Home সম্পাদকীয় সন্ত্ৰাসবাদ আৰু কাশ্মীৰ উন্নয়নৰ প্ৰভাৱ

সন্ত্ৰাসবাদ আৰু কাশ্মীৰ উন্নয়নৰ প্ৰভাৱ

99
0

ভাস্কৰজ্যোতি কুটুম, ৭ অক্টোবৰ : এখন সমস্যাৰে জৰ্জৰিত দেশ৷ এইখন দেশতে দুই-তিনিখন ৰাজ্য আছে, যি অন্য ৰাজ্য সমূহতকৈ বহু গুনে পিছপৰি আছে বুলি গণ্য কৰিব পাৰোঁ৷ কিয়নো আধুনিক সময়তো কিছুমান সমস্যাৰ কাৰণে আজি পৰ্যন্ত ৰাজ্য সমূহে শিক্ষা,আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক দিশত আমুল পৰিৱৰ্তন আনিব পৰা নাই৷ এনে ৰাজ্যসমূহৰ কাৰণে ভাৰত পৃথিৱীৰ উন্নত দেশসমূহৰ লগত তুলনীয় হ’ব পৰা নাই বুলি ক’ব পাৰোঁ৷ কিয়নো ৰাজ্যসমূহত এটা পকী পথ নিৰ্মাণ কৰিবলৈ হ’লে জিলা প্ৰশাসনে বহুতো কষ্টৰ সন্মুখীন হোৱা দেখা পাওঁ৷ কাৰণ এই ৰাজ্যত এটা উন্নয়ন মূলক কাৰ্যৰ বাবে প্ৰশাসনে বহুতো জঠিল সমস্যাৰ লগত যুঁজিব লগীয়া হয়৷ ইয়াৰ ভিতৰত অন্যতম কাশ্মীৰৰ সন্ত্ৰাবাদী সমস্যা৷ আমি কাশ্মীৰৰ বিষয়ে যদি চাবলৈ যাওঁ তেতিয়া হ’লে- ইয়াত বিগত চাৰি-পাঁচ বছৰ ধৰি ভিতৰুৱা অঞ্চল সমূহত ৰাস্তা-ঘাটৰ বিশেষ উন্নয়ন দেখা পোৱা নাই৷ কাৰণ ইয়াত আন্তঃৰাষ্ট্ৰীয় সীমাবিবাদৰ উপৰিও আভ্যন্তৰীণ সমস্যাৰ সন্মুখীন হোৱা দেখা পাওঁ৷ আমি ২০১৮ চনৰ জুলাই মাহৰ পৰা ইয়াত কৰ্মসূত্ৰে উপস্থিত থাকি দৃষ্টিগোচৰ হোৱা কিছুমান কথা ভালদৰে অনুভৱ কৰিব পাৰোঁ৷ ইয়াৰ ভিতৰত ৰাস্তা-ঘাট, শিক্ষা, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যা আদি৷ কিয়নো আমি থকা জিলাখন দক্ষিণ কাশ্মীৰত অৱস্থিত৷ বৰ্তমান সময়ত কাশ্মীৰ অংশৰ দক্ষিণ কাশ্মীৰ বুলি ক’লে সন্ত্ৰাবাদীৰ গঢ় বুলি সমগ্ৰ দেশতে বিখ্যাত৷ দক্ষিণ কাশ্মীৰ বুলি ক’লে পুলৱামা, আনন্তনাগ, কুলগাম, শ্বৌপিয়ানৰ কথা উল্লেখ কৰিব পাৰোঁ৷ কিয়নো এই দুই-তিনিখন জিলাত বৰ্তমান যিকোনো সময়তে সুৰক্ষাবাহিনী আৰু সন্ত্ৰাবাদী সংগঠনৰ লগত সংঘৰ্ষ হোৱা সম্ভাৱনা থাকে৷ সেয়েহে ইয়াত নিয়োজিত সুৰক্ষাবাহিনীয়েই অধিক সক্ৰিয়তাৰে নিজৰ দায়িত্ব পালন কৰিব লাগে৷
