Home Main Stories পথ নিৰ্মাণক লৈ গোগামুখৰ অসম অৰুনাচল সীমান্তত তীব্ৰ উত্তেজনা : অসমৰ লোকলৈ...

পথ নিৰ্মাণক লৈ গোগামুখৰ অসম অৰুনাচল সীমান্তত তীব্ৰ উত্তেজনা : অসমৰ লোকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীচালনা : জ্বলালে কালভাৰ্ট, মটৰ চাইকেল

293
0

ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ জানুৱাৰী : অসম-মিজোৰামৰ সীমা সমস্যা সমাধানক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ তৎপৰ হোৱাৰ সময়তে অসম-অৰুণাচল সীমান্তত সৃষ্টি হৈছে অগ্নিগৰ্ভা পৰিস্থিতিৰ। ধেমাজি জিলাৰ গোগামুখৰ অৰুণাচল সীমান্তৰ মিংমাং হিমে বস্তিত অসমৰ ভূমিত অৰুনাচলীয়ে পথ নিৰ্মানৰ অভিযোগক লৈ ধেমাজিৰ গোগামুখ-অৰুণাচল সীমান্তত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। অৰুণাচল চৰকাৰ-প্ৰশাসনে নিৰ্মাণ কাৰ্য অব্যাহত ৰখা পথ নিৰ্মাণত স্থানীয় ৰাইজে বাধা দিয়াত সৃষ্টি হয় দুয়োপক্ষৰ মাজত তীব্ৰ সংঘাতৰ। আনকি অসমৰ লোকলৈ উদ্দেশ্যি অৰুনাচলী দুৰ্বৃত্তই ধাৰাসাৰ গুলীচালনা কৰাত কোনোমতে প্ৰাণ লৈ পলাবলগীয়া হয় সীমান্তৰ অসমীয়া লোক সকল। সীমান্তৱৰ্তী মিংমাং, বদতি, পাহাৰপুৰ, ধৰ্মপুৰ, কৈলাশপুৰ, নলবাৰীৰ ৰাইজে পকীপথ নিৰ্মানৰ কাম বন্ধ কৰি নলা নিৰ্মাণৰ সা-সামগ্ৰী সমূহ জ্বলাই দিয়ে। উল্লেখ্য যে, ইটানগৰৰ পৰা লিকাবালি সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক য়োজনাৰ অধীনত নিৰ্মাণ হৈ থকা পথটিক লৈ দুই ৰাজ্যৰ মাজত বিগত প্ৰায় তিনি বছৰ ধৰি চলি আছে এই সংঘাত। উক্ত পথ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে বহুবাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰি আহিছে সীমান্তৰ অসমীয়া লোক সকলে৷ ইয়াৰ পাচতো কিন্তু ধেমাজি জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহন নকৰাত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে স্থানীয় লোক সকলৰ মাজত। ইফালে পথ নিৰ্মাণ কাৰ্যৰ খবৰ পাই মঙলবাৰে গোগামুখ প্ৰশাসনৰ এটি দল সেই স্থানত উপস্থিত হৈ নিৰ্মাণ কাৰ্য স্থগিত ৰখাৰ আহ্বান জনায় যদিও অৰুণাচলী লোক সকলে অসমৰ প্ৰশাসনৰ লোক সকলক অপদস্থ কৰাৰ অভিযোগ উঠিছে। এই খবৰ লাভ কৰি কালি বিয়লি সীমান্তৰ অসমীয়া লোক সকলে হিমে বস্তিত উপস্থিত হৈ পথ নিৰ্মাণত বাধা দিয়াৰ সময়তে গুলীচালনাৰ ঘটনা সংঘটিত কৰে। আজি পুৱা ধেমাজি আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া, চক্ৰ বিষয়া সহ এটি দল ঘটনাস্থলীলৈ যাবলৈ লওতেই হাতে-হাতে দা, লাঠি, জোং, ধনুকাড় আদি লৈ অৰুণাচলী লোক সকলে বাধা প্ৰদান কৰে। অসমৰ প্ৰশাসনৰ দলটিক এক প্ৰকাৰ খেদি পঠিয়ায় অৰুণাচলী লোক সকলে। সম্প্ৰতি এই ঘটনাক লৈ দুয়ো খন ৰাজ্যৰ সীমান্তত তীব্ৰ উত্তেজনা অব্যাহত আছে। উল্লেখ্য যে, কিছুদিন পূৰ্বেও লখিমপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰঙা বনাঞ্চলত অৰুণাচলীয়ে অসমৰ বন বিভাগৰ শীৰ্ষ বিষয়াক আৱদ্ধ কৰি অপদস্থ কৰাৰ লগতে কিমিন সীমান্তত ৰামপুৰৰ খণ্ড বনবিষয়াক লক্ষ্য কৰি গুলীচালনাৰ ঘটনাও সংঘটিত কৰিছিল।

ReplyForward

LEAVE A REPLY

Please enter your comment!
Please enter your name here