Home Main Stories দশম-একাদশ শ্ৰেণী পাঠ্যক্ৰমৰ ব্যাপক সালসলনি: দেশজুৰি প্ৰতিক্ৰিয়া

দশম-একাদশ শ্ৰেণী পাঠ্যক্ৰমৰ ব্যাপক সালসলনি: দেশজুৰি প্ৰতিক্ৰিয়া

495
0

চিবিএছই পাঠ্যক্ৰমত নাথাকিব ইছলামৰ উৎপত্তি, উত্থান আৰু বিস্তাৰৰ কাহিনী

নতুন দিল্লী, ২৩ এপ্ৰিল ঃ কেন্দ্ৰীয় মধামিক শিক্ষা ব’ৰ্ড (চিবিএছই) পাঠ্যক্ৰমৰ নতুন শৈক্ষিক বৰ্ষত পাঠ্যক্ৰমৰ সূচী ঘোষণা কৰিছে। ঘোষণা কৰা নতুন পাঠ্যক্ৰম অনুসৰি দশম শ্ৰেণীত সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হৈছে পাকিস্তানী শ্বায়ৰ ফৈজ মহম্মদ ফৈজৰ শ্বায়েৰী আৰু একাদশ শ্ৰেণীৰ ইতিহাস পাঠ্যক্ৰমৰ পৰা ইছলামৰ উৎপত্তি, উত্থান আৰু বিস্তাৰৰ কাহিনী পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। একেদৰে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা মোগলৰ শাসন-প্ৰশাসনৰ এটা অধ্যায়ৰ সালসলনি কৰা হৈছে। চিবিএছইৰ এনে সিদ্ধান্তক লৈ এতিয়া দুটা ফৈদৰ সৃষ্টি হৈছে। শৈক্ষিক মহলত সৃষ্টি হোৱা দুটা ফৈদৰ এটা ফৈদে এই সিদ্ধান্তক আদৰণি জনাইছে আৰু আন এটা ফৈদে আকৌ ইয়াৰ বিৰোধিতা কৰিছে। চিবিএছইৰ সিদ্ধান্ত সমৰ্থন জনোৱা ফৈদে উল্লেখ কৰিছে যে পাঠ্যক্ৰমৰ পৰা ইছলামৰ উত্থানৰ বিষয়  প্ৰত্যাহাৰ কৰি তাৰ ঠাইত নতুন বিষয় সংযোজন কৰা হৈছে। এটা ধৰ্মৰূপে ইছলামৰ উৎপত্তি, জুফিবাদ, পয়গম্বৰ আদি বিষয়ত উল্লেখ থকা বিষয় পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ ঠাইত খানাবোদচ সাম্ৰাজ্যৰ অধ্যায় সংযোজন কৰা হৈছে। য’ত চেঙ্গীচ খানক এজন প্ৰখ্যাত ব্যক্তিত্ব আৰু শাসক হিচাপে দেখুৱা হৈছে।

আনহাতে, ইয়াৰ বিৰোধিতা কৰা ফৈদৰ ভিতৰত থকা এগৰাকী অধ্যাপকে উল্লেখ কৰিছে যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে কোনো সম্প্ৰদায়ৰ সৈতে আলোচনা-বিলোচনা নকৰাকৈ প্ৰত্যাহাৰ কৰিছে গুৰুত্বপূৰ্ণ বিষয়। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক মৌচুমী বাসুৱে কয় যে ¦³¨ল অথবা কলেজৰ পাঠ্যক্ৰমৰ পৰা কোনো অনুমতি অথবা আলোচনা-বিলোচনা নকৰাকৈ পাঠ্যক্ৰম সালসলনি কৰা হৈছে। পাঠ্যক্ৰমৰ পৰা কিয় এনেবোৰ বিষয় প্ৰত্যাহাৰ কৰা হৈছে আৰু কি বিষয় ইয়াৰ ঠাইত সংযোজন কাৰ হৈছে সেয়া স্পষ্ট হ’ব লাগে। উল্লেখ্য যে একাদশ শ্ৰেণীৰ ইতিহাস পাঠ্যক্ৰমৰ পৰা মধ্য ইছলামিক ভূমিৰ বিষয়টো প্ৰত্যাহাৰ কৰা হৈছে। এই অধ্যায়ত আফ্ৰিকা-এছিয়াৰ প্ৰান্তত ইছলামিক সাম্ৰাজ্যৰ উত্থান আৰু সেই স্থানৰ অৰ্থ ব্যৱস্থা আৰু সমাজত পৰা প্ৰভাৱ সন্দৰ্ভৰ কথা উল্লেখ আছিল। একেদৰে দশম শ্ৰেণীৰ পৰা খাদ্য সুৰক্ষা নামৰ এটা অধ্যায়ৰ পৰা কৃষিৰ ওপৰত বিশ্বায়নৰ কিছু অংশ প্ৰত্যাহাৰ কৰা হৈছে। একেদৰে দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পৰা শীত যুদ্ধ আৰু গোট নিৰপেক্ষ আন্দোলনৰ পাঠ্যক্ৰম প্ৰত্যাহাৰ কৰা হৈছে। কেৱল যে ইতিহাস আৰু সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমতে সালসলনি ঘটোৱা হৈছে এনে নহয়, গণিত বিষয়তো সালসলনি কৰা হৈছে। চিবিএছইৰ নতুন গণিত পাঠ্যক্ৰমৰ বহু অধ্যায় প্ৰত্যাহাৰ কৰা হৈছে আৰু কে’বাটাও নতুন অধ্যায় সংযোজন কৰা হৈছে। একাদশ শ্ৰেণীৰ গণিত পাঠ্যক্ৰমৰ পৰা ৪/৫টা অধ্যায় প্ৰত্যাহাৰ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here