কাশ্মীৰৰ আৰু যাতায়ত সমস্যা ঃ আমি দক্ষিণ কাশ্মীৰৰ এখন জিলা বিষয়ে উদাহৰণ স্বৰূপে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ৷ এইজিলাখনৰ পথ উন্নয়নৰ বিশেষ যদি পৰ্যালোচনা কৰোঁ তেতিয়া হ’লে আমি উপস্থিত হোৱা পিছৰ দিনৰ কথা উল্লেখ কৰিব লাগিব৷ বিগত ২০১৮ চনৰ পৰা কৰ্মসূত্ৰে আমি এইখন জিলাত বাস কৰিবলৈ লৈছোঁ৷ তেতিয়াৰ পৰা ২০২১ চনলৈকে পথ উন্নয়নৰ নামত বিশেষ সলনি হোৱা দেখা নাপালোঁ৷ কিন্তু বিগত ২০১৯ চনৰ ৩১ অে”াবৰ মাহত গঠিত কেন্দ্ৰীয় শাসিত অঞ্চল কাশ্মীৰৰ এই দুই-তিনিমাহৰ আগৰ পৰাহে কিছু পৰিমাণে উন্নয়ন হোৱা দেখা পাইছোঁ৷ কিয়নো বৰ্তমানৰ উপ-ৰাজ্যপাল মনোজ সিন্‌ হাদেৱে কাশ্মীৰৰ পথ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া পাইছোঁ৷ সেয়েহে ৬১২.০৯ বৰ্গ কিলোমিটাৰৰ এই জিলাখনলৈ ৪৯ কোটি অনুমোদন আগবঢ়ায়৷ তেতিয়াৰে পৰা কিছু পৰিমাণে পথৰ উন্নয়নৰ ক্ষেত্ৰত সলনি হোৱা দেখিবলৈ পাইছোঁ৷ এইটো কথাও ঠিক ইয়াত পথ নিৰ্মাণ কৰিবলৈ হ’লে পাহাৰ ভাঙিব লগা হয়৷ কিয়নো পথ নিৰ্মাণ কৰিবলৈ গড়কাপ্তানি বিভাগে বহুত খিনি ৰাহজৰ ধন ব্যৱহাৰ কৰিব লগীয়া হয়৷ তদুপৰি কাশ্মীৰত সন্ত্ৰাবাদীৰ সমস্যাৰ অন্যতম কাৰণ ৷ কাৰণ এজন ঠিকাদাৰে নিজৰ জীৱন বচাবলৈ সন্ত্ৰাবাদী সংগঠন সমূহক সন্তুষ্ট কৰিব লাগে বুলি ক’ব পাৰোঁ৷ সেয়েহে উন্নত মানৰ পথ নিৰ্মাণ কৰাটো সম্ভৱ নহয় বুলি গণ্য কৰিব পাৰোঁ ৷ সেয়েহে কাশ্মীৰত আজি পৰ্যন্ত উন্নয়নৰ মূখ নাই দেখা৷
কাশ্মীৰৰ আৰু ৰাজনৈতিক সমস্যা ঃ জম্মু আৰু কাশ্মীৰত ৰাষ্ট্ৰীয় দল কংগ্ৰেছ, বিজেপি বাহিৰে ইয়াত কেইবাটাও আঞ্চলিক দল থকা দেখা পাওঁ৷ ইয়াৰ ভিতৰত অন্যতম Jammu Republic Party [JRত্ন], Jammu and Kashmir Peoples Democratic Party [PDP], Jammu and Kashmir Apni Party [JKAP],Jammu and Kashmir People’ব্দ Conference পাৰ্টি আদিৰ কথা উল্লেখ কৰিব৷ ৯০টা বিধান সমষ্টিৰে গঠিত ৰাজ্যখনত বিশেষ ৰাজ্যৰ মৰ্যাদা থকাৰ কাৰণে ছয় বছৰ কাৰ্য্যকাল আছিল৷ বিগত ২০১৯ চনৰ প্ত তাৰিখত সংসদত সৰ্বসন্মতিক্ৰমে ৰাজ্যখনত প্ৰযোজ্য ধাৰা নং ৩৭০ আৰু৩৫[ক] ভংগ কৰি দিয়ে৷ তেতিয়াৰ পৰা ৰাজ্যখনত অন্যান্য ৰাজ্যসমূহৰ দৰে পাঁচ বছৰ কাৰ্য্যকালৈ হ্ৰাস পায়৷ কিন্তু ধাৰা নং ৩৭০ আৰু৩৫[ক] ভংগ কৰাৰ পাছত জিলা উন্নয়ন পৰিষদ[DDC] নিৰ্বাচনৰ বাহিৰে কোনো ধৰণৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই৷ বৰ্তমান ৰাজ্যখন কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ বাবে উপ-ৰাজ্যপালে পৰিচালনা কৰে৷ কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হ’লে অন্যান্য ৰাজ্যসমূহতকৈ অধিক ধন