Home অসম ফুলগুৰি ধেৱাৰ ১৬০ বছৰীয়া তেজৰঙা ইতিহাস, আজিও উপেক্ষিত প্ৰথম কৃষক বিদ্ৰোহৰ শ্বহীদ...

ফুলগুৰি ধেৱাৰ ১৬০ বছৰীয়া তেজৰঙা ইতিহাস, আজিও উপেক্ষিত প্ৰথম কৃষক বিদ্ৰোহৰ শ্বহীদ পৰিয়াল

216
0


গণ বাৰ্তা, ননৈ, ১৮ অক্টোবৰ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ ব্ৰিটিছ চৰকাৰৰ চৰম শোষণ উৎপীড়ন আৰু কৃষকবিৰোধী কৰ নীতিৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা৷ কাইলৈ ফুলগুৰিৰ ঐতিহাসিক তেজৰঙা, কৃষক বিদ্ৰোহে ১৬০ বছৰ অতিক্ৰমিব৷ উল্লেখ্য, ১৮৬১ৰ এই তেজৰঙা ঐতিহাসিক কৃষক বিদ্ৰোহত অবিভক্ত নগাঁও জিলাৰ বহু নিৰীহ কৃষকে প্ৰান হেৰুৱাব লগীয়া হৈছিল৷ সেই তেজৰঙা ইতিহাসৰ বুৰঞ্জী আজিও সজীৱ হৈ আছে৷ অবিভক্ত নগাঁও জিলাৰ ৰাইজৰ মনত৷ সেয়া আছিল ১৮৬১ৰ ১৮ আৰু ১৯ অক্টোবৰ৷ নগঞা প্ৰতিবাদী কৃষকৰ হুংকাৰ ব্ৰিটিছ সেনাৰ বন্দুকৰ গৰ্জনত কঁপি উঠিছিল নগাঁও জিলাৰ ফুলগুৰিৰ কলঙৰ পাৰ৷ নিৰীহ কৃষকৰ তেজেৰে ৰাঙলী হৈছিল ফুলগুৰিৰ বৰ আঁহতৰ তল৷ উল্লেখ্য, ১৮৬১ চনৰ ১৮ অক্টোবৰত অবিভক্ত ফুলগুৰিৰ তিনিজোপা বৰ আঁহতৰ তলত সাতো ৰজা আৰু পাঁচো ৰজাৰ সহযোগত আৰু ৰহা চকী ৰহিয়াল বৰুৱাৰ নেতৃত্বত ফুলগুৰি, জাগীয়াল, ডিমৌ , কাছমাৰী, মায়াং, মোলানকাটা, ঔগুৰি, দেউবালি, কামপুৰ আদি ঠাইৰ পৰা কৃষকসকল ইংৰাজৰ কৰ নীতিৰ প্ৰতিবাদত ৰাইজ মেলত মিলিত হয়৷ ৰাইজ মেলৰ কথা গম পাই তেতিয়াৰ জিলাধিপতি লেফটেনেণ্ট স্কন্‌ছ খঙত অগ্নিশৰ্মা হৈ পৰিল আৰু নগাঁৱলৈ নতুনকৈ অহা ডেকা চাহাব লেফটেনেণ্ট ছিংগাৰক কেইজনমান চিপাহী লগত দি ফুলগুৰিলৈ প্ৰেৰণ কৰিলে৷ সভাস্থলীত উপস্থিত হৈ সমবেত জনতাৰ লাখুটি দেখি ছিংগাৰ চাহাব কিংকৰ্তব্যবিমূঢ় হৈ পৰিল৷ তেওঁ লাঠীসহ মূৰৰ পাগুৰিবোৰ কাঢ়ি আনিবলৈ পিছ মুহূৰ্ততে চিপাহীক নিৰ্দেশ দিলে৷ ব্ৰিটিছ সৈন্যই লাখুটি আৰু পাগুৰি কাঢ়ি আনিবলৈ জোতা-পোতা লগাওঁতেই দেউবালিৰ বলৱান পুৰুষ বাহু কৈৱৰ্তই লাখুটিৰে ছেগ চাই ছিংগাৰ চাহাবক প্ৰচণ্ড কোব শোধায়৷ তাৰ পিছত অনেকৰ লাঠীৰ কোব ছিংগাৰৰ মূৰত পৰাত আধামৰা অবস্থাত ছিংগাৰ চাহাবক ৰাইজে চোঁচোৰাই নি কলঙত উটুৱাই দিলে৷ অন্য তিনিজন চিপাহীয়েও ৰাইজৰ মাৰত ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়৷ ইয়াৰ পিছত ডিমৌবিল আৰু ঘাঁহীত ইংৰাজৰ চিপাহীৰ লগত কৃষকসকলৰ তয়াময়া ৰণ হয়৷ ছিংগাৰ চাহাবক হত্যা কৰাৰ পোতক তুলিবলৈ চাৰি দিনৰ পিছত কেম্পবেল চাহাবৰ নেতৃত্বত বহুতো ব্ৰিটিছ সৈন্য ফুলগুৰিলৈ আহে৷ সেইদিনা ফুলগুৰিতেই কৃষক বিদ্ৰোহীসকলৰ আঁচনি প্ৰস্তুতৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ আছিল৷ সভাৰ পৰা কোনো ওলাব নোৱাৰাকৈ ইংৰাজ চিপাহীয়ে আগুৰি এফালৰ পৰা গুলীয়াবলৈ ধৰিলে৷ ফলত ঘটনাস্থলীতেই ৩৯জন লোকৰ আৰু পিছত অন্য ১৫জন লোকৰ মৃত্যু হয়৷ বহুজন চিৰকালৰ বাবে পংগু হয়৷ মৃত আৰু আহতৰ তেজেৰে কলঙৰ পানী ৰাঙলী হ’ল৷ মৃত্যু হোবা লোকৰ মৰা শৰ গোন্ধত মানুহ থাকিব নোৱাৰা হয়৷ ইয়াৰ পিছতেই ৰহা আৰু ফুলগুৰিত বিট্ৰিছ সৈন্যৰ অত্যাচাৰ বাঢ়ি যোৱাত গত্যন্তৰ হৈ লক্ষণ সিং ডেকা, ৰংবৰ ডেকা আৰু চাংবৰ লালুঙে ছিংগাৰ চাহাবক বধ কৰাৰ কথা স্বীকাৰ কৰাত তিনিওজনকে নগাঁও কাৰাগাৰত ফাঁচি দিয়া হয়৷ তদুপৰি ৰূপছিং, চিপছিং নৰছিং হেৰৰ লালুং, বাহু কৈৱৰ্ত, কাটিয়া লালুং, মহি কোচ, কোলাছিং ডেকা, হেবেলা লালুং, শাকৰ লালুং আদিক যাৱজ্জীৱন কাৰাদণ্ডিত কৰি কলিয়াপানীলৈ প্ৰেৰণ কৰা হয়৷ অন্য ৫০জন লোকক ১০ বছৰ পৰা এবছৰলৈ বিভিন্ন কাৰাদণ্ড বিহা হয়৷ উল্লেখ্য যে ফুলগুৰিৰ কৃষক বিদ্ৰোহ দমন কৰা হ’ল যদিও পৰৱৰ্তী কালত ব্ৰিটিছ শাসকে কৰ-কাটলৰ বোজা হ্ৰাস কৰিবলৈ বাধ্য হয়৷ আনহাতে পৃথিৱীৰ কোনো শাসকেই বৰ্বৰ দমনেৰে মুক্তিকামী কৃষকৰ সংগ্ৰামী উদ্যমক নিঃশেষ কৰিব নোবাৰে৷ তাৰ উজ্জ্বল নিদৰ্শন হ’ল ১৮৯৪ চনৰ কামৰূপ জিলাৰ ৰঙিয়া আৰু দৰং জিলাৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহ৷ স্বৰ্তব্য যে ১৯৬১ চনৰ বুৰঞ্জীবিদ [ফুলগুৰি ধেৱাৰ লেখক] বেণুধৰ কলিতাৰ উদ্যোগত তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহাৰ সহযোগত প্ৰথমবাৰলৈ ফুলগুৰিৰ ধেৱাৰ শতবাৰ্ষিকী পালন কৰা হয় যদিও আজিলৈকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহৰ সভা চৰকাৰী পৃষ্ঠপোষকতাত হোৱা নাই৷ আনহাতে, ফুলগুৰি ধেৱাত প্ৰাণ আহুতি দিয়া পৰিয়ালৰ লোকসকল আজিও উপেক্ষিত হৈ আছে৷ ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৫ বছৰ হ’ল৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহৰ এই শ্বহীদসকলৰ পৰিয়াল আজিও উপেক্ষিত হৈ ৰ’ল৷ তদুপৰি আজিও বিস্মৃতিৰ গৰ্ভত ১৮৬১ চনৰ তেজে ধোৱা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here