Home Main Stories দুমাহৰ ভিতৰত শুভাৰম্ভ কৰা হ’ব নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ১০০ মেগাৱাট ৰিপ্লেচমেন্ট...

দুমাহৰ ভিতৰত শুভাৰম্ভ কৰা হ’ব নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ১০০ মেগাৱাট ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্ট : শক্তিমন্ত্ৰী বিমল বৰা

88
0

তিনিমাহৰ ভিতৰত এপিডিচিএলৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব; নাগৰিকত্ব সংশোধনী আইনৰ জড়িয়তে অসমলৈ কোনো নতুন মানুহ নাহে : বিমল বৰা

প্ৰনামী মহন্ত , গন বাৰ্তা, ২৯ মে : নাহৰকটীয়াঃ”অহা দুমাহৰ ভিতৰত মুকলি কৰা হ’ব নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ১০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামৰূপ ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্ট”,শণিবাৰে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত উপস্থিত হৈ এই কথা ঘোষণা কৰে শক্তি,পৰ্যটন ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ মন্ত্ৰী বিমল বৰাই।উল্লেখ্য যে,৫৩৪ কোটি টকা ব্যায় সাপেক্ষে ২০০৯ চনতেই আধাৰশিলা স্থাপন কৰা নামৰূপ ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্টটো ২০২০ বৰ্ষৰ ২৮ মেত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভাৰম্ভ কৰা কথা আছিল যদিও নিৰ্দিষ্ট সেই দিনটোত গেছ টাৰ্বাইনত ইনচুলেশ্যনত পাংচাৰ হোৱাত প্ৰকল্পটো শুভাৰম্ভ নহ’ল।ইফালে আধাৰশিলা স্থাপনৰ ৩৬ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ কথা আছিল যদিও নিৰ্মাণকাৰ্যত জড়িত ভাৰত হেভী ইলেকট্ৰীকেলচ লিমিটেড চমুকৈ ভেলৰ গাফিলতিৰ বাবে এই প্ৰকল্পটোত বাৰে বাৰে যান্ত্ৰিক বিজুতি ঘটাত এটা যুগ অতিক্ৰম কৰাৰ পিছত প্ৰকল্পটি শুভাৰম্ভ কৰিব নোৱাৰিলে শক্তি বিভাগে।শণিবাৰে নামৰূপৰ এই প্ৰকল্পটিত উপস্থিত হৈ শক্তিমন্ত্ৰী বিমল বৰাই প্ৰকল্পটি তন্ন তন্নকৈ পৰিদৰ্শন কৰি তাপ বিদ্যুৎ কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত দুমাহৰ ভিতৰত প্ৰকল্পটো শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে।ইফালে শক্তি মন্ত্ৰীগৰাকীয়ে ২০১৯ বৰ্ষত অনুষ্ঠিত হোৱা এপিডিচিএলৰ লিখিত পৰীক্ষাৰ ফলাফল তিনিমাহৰ ভিতৰত ঘোষণা কৰিব বুলিও প্ৰকাশ কৰে।আনহাতে আজি কেন্দ্ৰীয় চৰকাৰে দেশত নাগৰিকত্ব সংশোধনী আইন -২০১৯ৰ জড়িয়তে হিন্দু শৰণাৰ্থীক নাগৰিকত্বক প্ৰদানৰ বাবে আবেদন আহ্বান কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি “নাগৰিকত্ব আইন আগতেও সংশোধন হৈছিল এতিয়াও হৈছে,এইয়া এখন আইন আৰু আইনৰ নীতি নিয়মৰ মাজেৰে সকলো হ’ব, নতুনকৈ অসমত কোনো লোক নাহে”,বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।এই অনুষ্ঠানত শক্তি মন্ত্ৰীজনৰ সৈতে কেন্দ্ৰীয় খাদ্য সংশাধন মন্ত্ৰী ৰামেশ্বৰ তেলী,এপিডিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, পৰিচালন সঞ্চালক কল্যানী বৰুৱা, এপিএলৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱা, বিজেপিৰ জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা আদি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here