খৰচ কৰিব লাগে বুলি ক’ব পাৰি ৷ কিয়নো এটা ভোটকেন্দ্ৰ ভোটাৰতকৈ অধিক সুৰক্ষা বাহিনী নিয়োগ কৰিব লাগে ৷ ইমানবোৰ সুৰক্ষা বাহিনী নিয়োগ কৰাৰ পাছতো কোনো কোনো ভোট কেন্দ্ৰত এক শতাংশও ভোটাৰে ভোটদান কৰা দেখা নাপাওঁ৷ কাৰণ ৰাজ্যখন সন্ত্ৰাবাদীৰ প্ৰভাৱিত অঞ্চল৷ ইয়াৰ সন্ত্ৰাবাদী সংগঠন সমূহে ৰাজনীতি নেতাকো হত্যা কৰা দেখিবলৈ পাওঁ৷ বিশেষকৈ নিৰ্দিষ্ট এটা ৰাজনীতি দলৰ ওপৰত অধিক লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা যায়৷ সেয়ে কাশ্মীৰত নতুন ৰাজনীতিক নেতা জন্ম হোৱা দেখিবলৈ নাপাওঁ৷ ইয়াত মাত্ৰ কেইজন ব্যক্তিৰ দ্বাৰাহে ৰাজনীতি দলসমূহ পৰিচালিত হৈ আছে বুলি ক’ব পাৰি৷ যদিহে এনেকৈয়ে পৰিচালিত হৈ থাকে তেতিয়া ভৱিষ্যতেও কাশ্মীৰত ৰাজনৈতিক সমস্যা সমাধান সম্ভৱনেঞ্জ
কাশ্মীৰ আৰু শৈক্ষিক সমস্যা:
ভাৰতৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত কাশ্মীৰ ৰাজ্যখন বৰ্তমান শিক্ষিত হাৰ ৬৮.৭৪ শতাংশেৰে দেশৰ ভিতৰত ত্ৰিশ নম্বৰ স্থানত আছে৷ ইয়াৰ কাৰ্যালয়ত ব্যৱহিত ভাষা উৰ্দু আৰু ইংৰাজী৷ সেইকাৰণে বিদ্যালয়ৰ পাঠ্যক্ৰমত স্থানীয় উৰ্দু ভাষা অধিক গুৰুত্ব দিয়ে৷ কাশ্মীৰৰ চৰকাৰী বিদ্যালয়সমূহ বিশেষ আন্তঃগাঠনিৰো উন্নয়ন দেখা নাপাওঁ৷ তদুপৰি বিদ্যালয়ত ইউনিফৰ্মৰ ব্যৱহাৰ বহুত কম দেখিবলৈ পাওঁ৷ ইয়াৰ বিপৰীতে ছাত্ৰবোৰে যি মন যায় এইবোৰকে বিদ্যালয়ত পৰিধান কৰি আহে আৰু ছাত্ৰীয়ে ইয়াত প্ৰচলিত বোৰ্খা পৰিধান কৰি বিদ্যালয়ত পাঠগ্ৰহণ কৰিবলৈ আহে৷ উল্লেখ যে কাশ্মীৰৰ উচ্ছ শিক্ষিত লোক সকলৰ ভিতৰত সৰ্বাধিক লোকে ৰাজ্যখনৰ পৰা বাহিৰত শিক্ষা গ্ৰহণ কৰা দেখিবলৈ পাওঁ৷ ৰাজ্যখনৰ শৈক্ষিক দিশ শোচনীয় হোৱাৰ মূল কাৰণ হৈছে সন্ত্ৰাবাদী সমস্যা৷ আমি দৃষ্টি গোচৰ হোৱাৰ পৰা অনুভৱ কৰিব পাৰোঁ যে ইয়াৰ দেৱৰূপী কণমানি এটাও সন্ত্ৰাসৰ বলি হোৱা দেখা পাওঁ৷ কিয়নো যদিহে তেওঁলোকৰ মাজৰ পৰা প্ৰায়েই সুৰক্ষা বাহিনীক নানা ধৰণৰ কঠোৰ বাক্য প্ৰয়োগ কৰা দেখিবলৈ পাওঁ৷ এনেদৰে শিক্ষাতকৈ সন্ত্ৰাসৰ শিক্ষা গ্ৰহণ কৰি থাকে তেতিয়া হ’লে কাশ্মীৰ শৈক্ষিক দিশত বিশেষ আগবাঢ়ি যাবলৈ সক্ষম নহ’ব৷
কাশ্মীৰ আৰু যোগাযোগৰ সমস্যা:
