Home স্থানীয় যোৰহাটৰ চাৰিঘৰীয়া মিচিং গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড । দুটা বাসগৃহ জুইত ভস্মীভূত

যোৰহাটৰ চাৰিঘৰীয়া মিচিং গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড । দুটা বাসগৃহ জুইত ভস্মীভূত

88
0

গণ বাৰ্তা যোৰহাট ২৪জুন : যোৰহাট উপকণ্ঠ চাৰিঘৰীয়া মিচিং গাঁৱত বুধবাৰে দিনৰ ১২.৩০ বজাত বিপুল দাস নামৰ ব্যক্তি জনৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।স্থানীয় ৰাইজৰ মতে বৈদ্যুতিক চৰ্টচাৰ্কিত ফলত এই অগ্নিকাণ্ড হোৱা বুলি জানিবলৈ দিয়ে। ঘৰৰ গৃহস্থ তথা বিপুল দাস শাৰীৰিক ভাৱে অসুস্থ হোৱাত যোৰহাট মিছন হস্পিটালত ভৰ্তি কৰোৱা হৈছিল । অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো ব্যক্তি নাছিল বুলি স্থানীয় ৰাইজে কয়। জুই জ্বলি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখে আৰু যোৰহাটৰ অগ্নিনিৰ্বাপক বাহিনী খবৰ দিয়ে আৰু ঘটনা স্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক জুই নিৰ্বাপন কৰে।জানিব পৰা মতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনা সংঘটিত হোৱা মিচিং গাৱত উপস্থিত হোৱাৰ আগতে স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰাত সহযোগ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here