Home Uncategorized আফগানিস্তান এৰিলে আমেৰিকাই : তালিবানৰ দখলত কাবুল বিমানবন্দৰ

আফগানিস্তান এৰিলে আমেৰিকাই : তালিবানৰ দখলত কাবুল বিমানবন্দৰ

475
0

ৱাশ্বিংটন-কাবুল, ১ ছেপ্তেম্বৰ : অৱশেষত আফগানিস্তান এৰিলে আমেৰিকাই। তালিবানৰ সকীয়নি আৰু নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰতেই আফগানিস্তানৰ পৰা বিদায় ল’লে মাকিন সেনাই। যোৱানিশা ১২ বজাৰ পূৰ্বেই মাকিন সেনাৰ অন্তিমখন উৰা জাহাজে আফগানিস্তানৰ কাবুল বিমানবন্দৰৰ পৰা উৰা মাৰে আৰু লগে লগেই আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২০ বছৰ পুৰণি সামৰিক অভিযানৰ অন্ত পৰিল। কাবুল বিমানবন্দৰ সম্পূৰ্ণৰূপে এতিয়া তালিবানৰ কব্জাট। মাকিন সেনাই আফগানিস্তান এৰাৰ পিছতেই কাবুল বিমানবন্দৰ দখল কৰি তালিবান একপ্ৰকাৰ আনন্দত আত্মহাৰা হৈ পৰে। তালিবানৰ প্ৰতিগৰাকী সদস্যই হাতত অত্যাধুনিক মৰণাস্ত্ৰ লৈ শূণ্যলৈ গুলীবৰ্ষণ কৰি আনন্দ-উল্লাস কৰে। মাকিন সেনাই আফগানিস্তান ত্যাগ কৰাটো শত্ৰুৰ বাবে এক মোক্ষম আঘাত। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়ে কাবুল বিমানবন্দৰ এৰাৰ পূৰ্বেই মাকিন সেনাই ইচ্ছাকৃতভাৱে তেওঁলোকৰ দখলত থকা সকলো যুঁজাৰু বিমন, হেলিকপ্তাৰ আৰু সহস্ৰ বাহন নি ক্ৰয় কৰে। যাতে তালিবানৰ হাতত পৰা সত্ত্বেও সেই অস্ত্ৰসমূহ ব্যৱহাৰ কৰিব নোৱাৰে। ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ ১৫ দিনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে ইয়াৰ অসামৰিক লগ আৰু সহায়কসকলক সুৰক্ষিতভাৱে আমেৰিকালৈ ঘূৰাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। মাকিন সেনাই কাবুল বিমানবন্দৰ এৰাৰ পূৰ্বে বিমানবন্দৰত থকা হাইটেক ৰকেট ডিফেন্স ছিষ্টেম নিক্ৰয় কৰিছে। মাকিন সেনাৰ বিষয়া কেনেট মেকেঞ্জীয়ে জানিবলৈ দি কয় যে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইতিমধ্যে ৭৩খন বিমান কমাণ্ডৰ পৰা অসামৰিকৰণ কৰা হৈছে। অৰ্থাৎ সেইবোৰ কোনো সামৰিক অভিযানত ব্যৱহাৰ নহ’ব। এই বিমানবোৰ এতিয়া অপ্ৰয়োজনীয়। আমেৰিকা যুক্তৰাষ্ট্ৰই এই ১৫ দিনত আফগানিস্তানৰ পৰা প্ৰায় ১.