ভাৰতৰ পৰ্যটনৰ থলী হিচাপে খ্যাত জম্মু আৰু কাশ্মীৰ একবিংশ শতিকাতো যোগাযোগৰ বিশেষ পিছপৰি থকা দেখা পাওঁ৷ কাৰণ ৰাজ্যখন সন্ত্ৰাবাদী সমস্যাৰে জৰ্জৰিত৷ সেয়ে সময়ে সময়েই ফোন-ইKI×াৰনেট আদি বন্ধ কৰি দিয়া দেখিবলৈ পাওঁ৷ আমি ৰাজ্যখনলৈ বিগত ২০১৮ চনৰ আগষ্ট মাহত উপস্থিত হওঁ৷ বিগত সময়চোৱাৰ পৰা বৰ্তমানলৈ যদিহে যোগাযোগৰ বিেষণ কৰিবলৈ যাওঁ তেতিয়া হ’লে বহু বাৰু যোগাযোগ স্তব্ধ হৈ দেখিবলৈ পালোঁ৷ ইয়াৰ ভিতৰত অন্যতম প্ত আগষ্ট ২০১৯ তাৰিখৰ পৰা ১৪ অে”াবৰ ২০১৯ তাৰিখ পৰ্যন্ত যোগাযোগ বন্ধ কৰি দিয়া হৈছিল৷ বন্ধ কৰি দিয়াৰ মুল কাৰণ আছিল কাশ্মীৰত প্ৰযোজ্য হৈ থকা ধাৰা নং ৩৭০ আৰু৩৫[ক] ভংগ কৰা৷ তদুপৰি ২০২০ চনতো দুইটা দিনৰ বন্ধ কৰি ছিল৷ আকৌ ২০২১ চনত Jamaat-ঙ্গ-Islami Kashmirৰ নেতা চয়েড আলি শ্বাস গীলানিৰ মৃত্যুৰ সময়তো ০১য০৯য২০২১ ৰ পৰা ০৪য০৯য২০২১লৈ তিনি পৰ্যন্ত যোগাযোগ স্তব্ধ কৰি দিয়া পৰিলক্ষিত হৈছিল৷ কাশ্মীৰত যোগাযোগ স্তব্ধ কৰি দিয়াৰ মুল কাৰণ হৈছে সন্ত্ৰাবাদী প্ৰতিৰোধ কৰা৷ ইয়াত অৰ্থাৎ কাশ্মীৰত ইKI×াৰনেট কৰ্টন কৰি দিয়াটো নতুনত্ব হৈ থকা নাই৷ ইয়াত সুৰক্ষা বাহিনী আৰু সন্ত্ৰাবাদীৰ মাজত সংৰ্ঘষ হ’লে ইKI×াৰনেট কৰি দিয়া দেখা পাওঁ৷
ভূ-স্বৰ্গ হিচাপে খ্যাত কাশ্মীৰ যদিহে পৰৰ্ৱতী সময়তো এনেদৰে সমস্যাৰ সন্মুখীন হৈ থাকে তেতিয়া হ’লে নৱ প্ৰজন্মৰ মাজত উন্নয়নৰ প্ৰভাৱ পেলাব এইটো অনুমেয়৷ ইয়াত সততে সংঘটিত মানৱ বিৰোধী কাৰ্য্যই ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে কাশ্মীৰৰ পৰ্যটনৰ ক্ষেত্ৰত ক্ষতিকাৰক হ’ব বুলি গণ্য কৰিব পাৰোঁ৷ পৰ্যটনৰ উপৰিও বেপাৰ-বানিজ্যৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিব ৷ কিয়নো বিগত ২০১৯ চনত কাশ্মীৰৰ পৰা জম্মু অভিমুখী আপেল ১৫ানিকৃত ট্ৰাকৰ চালকক সন্ত্ৰাবাদীয়েই ৰামবন নামৰ ঠাইত নৃশংস ভাৱে হত্যা কৰিছিল৷ এই সকলোবোৰ সমাধানৰ বাবে চৰকাৰৰ সমান্তৰালকৈ কাশ্মীৰৰ জনসাধাৰণে সজাগ হোৱা অত্যন্ত প্ৰয়োজনীয় আছে বুলি ক’ব পাৰি৷ কিয়নো ইয়াৰ স্থানীয় লোকে সন্ত্ৰাবাদী সংগঠন সমূহক সাধাৰণতে সমৰ্থন কৰা দেখিবলৈ পাওঁ৷ সেয়েহে ইমান চেষ্টাৰ পাছতো চৰকাৰে সন্ত্ৰাবাদী নিৰ্মূল কৰাত ব্যৰ্থ হৈছে বুলি ক’ব পাৰোঁ৷ কাশ্মীৰৰ উন্নয়নৰ মুল হেঙাৰ স্বৰূপ সন্ত্ৰাবাদী সংগঠন নিৰ্মূল কৰাটো অতিকৈ আৱশ্যক৷ তেতিয়াহে কাশ্মীৰ সমগ্ৰ বিশ্বতে ভূ-স্বৰ্গ হিচাপে পৰিচিত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here