Home অসম বৰাকত বানৰ তাণ্ডৱ, অট্টালিকাৰ প্ৰথম মহলালৈ মহাপ্ৰলয় : ভুবনেশ্বৰৰ পৰা অহা ১০৫...

বৰাকত বানৰ তাণ্ডৱ, অট্টালিকাৰ প্ৰথম মহলালৈ মহাপ্ৰলয় : ভুবনেশ্বৰৰ পৰা অহা ১০৫ জনীয়া দলৰ অভিযান আৰম্ভ

67
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ জুন: ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমান্তৰালভাৱে এতিয়া বৰাক উপত্যকাত বানে তাণ্ডৱলীলা অব্যাহত ৰাখিছে৷ বৰাক উপত্যকাত এতিয়া বানে প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিছে৷ মিজোৰাম, মেঘালয়, ডিমা হাছাওৰ পাহাৰত হোৱা প্ৰবল বৰষুণৰ ফলত জলকূপত পৰিণত হৈছে সম্পূৰ্ণ বৰাক উপত্যকা৷ অৱস্থা ইমানেই শোচনীয় হৈছে যে অট্টালিকাৰ প্ৰথম মহলা পৰ্যন্ত বুৰ গৈছে৷ বৰাকৰ অৱস্থা শোচনীয় হৈ পৰাত আজি ভুবনেশ্বৰৰ পৰা অহা ১০৫জনীয়া বিশেষ এনডিআৰএফ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে৷ ইতিমধ্যে কাছাৰ আৰু কৰিমগঞ্জ প্ৰশাসনে চ্ছ জুনলৈ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে৷ আজিও বৰাকৰ কুচিয়াৰা আৰু লংগাই নদী বিপদসীমাৰ বহু ওপৰেৰে বৈ আছে৷ বানৰ তাণ্ডৱ ইমানেই অধিক হৈছে যে কিছু কিছু অঞ্চলত উদ্ধাৰকাৰ্য চলাব পৰা নাই প্ৰশাসনে৷ আনহাতে, কৰিমগঞ্জ প্ৰশাসনে জিলাখনত সকলো দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচল বন্ধ ঘোষণা কৰিছে৷ লক্ষণীয় যে সম্প্ৰতি ৰাজ্যৰ ৩২খনকৈ জিলা বানৰ কবলত পৰিছে৷ বৰপেটা, বজালী, বিশ্বনাথ, বঙাইগাঁও, বাক্সা, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কামৰূপ [ম], কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা, তামুলপুৰ, তিনিচুকীয়া আৰু ওদালগুৰিত বানে তাণ্ডৱ অব্যাহত আছে৷ বিশেষকৈ নামনি অসমত ভূটানৰ নদীবান্ধৰ পানীয়ে এখনৰ পিছত আনখন গাঁও বুৰাই আছে৷ এতিয়াও কে’বাখনো গাঁৱলৈ বান সম্প্ৰসাৰিত হৈ আহিছে৷ ৰাজ্যত ১২৫টা ৰাজহ চক্ৰলৈ বান সম্প্ৰসাৰিত হৈছে৷ উল্লেখ্য যে এতিয়ালৈকে ৰাজ্যত প্ৰায় প্ত,৫৭৭খন গাঁও বানৰ কবলত পৰিছে৷ বজালী জিলাত ১৭৩, বৰপেটাত ৬০৯, গোৱালপাৰাত ৩৬৯, ধুবুৰীত ৭২১, কামৰূপত ৪২৫, নলবাৰীত ৩১০,দদৰঙত ৪৫৭, নগাঁও ৩০৬, কৰিমগঞ্জত ৪৫৪খন গাঁও জলমগ্ন হৈছে৷ উল্লেখ্য যে ভূটান আৰু মেঘালয়ৰ পানীয়ে বৰপেটা, নলবাৰী, বঙাইগাঁও, কামৰূপ, দৰং, গোৱালপাৰা আৰু ধুবুৰী জিলাত ব্যাপক সংহাৰী ৰূপ লৈছে৷ তুলনামূলকভাৱে বৰষুণ কমিছে যদিও ধলপানীৰ বাবে কামৰূপ, বৰপেটা আৰু নলবাৰী বানৰ প্ৰবলতা বাঢ়িয়ে আছে৷ উল্লেখ্য যে ৰাজ্যত প্ৰলয়ংকৰী বানত এতিয়ালৈ ৫৫,৪২,০৫৩ লোক আক্ৰান্ত হৈছে৷ তদুপৰি ৰ,০৮,৩০৬ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে৷ ইপিনে, বানে অঞ্চলজুৰি বাট-পথৰ বিভিন্ন অংশ ছিগি নিয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ তদুপৰি কে’বাস্থানত আৰচিচি দলং উটুৱাই নিছে৷ ৰাজ্যত নতুনকৈ ৩১৬টা পথ বানে বিভিন্ন অংশত ছিগি নিছে৷ বৰপেটাত চ্ছটা, ধুবুৰীত ৫৯টা, দৰঙত ৩৩, কোকৰাঝাৰ ৫৪, নলবাৰীত ৫৩টা, নগাঁৱত ২৭ মৰিগাঁও তিনিটা পথ উটুৱাই নিছে৷ ইপিনে, বানৰ ফলত বজালীত দুখন, মৰিগাঁৱত এখন, নলবাৰীত এখন, শোণিতপুৰত এখন দলং ক্ষতিগ্ৰস্ত হৈছে৷ ইতিমধ্যে এনডিআৰএফ আৰু এছডিআৰএফ সেনাবাহিনী নিয়োজিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰখা হৈছে৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাজ্যত ২,৬২,১৫৫টা অস্থায়ী সাহায্য শিবিৰ স্থাপন কৰা হৈছে৷ লক্ষণীয় যে বানৰ বাবে নামনি অসমৰ বিভিন্ন স্থানত বিদ্যালয়সমূহ বন্ধ কৰা হৈছে৷ ইপিনে, বৰাকত হোৱা প্ৰলয়ংকৰী বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ওড়িশাৰ পৰা এনডিআৰএফৰ বিশেষ দল মোতায়েন কৰা হৈছে৷ উল্লেখ্য যে ৰাজ্যত সম্প্ৰতি উদ্ধাৰ কাৰ্যত এনডিআৰএফ-এছডিআৰএফৰ লগতে সেনা আৰু বায়ু সেনাবাহিনীক নিয়োজিত কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here