পৰাণজ্যোতি বৰা, মাজুলী, ১১, নৱেম্বৰ: মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত আজিৰ পৰা আৰম্ভ হ’ল ৩৭৭ বছৰীয়া পৰম্পৰাৰে পালনাম মহোৎসৱ৷পালনামত প্ৰণালীৱদ্ধভাৱে পাল পাতি পাতি ভগৱানৰ নাম-কীতৰ্ন অখণ্ডতা ৰক্ষা কৰি এক নিৰ্দিষ্ট সময়লৈকে গোৱা নাম৷ আউনীআটী সত্ৰৰ পালনামত সত্ৰৰ কীৰ্তন ঘৰৰ সোঁমাজত ভাগৱত আৰু তাৰপিছত এখন হেঙুল হাইতাল বোলোৱা নৌকা প্ৰতিষ্ঠা কৰাৰ পাছত চাৰিহাটীৰ ভকতসকলে পালপাতি নামঘোষাৰ নিৰ্বাচিত অংশ গায়৷ পালনামত সত্ৰৰ চাৰিওহাটীয়ে পাল পাতি নাম ডাকে৷ সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ শাৰদীয় উৎসৱৰ ভিতৰত মূলতঃ ৰাস আৰু পালনামকেই যুগ যুগ ধৰি শাৰদীয় মুখ্য উৎসৱ হিচাপে মাজুলীবাসীয়ে গন্য কৰি আহিছে৷ সেই অনুসৰি আজিৰে পৰাই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনী আটী সএত পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো ৬ দিনীয়াকৈ শাৰদীয় প্ৰথমটো উৎসৱ মহাপালনাম মহোৎসৱৰ আৰম্ভ হৈছে৷ অহা প্ৰায় ৬ টা দিনতেই পালনাম ভাগিলৈ ভক্ত প্ৰাণ ৰাইজক সভক্তিয়ে আদৰিবলৈ সত্ৰাধিকাৰ সমন্বিতে বৈষ্ণৱ বৃন্দ আৰু সমূহ অঞ্চলবাসী সাজু হৈ উঠিছে৷ পৰম্পৰাগতভাৱে সত্ৰখনত কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ পালনাম পালন কৰা হয় যদিও এইবাৰ ২৪ কাতি অৰ্থাৎ আজিৰ পৰাই এই মহা পালনামৰ অনুষ্ঠিত হৈছে৷ এই পালনাম উৎসৱলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভক্ত সকলৰ সমাগম ঘটাৰ লগতে দেশী-বিদেশী পৰ্যটক সকলেও আহি বৃহৎ অনুষ্ঠানটিৰ আধ্যাত্মিকতাৰ মাজত বিলীন হৈ পৰে৷ইফালে আজি মহাপালনামৰ প্ৰথম দিনটোতেই সত্ৰখনৰ ১০০ দিনত নিৰ্মাণ কৰি উলিওৱা বাহিৰ কৰাপাট উদ্বোধন কৰে মাজুলী জিলাৰ নৱনিযুক্ত উপায়ুক্ত পুলক মহন্তই৷ কৰাপাট উন্মোচনৰ আদৰণী ভাষণত সত্ৰাধিকাৰ ড॰ পীতাম্বৰদেৱ গোস্বামীয়ে সত্ৰখনত বৰদৈয়া জাপি আকৃতিৰ সুন্দৰ কৰাপাট নিৰ্মাণৰ কামত মুখ্য ভূমিকা পালন কৰা ৰাজমিষ্টি কৃষ্ণ বৰুৱাৰ শলাগ লোৱাৰ লগতে সত্ৰখনত এটি মহৎকাৰ্য সম্পন্ন হোৱা বুলি ব্যক্ত কৰে৷ এখন ৰাজকীয় সত্ৰৰ চিন হিচাপে গঢ় লৈ উঠা গাম্ভীৰ্যপূৰ্ণ কৰাপাটটিৰ আজি উদঘাতনৰ সময়ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱ গোস্বামীয়ে ভাষণ প্ৰসংগত বিশেষভাৱে সলাগ জ্ঞাপন কৰে৷ইফালে আউনীআটী সত্ৰৰ কৰাপাট উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত মাজুলীৰ উপায়ুক্ত পুলক মহন্তই কয় যে- আউনীআটী সত্ৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰিলেই এক আধ্যাত্মিকতা চেতনা পোৱা যায়৷ আজি উদ্বোধন হোৱা কৰাপাটটিয়ে সত্ৰ খনিক এক অনন্য মাত্ৰা প্ৰদান কৰিলে৷ এশ দিনত সম্পূৰ্ণ কৰি তোলা কৰাপাটটোৰ লগত জড়িত সকলোলৈকে উপায়ুক্তই ধন্যবাদ জনায়৷ইফালে মাজুলীৰ ৰাসোৎসৱ সন্দৰ্ভত ক’বলৈ গৈ উপায়ুক্ত ই কয় যে- মাজুলীৰ ঐতিহ্য ৰাখি সময়ৰ লগত খোজ পেলাব লাগিব৷ মাজুলী খন চাৰি বছৰৰ ভিতৰত এখন অনন্য জিলালৈ ৰূপান্তৰ কৰাৰ মোৰ লক্ষ্য আছে৷ মাজুলীৰ ৰাস পৰম্পৰা ৰক্ষা কৰি এছ অ’ পিৰ মাজতে কৰিম বুলি তেওঁ লগতে উল্লেখ কৰে৷ উপায়ুক্ত ই সত্ৰৰ চৌহদতে এটি গছপুলিও ৰোপণ কৰে৷ অনুষ্ঠানত মাজুলীৰ আৰক্ষী অধীক্ষক গৌতম বৰা, মাজুলীৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক নীল পেগুকে ধৰি আউনীআটী উচ্ছ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে সত্ৰৰ বৈষ্ণৱ সকল উপস্থিত থাকে৷ ইফালে চৰকাৰৰ ক’ভিড নীতিৰ মাজেৰে সত্ৰখনত পালনাম অনুষ্ঠিত কৰিছে যদিও ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰ চৌহদত পূৰ্বৰ দৰে এইবাৰ ব্যৱসায়িক মেলা পাতিবলৈ অনুমতি প্ৰদান কৰা নাই৷ অৱশ্যে সৰু-সুৰা দুই এখন দোকান দিয়াৰ অনুমতি দিবলৈ সত্ৰাধিকাৰে উপায়ুক্তৰ প্ৰতি অনুষ্ঠানতে আহ৩ান জনায়৷