতী শইকীয়া নামৰ মহিলাগৰাকীক পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল৷ নিশা আঠ বজাত চিকিৎসকে মহিলাগৰাকীক ভৰ্তি কৰোৱাৰ পিছত কালি বিয়লি দুই বজাত মহিলাগৰাকীৰ মৃত্যু হয়৷ মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে মঙ্গলবাৰে নিশা আঠ বজাত চাপানলাৰ মালতী শইকীয়াক উচ্ছ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল৷ পৰৱৰ্তী সময়ত চিকিৎসালয়ৰ মজিয়াত বিছনা পাৰি শুৱলৈ দিয়া হৈছিল মহিলাগৰাকীক৷ কালি বিয়লিলৈকে মহিলাগৰাকীক চিকিৎসকে স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ কৰিছে আত্মীয়ই৷ যাৰ ফলত প্ৰকৃত চিকিৎসা অবিহনেই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে৷ এই ঘটনাৰ পিছত চিকিৎসালয়খনৰ চৌহদত মৃত মহিলাগৰাকীৰ আত্মীয়ই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰোগীয়ে প্ৰকৃত চিকিৎসাৰ অভাৱত মৃত্যুক সাবটি লোৱা বুলি উত্থাপিত অভিযোগ বাস্তৱিকতে উদ্বিগ্নতাৰ বিষয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here