২৫ নিযুত লোকক স্থানান্তৰ কৰিছে। তেওঁ আৰু কয় যে এই বিমানবোৰ আৰু কেতিয়াও আকাশত দেখা নাযাব। কোনেও সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰিব। অৰ্থাৎ আমেৰিকাই কাবুল এৰাৰ পূৰ্বেই মাকিন সেনাৰ সকলো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ, সহস্ৰ বাহন, যুঁজাৰু বাহন সম্পূৰ্ণৰূপে নি ক্ৰয় কৰে। তালিবানে সেই অস্ত্ৰসমূহ কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰিব। মাকিন সেনাৰ বিষয়াগৰাকীয়ে লগতে কয় যে পেণ্টাগন, কাবুল বিমানবন্দৰ পৰিচালনাৰ বাবে প্ৰায় ৬,০০০ সৈন্য বাহিনী গঠন কৰা হৈছিল আৰু ১৪ আগষ্টৰ পৰা মাকিন নাগৰিকক সুৰক্ষিতভাৱে প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। মাকিন সেনাই কাবুল বিমানবন্দৰত ৭০খন সহস্ৰ বাহন এৰি থৈ গৈছে। প্ৰতিখন বাহনৰ মূল্য ১ মিলিয়ন ডলাৰ। ইয়াৰ সৈতে ২৭ এইচ এম ভি এৰি গৈছে মাকিন সেনাই। মন কৰিবলগীয়া যে কাবুল বিমানবন্দৰত যাতে তালিবানে আক্ৰমণ কৰিব নোৱাৰে তথা মাকিন সেনাৰ ওপৰত আক্ৰমণ চলাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিমানবন্দৰত ৰকেট প্ৰতিৰক্ষা প্ৰণালী স্থাপন কৰিছিল। যিটো ছিষ্টেমে ৰকেট নি ক্ৰয় কৰিছিল। যাৰ বাবে কাবুল বিমানবন্দৰত বিমানসমূহ সুৰক্ষিত আছিল। এই ৰকেট প্ৰতিৰক্ষা প্ৰণালীৰ বাবেই কাবুল বিমানবন্দৰত নিক্ষেপ কৰা ৫টা ৰকেট মাকিন সেনাই নি ক্ৰয় কৰিছিল। মাকিন সেনাৰ অন্তিমখন বিমান কাবুল এৰাৰ মুহূৰ্তলৈকে সক্ৰিয় হৈ আছিল ৰকেট প্ৰতিৰক্ষাৰ প্ৰণালীটো। অন্তিম বিমানখন উৰণৰ আগমূৰ্হূতত ৰকেট প্ৰতিৰক্ষা প্ৰণালীটো নি ক্ৰয় কৰা হয়। সেই ৰকেট প্ৰতিৰক্ষা প্ৰণালীটো নি ক্ৰয় ক ৰাৰ পিছত পুনৰ ব্যৱহাৰ সম্ভৱ নহ’ব। আফগানিস্তানৰ পৰা মাকিন সেনা উভতি যোৱাৰ পিছতেই সেনাৰ দলটোক প্ৰশংসা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো ৱাইডেনে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আফগানিস্তানত আমাৰ ২০ বছৰীয়া সামৰিক অভিযানৰ অন্ত পৰিল। বিগত সময়ছোৱাত মাকিন সেনাই আমেৰিকাই বিপজ্জনক স্থানসমূহত সেৱা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ লগতে কয় যে ৩১ আগষ্ট সময় অনুসৰি আৰু কোনো সেনাই প্ৰাণ হেৰুৱাব নালাগিল। ২০ বছৰত আমেৰিকাই সামৰিক অভিযানৰ অন্ত তথা মাকিÇন সেনাই আফগানিস্তান ত্যাগ কৰাৰ পিছতেই কাবুল বিমানবন্দৰ সম্পূৰ্ণৰূপে তালিবানে নিজৰ কব্জালৈ নিয়ে।  কাবুল বিমানবন্দৰত উপস্থিত হৈ তালিবানৰ মুখপাত্ৰ জবিউল্লা মুজাহিদে সাংবাদিকৰ আগত কয় যে এইটো এটা ঐতিহাসিক সুযোগ। এতিয়া আফগানিস্তান সম্পূৰ্ণৰূপে স্বাধীন। আফগানবাসীক এই বিজয়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সকলো দেশৰ সৈতেই সু-সম্পক বজাই ৰাখিব বুলিও তেওঁ উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here